Today, India is becoming the key growth engine of the global economy: PM Modi

December 06th, 08:14 pm

In his address at the Hindustan Times Leadership Summit, PM Modi highlighted India’s Quarter-2 GDP growth of over 8%, noting that today’s India is not only transforming itself but also transforming tomorrow. Criticising the use of the term “Hindu rate of growth,” he said India is now striving to shed its colonial mindset and reclaim pride across every sector. The PM appealed to all 140 crore Indians to work together to rid the country fully of the colonial mindset.

Prime Minister Shri Narendra Modi addresses the Hindustan Times Leadership Summit 2025 in New Delhi

December 06th, 08:13 pm

In his address at the Hindustan Times Leadership Summit, PM Modi highlighted India’s Quarter-2 GDP growth of over 8%, noting that today’s India is not only transforming itself but also transforming tomorrow. Criticising the use of the term “Hindu rate of growth,” he said India is now striving to shed its colonial mindset and reclaim pride across every sector. The PM appealed to all 140 crore Indians to work together to rid the country fully of the colonial mindset.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সহায়কে

November 18th, 09:02 pm

ৰাছিয়ান ফেডাৰেচনৰ সভাপতি আৰু মেৰিটাইম ব’ৰ্ডৰ অধ্যক্ষ মহামহিম নিকোলাই পাত্ৰুশ্বেভ ডাঙৰীয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে ৩ নৱেম্বৰত উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন, ২০২৫ উদ্বোধন কৰিব

November 02nd, 09:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ নৱেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন (ESTIC), ২০২৫ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াত সমবেতসকলক সম্বোধনো কৰিব।

মুম্বাইত সামূদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 29th, 04:09 pm

বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।

মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 29th, 04:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত মুম্বাই ভ্ৰমণ কৰিব

October 27th, 10:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-ৰ ২৯ অক্টোবৰত মুম্বাই ভ্ৰমণ কৰিব আৰু সেইদিনা বিয়লি প্ৰায় ৪:০০ বজাত তেখেতে মুম্বাইৰ নেস্কো প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত ইণ্ডিয়া মেৰিটাইম উইক, ২০২৫-ত মেৰিটাইম লীডাৰ্ছ কনক্লেভ সম্বোধন তথা গ্ল’বেল মেৰিটাইম চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰিব।

২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ

October 26th, 02:20 pm

আছিয়ানৰ সফল অধ্যক্ষতাৰ বাবে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক মই আন্তৰিক অভিনন্দন জনাইছো। ভাৰতৰ দেশ সমন্বয়ক হিচাপে দক্ষতাৰে কাম কৰাৰ বাবে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মাৰ্কছক ধন্যবাদ জনাইছো। লগতে মই টিমৰ-লেষ্টেক আছিয়ানৰ নতুন সদস্য হিচাপে আদৰণি জনাইছো।

কুৱালালামপুৰত অনুষ্ঠিত ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

October 26th, 02:06 pm

২০২৫ চনৰ ২৬ অক্টোবৰত অনুষ্ঠিত হোৱা ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী আৰু আছিয়ান নেতাসকলে যৌথভাৱে আছিয়ান-ভাৰত সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে আৰু সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। ভাৰত-আছিয়ান সন্মিলনত এয়া আছিল প্ৰধানমন্ত্ৰীৰ দ্বাদশ অংশগ্ৰহণ ।

We are moving ahead with the goal of a quantum jump, not just incremental change: PM Modi

August 23rd, 10:10 pm

In his address at the Economic Times World Leaders Forum, PM Modi highlighted that India is currently the fastest-growing major economy in the world and poised to become the third-largest economy. He affirmed that India built Made-in-India 5G and deployed it across the country quickly. He highlighted major reforms from the Monsoon Session—modernized laws for mining, shipping and ports, and the launch of the National Sports Policy—Khelo Bharat Niti.

নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 23rd, 05:43 pm

আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট অতিথিক আদৰণি জনাই তেওঁ কয় যে এই লীডাৰ্ছ ফ’ৰাম মঞ্চৰ সময় “অতি নিখুঁত।” শ্ৰী মোদীয়ে এই সময়োপযোগী পদক্ষেপৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে মাত্ৰ যোৱা সপ্তাহত তেওঁ লালকিল্লাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বা আধুনিক সংস্কাৰৰ বিষয়ে মন্তব্য কৰিছিল, আৰু এই মঞ্চই এতিয়া সেই দৃষ্টিভংগীৰ বাবে শক্তিবৰ্ধক হিচাপে কাম কৰি আছে।

তামিলনাডুৰ ৰামেশ্বৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 06th, 02:00 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী আৰু ড° এল মুৰুগন জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ, অন্যান্য বিশিষ্ট অতিথি আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

