ভাৰতৰ ঐক্য আৰু প্ৰগতিৰ প্ৰতি নিবেদিত এটি জীৱন
July 06th, 08:00 am
ড° শ্যামা প্ৰসাদ মুখাৰ্জীক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ৰাষ্ট্ৰীয়তাবাদ আৰু নিস্বাৰ্থ সেৱাৰ আদৰ্শক প্ৰতিপালন কৰা অগণন লোকৰ বাবে ৬ জুলাইৰ দিনটো এটা বিশেষ দিন। ১২৫ সংখ্যক জন্ম জয়ন্তীত আমি ড° শ্যামা প্ৰসাদ মুখাৰ্জীক স্মৰণ কৰিছোঁ, যাৰ জীৱন আই ভাৰতীৰ প্ৰতি সাহস আৰু অদম্য দায়বদ্ধতাৰ কালজয়ী নিদৰ্শন হৈ আহিছে। ড° মুখাজীৰ দৰে আধুনিক ভাৰতৰ কমসংখ্যক নেতাইহে ‘প্ৰজ্ঞা, জনসেৱা আৰু নৈতিক প্ৰত্যয়ৰ নিৰৱচ্ছিন্ন সংগমক গভীৰভাৱে মূৰ্ত কৰি তুলিছিল।ইটালী আৰু ভাৰতঃ ভাৰত-মধ্যসাগৰীয় অঞ্চলৰ কৌশলগত অংশীদাৰিত্ব
May 20th, 11:00 am
ভাৰত আৰু ইটালীৰ মাজৰ সম্পৰ্ক এতিয়া নিৰ্ণায়ক টাৰ্নিং পইণ্টত উপনীত হৈছে। শেহতীয়া বছৰবোৰত আমাৰ সম্পৰ্ক অভূতপূৰ্ব গতিৰে সম্প্ৰসাৰিত হৈছে; স্বাধীনতা আৰু গণতন্ত্ৰৰ মূল্যবোধ আৰু ভৱিষ্যতৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি সেইবোৰে এক আন্তৰিক বন্ধুত্বৰ পৰা প্ৰকৃত কৌশলগত অংশীদাৰিত্বলৈ বিকশিত হৈছে।ভাৰত আৰু ছুইডেনঃ একেসময়তে বিকাশ, সুস্থিৰতা আৰু বহনক্ষমতা প্ৰদান
May 19th, 09:00 am
ক্ৰমবৰ্ধমান ভূ-ৰাজনৈতিক অনিশ্চয়তা, শক্তিৰ অসুৰক্ষিততা আৰু অৰ্থনৈতিক বিভাজনৰ এই যুগত বিশ্বই এক গুৰুত্বপূৰ্ণ বিকল্পৰ সন্মুখীন হৈছে—হয় সংকীৰ্ণ ৰাষ্ট্ৰীয় দৃষ্টিভংগীলৈ পিছুৱাই যোৱা, নহয় এনে অংশীদাৰিত্ব শক্তিশালী কৰা যিয়ে একেলগে বিকাশ, স্থিতিস্থাপকতা আৰু সুস্থিৰতা প্ৰদান কৰে।সোমনাথ আৰু ভাৰতৰ অদম্য চেতনা!
