অৰ্থনৈতিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰাম ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 21st, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত ভাষণ দিয়ে।ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 21st, 08:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত ভাষণ দিয়ে।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ মূল অংশসমূহ
August 15th, 04:44 pm
আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত বিগত মোদীয়ে বিগত ১২টা বছৰত উৎপাদন, ডিজিটেলখণ্ডৰ উথ্থান আৰু নাগৰিকসকললৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ বিশদ প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰীয় উচ্চাকাংক্ষা পূৰণৰ বাবে সাতটা মূলখণ্ডক সামৰি লোৱা ৰূপান্তৰণশীল 'সপ্ত ধৰা'-ও উন্মোচন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত বিকশিত ভাৰতৰ দিশত দেশখনৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আহ্বান জনায়
August 15th, 12:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দিশে দেশখনৰ যাত্ৰা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ আহ্বান জনায়। দেশৰ কৰ্ম সংস্কৃতি, চিন্তাধাৰা আৰু বিস্তৃত উচ্চাকাংক্ষাৰ পৰিৱৰ্তনৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে নাগৰিক, চৰকাৰ, উদ্যোগ, কৃষক, যুৱক-যুৱতী আৰু সমাজৰ অন্যান্য শ্ৰেণীৰ লোকৰ সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 15th, 07:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 06:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।ভাৰতে উদযাপন কৰে ৮০ সংখ্যক স্বাধীনতা দিৱস
August 15th, 06:45 am
৮০ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪০ কোটি ভাৰতীয়ৰ শক্তি আৰু সংকল্পৰে চালিত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ সপোনৰ বিষয়ে কয়। তেওঁ শান্তি আইন, ৰে’লৱেৰ বৈদ্যুতিকীকৰণ, ভাৰতৰ বাণিজ্যিক চুক্তি, নক্সালবাদৰ অন্ত আৰু বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ৰাষ্ট্ৰক ‘শক্তি কী সপ্তধৰা’ক আঁকোৱালি ল’বলৈ আহ্বান জনায়।অন্ধ্ৰ প্ৰদেশত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
August 01st, 11:45 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।অন্ধ্ৰ প্ৰদেশৰ ভোগাপুৰমত ১৭,৯০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
August 01st, 11:30 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
July 07th, 03:15 pm
আজি আপোনালোকৰ মাজত উপস্থিত থকাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সৌভাগ্য। ১.৪ বিলিয়ন ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে আৰু গণতন্ত্ৰৰ মাতৃৰ এগৰাকী গৌৰৱান্বিত নাগৰিক হিচাপে মই আপোনালোকক ভাৰতৰ সকলো জনসাধাৰণৰ হৈ উষ্ম শুভেচ্ছা জনাইছো।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
July 07th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্কাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়ে। তেওঁ হৈছে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
July 07th, 11:21 am
আজি পুৱা মই অতি আন্তৰিকতা আৰু সন্মানৰ সৈতে ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ বঁটা লাভ কৰি গভীৰভাৱে সন্মানিত হৈছিলো। এই সন্মান কোটি কোটি ভাৰতীয়ৰ। ই ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সদিচ্ছাক প্ৰতিফলিত কৰে আৰু ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ঐতিহাসিক আৰু স্থায়ী বন্ধুত্বৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে। এই বিশিষ্ট সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি প্ৰাবোৱো, ইণ্ডোনেছিয়া চৰকাৰ আৰু ইণ্ডোনেছিয়াৰ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।মৰিচাছৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 28th, 08:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামান্য মাহেৰ ভিক্টোৰিয়াত ডাঃ নবীনচন্দ্ৰ ৰামগুলমৰ সৈতে সাক্ষাৎ কৰে। ছেচেলছৰ সোণালী জয়ন্তী ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত দুয়েগৰাকী নেতাই এক বৈঠকত মিলিত হয়। ২০২৪ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী ৰামগুলামে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এয়া চতুৰ্থখন বৈঠকত মিলিত হয়।ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 28th, 05:00 pm
প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।প্ৰধানমন্ত্ৰীক ‘গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন’ ৰাষ্ট্ৰপতিৰ সন্মানেৰে সন্মানিত
June 28th, 03:07 pm
এটা বিশেষ অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতিৰ সন্মান- ‘গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন’ প্ৰদান কৰে ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক সেউজ নেতৃত্ব আৰু উন্নয়নশীল দেশসমূহৰ স্বাৰ্থ আগুৱাই নিয়াৰ দিশত কৰা প্ৰচেষ্টা আৰু নীলা অৰ্থনীতি, জলবায়ু কাৰ্যসূচী, সাগৰীয় সম্পদৰ বহনক্ষম ব্যৱস্থাপনা আৰু ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নমূলক আকাংক্ষাৰ প্ৰসাৰৰ দিশত তেওঁৰ দীৰ্ঘদিনীয়া দায়বদ্ধতাৰ বাবে এই সন্মান প্ৰদান কৰা হয়। প্ৰথমবাৰৰ বাবে এই বিশিষ্ট সন্মান প্ৰদান কৰা হৈছে।ছেচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্য
June 28th, 02:02 pm
তেখেতৰ দ্বাৰা গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন উপাধিৰে সন্মানিত হোৱাটো মোৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ বাবে অপৰিসীম আনন্দৰ বিষয়। মই এই সন্মান কৃতজ্ঞতা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি অব্যাহত ৰখা আৰু পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰা সেই সকলো দেশৰ বাবে উৎসৰ্গা কৰিছোঁ।কলকাতাত আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকৰ ত্ৰি-অন্তৰ্ভুক্তিকৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
June 21st, 12:51 pm
আজিৰ দিনটো বহুকেইটা দিশত বিশেষ দিন। আজি সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে। এই উপলক্ষে বংগৰ এই মহান ভূমি উপস্থিত থকাৰ সুযোগ পাই মই নথৈ আনন্দিত হৈছোঁ। এইখনেই সেই ভূমি, যি ভাৰতক নতুন দিশ দিছে, ভাৰতৰ নৱজাগৰণক ইন্ধন যোগাইছে আৰু যুগ যুগ ধৰি ভাৰতক সাগৰৰ মাজেৰে বিশ্বৰ সৈতে সংযোগ কৰি ৰাখিছে। আজি ঠিক এই ভূমিতে আত্মনিৰ্ভৰ ভাৰত, সুৰক্ষিত ভাৰত আৰু বিকশিত ভাৰতৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছে। কিছু সময়ৰ আগতে আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল। ক'বলৈ গ'লে আজি ২১ জুন তাৰিখটো বিশ্ব জলৰাশি বিজ্ঞান দিৱস হিচাপেও পালন কৰা হয়। আৰু এইটো এটা আচৰিত কাকতালীয় সংযোগ যে আজিৰ দিনটোতে আমি ভাৰতৰ আটাইতকৈ উন্নত হাইড্ৰ'গ্ৰাফী জাহাজ আই এন এছ সংশোধক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰিলোঁ। ভাৰতীয় নৌসেনালৈ, এই প্ৰকল্পসমূহৰ সৈতে জড়িত সকলো বিজ্ঞানী, অভিযন্তা, কৰ্মচাৰী আৰু মোৰ মৰমৰ দেশবাসীলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মাণ কৰা নৌসেনাৰ জাহাজ– আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰে মুকলি কৰে
June 21st, 12:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মিত নৌসেনাৰ জাহাজ– এডভান্সড ষ্টেলথ ফ্ৰিগেট ‘আইএনএছ দুনাগিৰি’, বৃহৎ জৰীপ জাহাজ ‘আইএনএছ সংশোধক’ আৰু এখন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্ব’ল’ ৱাটাৰ ক্ৰাফ্ট ‘আইএনএছ অগ্ৰে’ ভাৰতীয় নৌসেনালৈ উছৰ্গা কৰে। এই জাহাজসমূহৰ প্ৰৱেশে দেশৰ কাৰ্যকৰী ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, সামুদ্ৰিক আধিপত্যত নিৰীক্ষণৰ উন্নতি সাধন কৰিব আৰু ভূ-ৰাজনৈতিক ভাবুকিৰ বিৰুদ্ধে আমাৰ উপকূলীয় জলসীমাৰ নিৰাপত্তা শক্তিশালী কৰিব। ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰোৰ আৰ্হি আৰু কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ (জি আৰ এছ ই)ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এই তিনিখন জাহাজ। ২০০ৰো অধিক এমএছএমইকে ধৰি ভাৰতীয় উদ্যোগসমূহে এই নিৰ্মাণত অংশগ্ৰহণ কৰে। ৭৫ শতাংশতকৈ অধিক থলুৱা সামগ্ৰীৰে পৰিপূৰ্ণ এই জাহাজসমূহো ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ।Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।