তামিলনাডুৰ ৰামেশ্বৰমত ৮,৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 06th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ ৰামেশ্বৰমত ৮৩০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি জাতিলৈ উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন সাগৰীয় দলং-নতুন পাম্বন ৰে’ল দলং উদ্বোধন কৰি পথ দলঙৰ পৰা এখন ৰে’ল আৰু এখন জাহাজৰ ফ্লেগ অফ কৰি দলংখনৰ পৰিচালনাৰ সাক্ষী হয়। তেওঁ লগতে ৰামেশ্বৰমৰ ৰামনাথস্বামী মন্দিৰত দৰ্শন আৰু পূজা কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি শ্ৰী ৰাম নৱমীৰ শুভ অনুষ্ঠান। তেওঁ কয় যে আজিৰ পূৰ্বে অযোধ্যাৰ ভব্য ৰাম মন্দিৰত সূৰ্যৰ ঐশ্বৰিক ৰশ্মিয়ে ৰাম লাল্লাক এক ভব্য তিলকেৰে শোভা বৰ্ধন কৰে। “ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ ৰাজত্বকালৰ পৰাই সুশাসনৰ প্ৰেৰণাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক উল্লেখযোগ্য ভেটি হিচাপে কাম কৰে”, তেওঁ কয়। তামিলনাডুৰ সংগম যুগৰ সাহিত্যতো ভগৱান শ্ৰীৰামৰ কথা উল্লেখ আছে বুলি উল্লেখ কৰি তেওঁ পবিত্ৰ ৰামেশ্বৰ ভূমিৰ পৰা শ্ৰীৰাম নৱমী উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জনায়।

ভাৰত মৰিচাছৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

March 12th, 12:30 pm

১৪০ কোটি ভাৰতীয়ৰ হৈ মৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় দিৱসৰ বাবে পুনৰ মৰিচাছ ভ্ৰমণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মানৰ বিষয়। এই সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলম জী আৰু মৰিচাছ চৰকাৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

ছিলভাছাত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 07th, 03:00 pm

দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ প্ৰশাসক শ্ৰী প্ৰফুল্লভাই পেটেল, সংসদত মোৰ সতীৰ্থ শ্ৰীমতী কলবেন ডেলকাৰ, সকলো গণ্যমান্য ব্যক্তি, ভাই-ভনীসকল, সকলোকে নমস্কাৰ জনালোঁ।

কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 07th, 02:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীৰ পূৰ্বে তেওঁ ছিলভাছাত নমো হাস্পতাল উদ্বোধন কৰে। ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ নিষ্ঠাবান কৰ্মীসকলক অঞ্চলটোৰ সৈতে সাক্ষাৎ আৰু সংযোগ স্থাপনৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। জনসাধাৰণৰ সৈতে তেওঁৰ উষ্ণ আৰু দীৰ্ঘদিনীয়া সংগক স্বীকাৰ কৰি তেওঁ কয় যে অঞ্চলটোৰ সৈতে তেওঁৰ সম্পৰ্ক কেইবা দশক পুৰণি। ২০১৪ চনত তেওঁৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিভিন্ন খণ্ডৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ সম্ভাৱনাক আধুনিক আৰু প্ৰগতিশীল পৰিচয়লৈ ৰূপান্তৰিত কৰিছে।

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অসমীয়া অনুবাদ

February 01st, 03:00 pm

আজি ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি! এয়া ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাৰ বাজেট, প্ৰতিজন ভাৰতীয়ৰ সপোন পূৰণ কৰা বাজেট। আমি যুৱক-যুৱতীসকলৰ বাবে বহু খণ্ড মুকলি কৰিছো। সাধাৰণ নাগৰিকেই উন্নত ভাৰতৰ অভিযানক আগুৱাই নিব। এই বাজেটে বিকাশত অপৰিসীম শক্তি যোগাব। এই বাজেটে সঞ্চয় বৃদ্ধি, বিনিয়োগ বৃদ্ধি, ব্যয় বৃদ্ধি কৰাৰ লগতে বিকাশৰ গতিও ত্বৰান্বিত কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সমগ্ৰ দলটোক এই জনমুখী বাজেট প্ৰস্তুত কৰাৰ বাবে অভিনন্দন জনাইছো।

২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

February 01st, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়ায়। আজি উথ্থাপিত বাজেটখন ভাৰতৰ উন্নয়নৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই বাজেটে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ সপোন পূৰণ কৰিব। তেওঁ উল্লেখ কৰে যে যুৱ-প্ৰজন্মৰ বাবে কেবাটাও খণ্ড মুকলি কৰা হৈছে আৰু সাধাৰণ নাগৰিকে বিকশিত ভাৰত (উন্নত ভাৰত)ৰ অভিযান চলাব। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এইখন বাজেট হৈছে এক শক্তি গুণক, যি সঞ্চয়, বিনিয়োগ, উপভোগ আৰু বিকাশৰ হাৰ বৃদ্ধি কৰিব। তেওঁ কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ দলটোক এই 'পিপলছ বাজেট'ৰ বাবে অভিনন্দন জনায়।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 10:45 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে

January 14th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।