May 08th, 08:30 am
প্ৰধনমন্ত্ৰী মোদীয়ে এক অভিমত লেখনত উল্লেখ কৰিছে, “সোমনাথে আমাক এটা সভ্যতাবাদী বাৰ্তা প্ৰদান কৰি আহিছে। ইয়াৰ সন্মুখত থকা বিশাল সাগৰখনে শ্বাশততাৰ বোধ প্ৰদান কৰে। লহৰবোৰে আমাক কয়...যে ধুমুহা যিমানেই প্ৰচণ্ড নহওক কিয় বা জোৱাৰ-ভাটা যিমানেই উত্তাল নহওক কিয়, মানুহে সদায় মৰ্যাদা আৰু সামৰ্থ্যৰে পুনৰাই থিয় দিব পাৰেই। ঢৌবোৰ পাৰলৈ উভতি যায়, যেন প্ৰতিটো প্ৰজন্মক সোঁৱৰাই দিয়েগৈ যে জনসাধাৰণৰ চেতনাক কেতিয়াও বহুদিনলৈ অৱদমিত কৰি ৰাখিব নোৱাৰি।”মহাত্মা জ্যোতিৰাও ফুলে: এক জ্যোতি যিয়ে এতিয়াও ভাৰতক পথ প্ৰদৰ্শন কৰে
April 11th, 08:00 am
২০০ সংখ্যক জয়ন্তীত মহাত্মা জ্যোতিৰাও ফুলেলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “মহাত্মা ফুলে আছিল এগৰাকী মহান সংস্কাৰক। তদুপৰি তেওঁৰ জীৱন আছিল নৈতিক সাহস, জিৰণিবিহীণ অন্বেষণ আৰু সামাজিক মংগলৰ প্ৰতি অটল দায়বদ্ধতাৰে পৰিপূৰ্ণ। মহাত্মা ফুলেক স্মৰণ কৰা হয় তেওঁ গঢ়ি তোলা প্ৰতিষ্ঠান আৰু তেওঁ নেতৃত্ব দিয়া আন্দোলনসমূহৰ জৰিয়তে।”আহক আমি সকলোৱে আমাৰ নাৰী শক্তিৰ সবলীকৰণৰ দিহা কৰোঁ!
April 09th, 08:00 am
১৬ তাৰিখে অনুষ্ঠিতব্য সংসদৰ অধিৱেশনত বিধায়িনী নিকায়সমূহত মহিলাৰ বাবে আসন সংৰক্ষণ সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বিধেয়ক সন্দৰ্ভত আলোচনা কৰি গৃহীত কৰা হ’ব। ইয়াক কেৱল আইনগত কচৰৎ বুলি বৰ্ণনা কৰিলে কমকৈ কোৱা হ’ব; ই হৈছে সমগ্ৰ ভাৰতৰ কোটি কোটি মহিলাৰ আকাংক্ষাৰ প্ৰতিফলন। আমাৰ সভ্যতাবাদী নীতি-নিয়মক দীৰ্ঘদিন ধৰি পথ প্ৰদৰ্শন কৰা এটা নীতিয়ে সাব্যস্ত কৰেযে নাৰী যেতিয়া আগবাঢ়ি যায় তেতিয়া সমাজখনো আগবাঢ়ি যায়।ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬: এআই-ৰ বাবে মানৱকেন্দ্ৰিক ভৱিষ্যত গঢ়াৰ প্ৰয়াস
February 22nd, 08:47 am
ভাৰতৰ বৈচিত্ৰ্য, গণতন্ত্ৰ, আৰু জনগাঁথনিগত গতিশীলতাই সমাৱেশী উদ্ভাৱনৰ বাবে সঠিক বাতাবৰণ প্ৰদান কৰে। ভাৰতত সফল হোৱা সমাধানে সকলোতে মানৱতাৰ সেৱা কৰিব পাৰে বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতে সকলো কামতে ব্যাপকতা আৰু উদ্দীপনা আনে, আৰু এই ‘ইণ্ডিয়া এ আই ইমপেক্ট ছামিট’-ও ইয়াৰ ব্যতিক্ৰম নাছিল। তেওঁ লগতে কয় যে এই শীৰ্ষ সন্মিলনে “সৰ্বজন হিতায়, সৰ্বজন সুখায়” নীতিক মূলত ৰাখিছে।কাশী-তামিল সংগমম আৰু এক ভাৰত, শ্ৰেষ্ঠ ভাৰতলৈ শ্ৰদ্ধাঞ্জলি
