প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰে

April 04th, 12:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।