ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অসমৰ কোকৰাঝাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

March 13th, 03:00 pm

বেয়া বতৰৰ বাবে মই ব্যক্তিগতভাৱে কোকৰাঝাৰলৈ যাব পৰা নাই। আপোনালোক সকলোৰে ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। ঠিক ইয়াৰ পৰাই, গুৱাহাটীত আপোনালোকৰ লগত মত বিনিময় কৰাটো সম্ভৱ হৈ উঠিছে; আপোনালোকৰ ওচৰলৈ অহাৰ মানসেৰে দিল্লীৰ পৰা ৰাওনা হৈছিলোঁ যদিও গুৱাহাটীতে নামিব লগা হ’ল৷ এতিয়া গুৱাহাটীৰ পৰা আপোনালোক সকলোৰে খবৰ পোৱাৰ লগতে আপোনালোকৰ লগত কথা পাতিবলৈও সক্ষম হৈছো। এই কাৰ্যসূচীৰ সৈতে জড়িত অসমৰ মুখ্যমন্ত্ৰী , মোৰ ভাই হিমন্ত বিশ্ব শৰ্মাজী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী সৰ্বানন্দ সোণোৱাল জী; বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী; আমাৰ লগত উপস্থিত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য জী; অসম চৰকাৰৰ মন্ত্ৰীসকল; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; বিটিচিৰ সকলো প্ৰতিনিধি; সমাজৰ সকলো বয়োজ্যেষ্ঠ আৰু বিশিষ্ট সদস্য; আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

অসমৰ কোকৰাঝাৰত ৪,৫৭০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 13th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সযোগে অসমৰ কোকৰাঝাৰত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিকূল বতৰৰ বাবে তেওঁ সো-শৰীৰে কোকৰাঝাৰ ভ্ৰমণ কৰিব নোৱাৰিলে, সেইবাবে তেওঁ সভাত সমবেত লোকসকলৰ ওচৰত ক্ষমা বিচাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ গুৱাহাটীৰ পৰা সভাত সমবেত লোকসকলৰ সৈতে সংযুক্ত হৈছে। শ্ৰী মোদীয়ে কয় যে তেওঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ৰূপনাথ ব্ৰহ্মৰ দৰে দেশৰ মহান ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ তেওঁৰ বাবে এক ঋণস্বৰূপ, আৰু তেওঁ নিষ্ঠা আৰু আঞ্চলিক উন্নয়নৰ জৰিয়তে সেই ঋণ পৰিশোধ কৰিব বিচাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সেৱা আৰু অঞ্চলটোৰ উন্নয়নৰ জৰিয়তে আপোনালোকৰ এই ঋণ পৰিশোধ কৰাৰ বাবে মই প্ৰয়াস কৰিছো।

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

November 15th, 11:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়, যিগৰাকী ব্যক্তিৰ জীৱন-যাত্ৰাই বহু লোকক শক্তি প্ৰদান কৰিছিল।

জন্ম বাৰ্ষিকীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ প্ৰধানমন্ত্ৰীৰ

March 31st, 10:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শ্ৰী মোদীয়ে কয় যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন মানুহৰ কল্যানৰ নামত উচৰ্গিত আছিল৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে তেওঁৰ সপোন বাস্তবায়িত কৰা আৰু বড়ো জনতাৰ সবলীকৰণৰ হকে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে৷