গুৱাহাটীত পৰম্পৰাগত বড়ো সাংস্কৃতিক কাৰ্যসূচী 'বাগুৰুম্বা দহৌ'ৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 17th, 06:30 pm
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য জী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, পবিত্ৰ মাৰ্ঘেৰিটা জী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী জী, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সন্মানীয় নাগৰিক আৰু অসমৰ মোৰ ভাই-ভনীসকল।অসমৰ গুৱাহাটীত বাগুৰুম্বা দহৌ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 17th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান 'বাগুৰুম্বা দহৌ ২০২৬' অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ সংস্কৃতিৰ সাক্ষী হোৱা আৰু বড়ো জনগোষ্ঠীৰ পৰম্পৰা নিবিড়ভাৱে অনুসৰণ কৰাটো তেওঁৰ বাবে এক সৌভাগ্যৰ বিষয়। কোনো প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দৰে সঘনাই অসম ভ্ৰমণ কৰা নাই বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে অসমৰ কলা-সংস্কৃতিয়ে যাতে বৃহত্তৰ মঞ্চ লাভ কৰে আৰু দেশ তথা বিশ্বজুৰি ব্যাপক উদযাপনৰ জৰিয়তে স্বীকৃতি লাভ কৰে, তাৰ বাবে তেওঁ সদায় কামনা কৰে বুলি কয়। বৃহৎ পৰিসৰত বিহু উদযাপন, ঝুমুইৰ বিনন্দিনী অনুষ্ঠান, নতুন দিল্লীত ডেৰ বছৰৰ পূৰ্বে অনুষ্ঠিত ভব্য বড়ো মহোৎসৱ আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ এই দিশত ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত আছে বুলি কয়। অসমৰ কলা-সংস্কৃতিৰ অনন্য আনন্দ উপভোগ কৰাৰ সুযোগ তেওঁ কেতিয়াও এৰি নিদিয়ে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বড়োসকলৰ পৰিচয়ৰ এক উজ্জ্বল উদযাপন আৰু অসমৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বাগুৰুম্বা উৎসৱৰ আয়োজন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানৰ সৈতে জড়িত সকলোকে, বিশেষকৈ শিল্পীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।বড়ো সংস্কৃতি আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত বড়ো লোকসকলৰ সফলতাত ভাৰত অত্যন্ত গৌৰৱান্বিত: প্ৰধানমন্ত্ৰী
November 15th, 11:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথম বড়োলেণ্ড মহোৎসৱত অংশগ্ৰহণ কৰাৰ পিছত কয় যে বড়ো সংস্কৃতি আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত বড়ো লোকসকলৰ সফলতাত ভাৰত অত্যন্ত গৌৰৱান্বিত।নতুন দিল্লীত ১ম বড়োলেণ্ড মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
November 15th, 06:32 pm
আজি কাতি পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষ। আজি দেৱ দীপাৱালীও উদযাপন কৰা হৈছে। এই উৎসৱত দেশবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গুৰু নানক দেৱ জীৰ ৫৫৫ সংখ্যক প্ৰকাশ পৰ্বও। এই উপলক্ষে সকলো দেশবাসীক, বিশেষকৈ সমগ্ৰ বিশ্বতে থকা শিখ ভাই-ভনীসকলক অভিনন্দন জনাইছোঁ। আজি সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ দিৱসো উদযাপন কৰা হৈছে। আজি পুৱা বিহাৰৰ জমুইত ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ অনুষ্ঠানত অংশ লৈ এতিয়া সন্ধিয়া ইয়াত প্ৰথম বড়ো মহোৎসৱ উদ্বোধন কৰিছোঁ। প্ৰথম বড়োলেণ্ড মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন ৰাজ্যৰপৰা বড়ো সমাজৰ লোকসকল আহিছে। ইয়াত শান্তি, সংস্কৃতি আৰু সমৃদ্ধিৰ নতুন ভৱিষ্যৎ উদযাপন কৰিবলৈ সমবেত হোৱা সকলো বড়ো বন্ধুকে অভিনন্দন জনাইছোঁ।Prime Minister Shri Narendra Modi inaugurates the 1st Bodoland Mohotsav at Delhi
November 15th, 06:30 pm
Prime Minister Shri Narendra Modi today inaugurated the 1st Bodoland Mohotsav, a two day mega event on language, literature, and culture to sustain peace and build a Vibrant Bodo Society. Addressing the gathering, Shri Modi greeted the citizens of India on the auspicious occasion of Kartik Purnima and Dev Deepavali. He greeted all the Sikh brothers and sisters from across the globe on the 555th Prakash Parva of Sri Gurunanak Dev ji being celebrated today. He also added that the citizens of India were celebrating the Janjatiya Gaurav Divas, marking the 150th birth anniversary of Bhagwan Birsa Munda. He was pleased to inaugurate the 1st Bodoland Mohotsav and congratulated the Bodo people from across the country who had come to celebrate a new future of prosperity, culture and peace.প্ৰধানমন্ত্ৰীয়ে দিল্লীত প্ৰথম বড়োলেণ্ড মহোৎসৱ উদ্বোধন কৰিব
November 14th, 04:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত নতুন দিল্লীৰ এছএআই ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত প্ৰথম বড়োলেণ্ড মহোৎসৱ উদ্বোধন কৰিব। তেওঁ অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰিব।