India-Indonesia Joint Statement on the State Visit by Prime Minister of India to Indonesia

July 07th, 05:15 pm

At the invitation of Indonesian President Prabowo Subianto, PM Modi is on a State Visit to Indonesia from 6-8 July 2026. PM Modi's visit reflects the shared commitment of the two leaders to achieve a substantial upward trajectory in the India-Indonesia Comprehensive Strategic Partnership. The two leaders held discussions at Istana Merdeka in Jakarta, covering the full spectrum of bilateral relations.

ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

July 07th, 03:15 pm

আজি আপোনালোকৰ মাজত উপস্থিত থকাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সৌভাগ্য। ১.৪ বিলিয়ন ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে আৰু গণতন্ত্ৰৰ মাতৃৰ এগৰাকী গৌৰৱান্বিত নাগৰিক হিচাপে মই আপোনালোকক ভাৰতৰ সকলো জনসাধাৰণৰ হৈ উষ্ম শুভেচ্ছা জনাইছো।

ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

July 07th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্কাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়ে। তেওঁ হৈছে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক আলোচনা

July 07th, 02:51 pm

চৰকাৰী ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়ালৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি প্ৰাবোৱো সুবিয়ান্টোৱে ইস্তানা মাৰডেকা (ৰাষ্ট্ৰপতি ভৱন)ত উষ্ম আদৰণি জনায়। ২০২৫ চনৰ জানুৱাৰীত ভাৰতৰ ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে অহা ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ ভাৰত ভ্ৰমণৰ পিছত এয়া আছিল দুয়োজন নেতাৰ মাজত প্ৰথমখন বৈঠক।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু জ্যেষ্ঠ নিৰাপত্তা বিষয়াসকলক সাক্ষাৎ কৰে

June 23rd, 08:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু জ্যেষ্ঠ নিৰাপত্তা বিষয়াসকলক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে সমসাময়িক বিশ্ব সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত একে গোট হৈ কাম কৰাৰ ক্ৰমবৰ্ধমান তাৎপৰ্যৰ বিষয়ত আলোকপাত কৰে।

ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা

December 17th, 12:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদ্দিছ আবাবা ৰাষ্ট্ৰীয় প্ৰসাদত ইথিঅ’পিয়াৰ ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী মাননীয় ড0 আবি আহমেদক সাক্ষাৎ কৰে। প্ৰসাদত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী ড0 আবি আহমেদে আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়।

জোহান্সবাৰ্গত জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

November 23rd, 02:18 pm

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছা ডাঙৰীয়াক সাক্ষাৎ কৰে। উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল পৰিচালনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগুৱাই নিবলৈ দক্ষিণ আফ্ৰিকাই গ্ৰহণ কৰা জি-২০ৰ প্ৰচেষ্টাৰ তেওঁ শলাগ লয়।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক

August 31st, 11:00 am

আজি (৩১ আগষ্ট) টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) নেতাসকলৰ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে মিলিত হয়।

যৌথ বিবৃতিঃ ভাৰত আৰু ব্ৰাজিল-মহান উদ্দেশ্যৰে সমৃদ্ধ দুখন আদৰ্শৱান ৰাষ্ট্ৰ

July 09th, 05:55 am

ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভাৰ আমন্ত্ৰণত ২০২৫ চনৰ ৮ জুলাইত ব্ৰাজিল ভ্ৰমণ কৰে। বিগত আঠ দশক ধৰি বন্ধুত্ব আৰু বিশ্বাসৰ মনোভাৱ ব্ৰাজিল-ভাৰতৰ সম্পৰ্কৰ আধাৰশিলা হৈ আহিছে। ২০০৬ চনত এই সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয়।

প্ৰধানমন্ত্ৰীয়ে ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ পৰিবেশ, চিঅ’পি-৩০ আৰু বিশ্ব স্বাস্থ্য অধিবেশন সম্বোধন কৰে

July 07th, 11:38 pm

প্ৰধানমন্ত্ৰীয়ে আজি পৰিবেশ, চিঅ’পি-৩০ (COP-30) আৰু বিশ্ব স্বাস্থ্য বিষয়ক অধিবেশন সম্বোধন কৰে। এই অধিবেশনত ব্ৰিকছৰ সদস্য, অংশীদাৰ দেশ আৰু আমন্ত্ৰিত ৰাষ্ট্ৰসমূহে অংশগ্ৰহণ কৰে। তেখেতে ব্ৰাজিলক বিশ্বৰ ভৱিষ্যতৰ বাবে এনে অধিক গুৰুত্বপূৰ্ণ বিষয়সমূহত অধিবেশন আয়োজনৰ বাবে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে জলবায়ু পৰিৱৰ্তন কেৱল শক্তি সমস্যাৰে মোকাবিলাকৰণেই নহয়, বৰঞ্চ ই জীৱন আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্যতা ৰক্ষাকো সূচিত কৰে। তেখেতে কয় যে ভাৰতে জলবায়ু ন্যায়ক নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰিছে আৰু সেয়ে পালন কৰিব। পৰিবেশ কাৰ্য্যৰ প্ৰতি ভাৰতৰ গভীৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখেৰে তেখেতে জনসমৰ্থক আৰু গ্ৰহ সমৰ্থক বিকাশ আৰু উন্নয়নক প্ৰসাৰিতকৰণৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে বিশদভাৱে কয়, যেনেঃ আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মিত্ৰজোঁট, গ্ল’বেল বাঅ’ফুৱেলছ এলায়েন্স, আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স, মিছন লাইফ, এক পেড় মা কে নাম [মাতৃৰ বাবে এটি গছপুলি] আদি।

ব্ৰিকছ সন্মিলনত পৰিৱেশ, COP-30, আৰু গ্ল’বেল হেল্থ বিষয়ক প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 07th, 11:13 pm