January 15th, 08:30 am
কাশী-তামিল সংগমম সম্পৰ্কে নিজৰ চিন্তাধাৰা ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যসূচীয়ে সাংস্কৃতিক বুজাবুজিৰ প্ৰসাৰ, শৈক্ষিক আৰু জনসাধাৰণৰ মাজত আদান-প্ৰদান আৰু দেশখনৰ বিভিন্ন প্ৰান্তৰ মাজত এক সভ্যতাৰ ভাৱধাৰাৰ সৃষ্টিৰ দৰে অৰ্থপূৰ্ণ ফলাফল প্ৰদান কৰিছে। তেওঁ কয় যে ই 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ মনোভাৱক আগুৱাই নিছে।সোমনাথ স্বাভিমান পৰ্ব – দৃঢ় বিশ্বাসৰ ১০০০ বছৰ (১০২৬-২০২৬)
January 05th, 08:00 am
প্ৰধানমন্ত্ৰী মোদীয়ে এটা ব্লগত কয়, “২০২৬ চনটো সোমনাথ মন্দিৰৰ বাবে তাৎপৰ্যপূৰ্ণ। এই মহান মন্দিৰৰ ওপৰত প্ৰথম আক্ৰমণৰ ১০০০ বছৰ হ’ল। ১০২৬ চনৰ জানুৱাৰী মাহত ঘাজনীৰ মাহমুদে বিশ্বাস আৰু সভ্যতাৰ এক মহান প্ৰতীকক ধ্বংস কৰিব বিচাৰি, হিংসাত্মক আৰু বৰ্বৰ আক্ৰমণৰ জৰিয়তে এই মন্দিৰটো আক্ৰমণ কৰিছিল। তথাপিও, এহেজাৰ বছৰৰ পাছতো, সোমনাথক ইয়াৰ আড়ম্বৰতা পুনৰ ঘূৰাই দিয়াৰ বাবে কৰা অসংখ্য প্ৰচেষ্টাৰ বাবে মন্দিৰটো আগৰ দৰেই গৌৰৱময় হৈ আছে।”২০২৫ – সংস্কাৰৰ বছৰ
December 30th, 04:25 pm
লিংকডইন পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ভাৰত বিশ্বৰ মনোযোগৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ হৈছে। ইয়াৰ কাৰণ হৈছে আমাৰ জনসাধাৰণৰ উদ্ভাৱনী মনোভাৱ। আজি বিশ্বই ভাৰতক আশা আৰু আত্মবিশ্বাসেৰে প্ৰত্যক্ষ কৰিছে। সকলো খণ্ডকে সামৰি লোৱা আৰু দেশৰ বিকাশৰ সম্ভাৱনা বৃদ্ধি কৰা পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ জৰিয়তে যিদৰে অগ্ৰগতি ত্বৰান্বিত হৈছে তাৰ বাবে তেওঁলোকে ভাৰতক প্ৰশংসা কৰিছে।Your Money, Your Right
December 10th, 09:00 am
From bank deposits to insurance proceeds, many Indians have money waiting to be claimed. With the Your Money, Your Right initiative, the Government is simplifying the process so every family can recover its rightful savings.ভাৰত আৰু প্ৰাকৃতিক কৃষি...আগন্তুক বাট!
December 03rd, 01:07 pm
চলিত বৰ্ষৰ আগষ্ট মাহত তামিলনাডুৰ কৃষকৰ এটা দলে মোক লগ কৰিছিল আৰু তেওঁলোকে কেনেকৈ বহনক্ষমতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে নতুন কৃষি কৌশলৰ অভ্যাস কৰিছে সেই বিষয়ে কথা কৈছিল। তেওঁলোকে মোক কইম্বাটুৰত অনুষ্ঠিত হ’বলগীয়া প্ৰাকৃতিক কৃষিৰ ওপৰত এখন শীৰ্ষ সন্মিলনলৈ নিমন্ত্ৰণ জনাইছিল। তেওঁলোকৰ নিমন্ত্ৰণ গ্ৰহণ কৰি অনুষ্ঠানৰ সময়ত ময়ো তেওঁলোকৰ মাজত থাকিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। এইদৰে কেইসপ্তাহমানৰ আগতে ১৯ নৱেম্বৰত মই মৰমলগা চহৰ কইম্বাটুৰত দক্ষিণ ভাৰতৰ প্ৰাকৃতিক কৃষি সন্মিলন ২০২৫ত অংশগ্ৰহণ কৰিছিলো। এমএছএমইৰ মেৰুদণ্ড হিচাপে পৰিচিত এখন চহৰে প্ৰাকৃতিক কৃষিৰ ওপৰত এক ডাঙৰ অনুষ্ঠান আয়োজন কৰিছিল।সংবিধান দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ পত্ৰ
November 26th, 09:00 am
‘সংবিধান দিৱস’ সন্দৰ্ভত ১৪০ কোটি নাগৰিকলৈ বুলি লিখা এখন পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২৬ নৱেম্বৰ হৈছে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অপৰিসীম গৌৰৱৰ দিন। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধানসভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল, এয়া হৈছে পবিত্ৰ নথি, যিয়ে ৰাষ্ট্ৰখনৰ অগ্ৰগতিৰ ক্ষেত্ৰত স্পষ্টতা আৰু দৃঢ়তাৰে মাৰ্গদৰ্শন কৰি আহিছে।”ভাৰতৰ সামুদ্ৰিক নৱজাগৰণ
October 30th, 02:56 pm
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সামুদ্ৰিক পৰিৱৰ্তন আৰু দেশৰ গৌৰৱময় সামুদ্ৰিক ঐতিহ্যৰ সৈতে নৱীকৃত সংযোগক আলোকপাত কৰি এটা ব্লগ লিখে। তেওঁ ব্যাখ্যা কৰে যে আধুনিক আন্তঃগাঁথনি, সেউজ পদক্ষেপ আৰু মূল সংস্কাৰে কেনেদৰে অভূতপূৰ্ব বিকাশত ইন্ধন যোগাইছে। ভাৰতৰ ক্ৰমবৰ্ধমান নীলা অৰ্থনীতিৰ অংশ হ’বলৈও বিশ্ব বিনিয়োগকাৰীক আমন্ত্ৰণ জনায় প্ৰধানমন্ত্ৰীয়ে।ভি কে মালহোত্ৰা জীলৈ শ্ৰদ্ধাঞ্জলি
October 06th, 08:00 am
কেইদিনমান পূৰ্বে আমি আমাৰ এজন জ্যেষ্ঠ নেতা শ্ৰী বিজয় কুমাৰ মালহোত্ৰাক হেৰুৱাইছিলো। তেওঁ এক দীঘলীয়া আৰু সফল জীৱন যাপন কৰিছিল, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, তেওঁ নিৰন্তৰ কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু সেৱাৰ জীৱন যাপন কৰিছিল। তেওঁৰ জীৱনৰ এক আভাসেই সকলোকে আৰএছএছ, জন সংঘ আৰু বিজেপিৰ মূল নীতিৰ বিষয়ে বুজাই দিব… প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাহস, নিজতকৈ অধিক সেৱা আৰু ৰাষ্ট্ৰীয় আৰু সাংস্কৃতিক মূল্যবোধৰ প্ৰতি গভীৰ প্ৰতিশ্ৰুতি, প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে।ৰাষ্ট্ৰৰ প্ৰতি ১০০ বছৰীয়া সেৱা
October 02nd, 08:00 am
এশ বছৰ আগতে বিজয়া দশমীৰ পবিত্ৰ ক্ষণত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা কৰা হৈছিল। এয়া সম্পূৰ্ণ নতুন কিবা এটাৰ সৃষ্টি নাছিল। ই আছিল এক প্ৰাচীন পৰম্পৰাৰ নতুন প্ৰকাশ, য’ত ভাৰতৰ চিৰন্তন ৰাষ্ট্ৰীয় চেতনাই সময়ে সময়ে, বিভিন্ন ৰূপত, সময়ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নিজকে কৰা প্ৰকাশ। আমাৰ সময়ত সংঘ হৈছে সেই কালজয়ী ৰাষ্ট্ৰীয় চেতনাৰ মূৰ্ত ৰূপ,” প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে।প্ৰধানমন্ত্ৰীৰ পত্ৰ
September 22nd, 05:23 pm
এই উৎসৱৰ বতৰত আহক আমি 'জিএছটি সঞ্চয় উৎসৱ' উদযাপন কৰোঁ! জিএছটিৰ হাৰৰ কম হোৱাৰ অৰ্থ হ'ল প্ৰতিটো পৰিয়ালৰ বাবে অধিক সঞ্চয় আৰু ব্যৱসায়ৰ বাবে অধিক সহজতা সৃষ্টি কৰা। - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীA leader who has connected power to the people
September 22nd, 12:10 pm
PM Modi’s political journey reflects grassroots leadership rooted in the struggles of ordinary Indians. Born in a modest household in Vadnagar, the Prime Minister displayed social responsibility early, running charity stalls and campaigns for underprivileged children. Unlike dynasty-driven leaders, his rise challenged elite politics, emphasizing service, empathy, and direct engagement with citizens.মোহন ভাগৱত জী সদায় ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ শক্তিশালী ভোটাৰ: প্ৰধানমন্ত্ৰী মোদী
September 11th, 08:00 am
প্ৰধানমন্ত্ৰী মোদীয়ে ১১ ছেপ্টেম্বৰত স্বামী বিবেকানন্দৰ চিকাগোৰ ভাষণ আৰু ৯/১১ আক্ৰমণৰ দৰে গুৰুত্বপূৰ্ণ ঘটনাৰ কথা উল্লেখ কৰি আৰ এছ এছৰ সৰসংঘচালক মোহন ভাগৱত জীৰ ৭৫সংখ্যক জন্মদিনত শ্ৰদ্ধা নিবেদন কৰে। আৰএছএছৰ ১০০ বছৰীয়া যাত্ৰাৰ আটাইতকৈ পৰিৱৰ্তনশীল পৰ্যায় হিচাপে মোহন ভাগৱত জীৰ কাৰ্যকাল স্মৰণীয় হৈ থাকিব বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে ‘পঞ্চ পৰিৱৰ্তন’ৰ দৃষ্টিভংগীৰ জৰিয়তে মোহন জীয়ে ভাৰতীয়সকলক এখন শক্তিশালী, সমৃদ্ধিশালী দেশ গঢ়াৰ বাবে অনুপ্ৰাণিত কৰি আহিছে।ভূপেন দালৈ শ্ৰদ্ধাঞ্জলি
September 08th, 08:30 am
আজি ৮ ছেপ্টেম্বৰৰ দিনটো, ভাৰতীয় সংস্কৃতি আৰু সংগীতৰ প্ৰতি অনুৰাগী প্ৰতিগৰাকী ব্যক্তিৰ বাবে এক অতি বিশেষ দিন। বিশেষকৈ, অসমৰ মোৰ ভাই-ভনীসকলৰ বাবে এই দিনটো আৰু অধিক গুৰুত্বপূৰ্ণ। কাৰণ, ভাৰতৰ অন্যতম অসাধাৰণ কণ্ঠ ড°ভূপেন হাজৰিকাৰ আজি জন্ম বাৰ্ষিকী। আপোনালোক সকলোৱে জানে যে চলিত বৰ্ষতে তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি হৈছে। এয়া ভাৰতীয় কলাত্মক প্ৰকাশ আৰু জন সচেতনতাৰ প্ৰতি তেওঁৰ অসাধাৰণ অৱদানক স্মৰণ কৰাৰ এক সুযোগ।