মই অতি আনন্দিত যে ব্ৰাজিলৰ অধ্যক্ষতাত ব্ৰিকছে পৰিৱেশ আৰু স্বাস্থ্য সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক গুৰুত্বসহকাৰে অগ্ৰাধিকাৰ দিছে। এই বিষয়সমূহ কেৱল আন্তঃসংলগ্নই নহয়, মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ।

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ আঁৰত উৰুগুৱেৰ ৰাষ্ট্ৰপতিৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী

July 07th, 09:20 pm

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী উৰুগুৱেৰ ৰাষ্ট্ৰপতি মহামহিম ইয়ামাণ্ডু অৰ্চিৰ সৈতে মিলিত হয়।

ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ আঁৰত বলিভিয়াৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী

July 07th, 09:19 pm

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী বলিভিয়াৰ ৰাষ্ট্ৰপতি মহামহিম লুইছ আৰ্চে কাটাকোৰাৰ সৈতে মিলিত হয়।

ৰিঅ' ডি জেনেৰিঅ' ঘোষণা- অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ

July 07th, 06:00 am

আমি ব্ৰিকছ দেশসমূহৰ নেতাসকল ৬-৭ জুলাই, ২০২৫-ত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'-ত XVII ব্ৰিকছ সন্মিলনৰ বাবে সমবেত হওঁ। এই সন্মিলনৰ বিষয়বস্তু হৈছে অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ।

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ মাজতে কিউবাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

July 07th, 05:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ মাজতে কিউবাৰ ৰাষ্ট্ৰপতি মাননীয় মিগুৱেল ডিয়াজ-কানেল বাৰ্মুডেজক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনত জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ৰাষ্ট্ৰপতি ডায়েজ-কানেলক সাক্ষাৎ কৰিছিল, য’ত কিউবা আছিল বিশেষ আমন্ত্ৰিত ৰাষ্ট্ৰ।

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনৰ মাজতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

July 07th, 05:13 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনৰ মাজতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় আনৱাৰ বিন ইব্ৰাহিমক সাক্ষাৎ কৰে।

‘ব্ৰিকছৰ শান্তি আৰু নিৰাপত্তা সম্পৰ্কীয় অধিৱেশন’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বক্তব্যৰ ইংৰাজী অনুবাদৰ তৰ্জমা

July 06th, 11:07 pm

বিশ্ব শান্তি আৰু নিৰাপত্তা কেৱল আদৰ্শই নহয়, বৰঞ্চ ই আমাৰ অংশীদাৰিত্বপূৰ্ণ স্বাৰ্থ আৰু ভৱিষ্যতৰো বুনিয়াদ। শান্তিপূৰ্ণ আৰু নিৰাপদ পৰিৱেশতহে মানৱতাৰ প্ৰগতি সম্ভৱ। এই উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত ‘ব্ৰিকছ’-ৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি একত্ৰিত হৈ আমাৰ প্ৰচেষ্টাক সমবেত কৰি আমি সকলোৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে সামূহীয়াভাৱে মোকাবিলা কৰাৰ সময় সমাগত হৈছে। আমি একেলগে আগবাঢ়িব লাগিব।

ব্ৰিকছৰ অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ : বিশ্ব শাসনৰ সংস্কাৰ

July 06th, 09:41 pm

সপ্তদশ ব্ৰিকছ সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি লুলাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্ৰাজিলৰ গতিশীল অধ্যক্ষতাৰ অধীনত আমাৰ ব্ৰিকছৰ সহযোগিতাই সতেজ গতি আৰু সজীৱতা লাভ কৰিছে৷ আৰু কওঁ—আমি যি শক্তি পাইছো সেয়া কেৱল এস্প্ৰেছ’ নহয়; ই এটা ডাবল এস্প্ৰেছ’ শ্বট! ইয়াৰ বাবে মই ৰাষ্ট্ৰপতি লুলাৰ দৃষ্টিভংগী আৰু তেওঁৰ অটল দায়বদ্ধতাক শলাগ লৈছো। ভাৰতৰ হৈ মোৰ বন্ধু ৰাষ্ট্ৰপতি প্ৰব’ৱ’লৈ ইণ্ডোনেছিয়া ব্ৰিকছ পৰিয়ালত অন্তৰ্ভুক্ত হোৱাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো।

বহুপাক্ষিক, অৰ্থনৈতিক-বিত্তীয় বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ সন্দৰ্ভত ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 06th, 09:40 pm

সম্প্ৰসাৰিত ব্ৰিকছ পৰিয়ালৰ এই বৈঠকত মোৰ বন্ধুবৰ্গৰ সৈতে অংশগ্ৰহণ কৰাটো মোৰ বাবে অতি আনন্দৰ বিষয়। ব্ৰিকছ আউটৰিচ সন্মিলনত লেটিন আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে মোৰ মতামত বিনিময় কৰাৰ সুযোগ দিয়াৰ বাবে ৰাষ্ট্ৰপতি লুলাক মই আন্তৰিক ধন্যবাদ জনাইছো।

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

July 06th, 09:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬-৭ জুলাই, ২০২৫ত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনত আজি অংশগ্ৰহণ কৰে। নেতাসকলে বিশ্ব প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ, গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ বৃদ্ধি, শান্তি আৰু নিৰাপত্তা, বহুপাক্ষিকতা শক্তিশালী কৰা, উন্নয়নৰ বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তা আদিকে ধৰি ব্ৰিকছৰ কাৰ্যসূচীৰ বিভিন্ন বিষয়ৰ ওপৰত ফলপ্ৰসূ আলোচনাত মিলিত হয় । প্ৰধানমন্ত্ৰীয়ে উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল আয়োজনৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে।