১৪এপ্ৰিলত উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 13th, 04:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৪ এপ্ৰিলত উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.১৫বজাত প্ৰধানমন্ত্ৰীয়ে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিড’ৰৰ উত্তোলিত অংশৰ বন্যপ্ৰাণী কৰিড’ৰৰ পৰ্যালোচনা কৰিবলৈ উত্তৰ প্ৰদেশৰ চাহাৰাণপুৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৪০ বজাত প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনৰ ওচৰৰ জয় মা দাত কালী মন্দিৰ দৰ্শন আৰু পূজা কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনত এক ৰাজহুৱা অনুষ্ঠানত দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিড’ৰ উদ্বোধন কৰিব আৰু এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰিব।ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফিনলেণ্ডৰ যুটীয়া বিবৃতি
March 05th, 08:03 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ফিনলেণ্ড গণৰাজ্যৰ ৰাষ্ট্ৰপতি ডঃ আলেকজেণ্ডাৰ ষ্টাব ২০২৬ চনৰ ৪-৭ মাৰ্চত ভাৰতলৈ চৰকাৰী ভ্ৰমণসূচীলৈ আহিছে। ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে ভাৰতলৈ অহা ৰাষ্ট্ৰপতি ষ্টাবে নতুন দিল্লী আৰু মুম্বাই ভ্ৰমণ কৰিছে আৰু তেওঁৰ সৈতে আছে ফিনলেণ্ডৰ জলবায়ু আৰু পৰিৱেশ মন্ত্ৰী শ্ৰীমতী ছাৰী মুল্টালা, ফিনলেণ্ডৰ নিয়োগ মন্ত্ৰী শ্ৰী মাটিয়াছ মাৰ্টিনেন তথা বিষয়া আৰু বাণিজ্যিক নেতৃত্বৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৬ চনৰ ৫ মাৰ্চত নতুন দিল্লীত ৰাইচিনা ডায়ালগৰ একাদশ সংস্কৰণ উদ্বোধন কৰে আৰু ৰাষ্ট্ৰপতি ষ্টাবে মুখ্য অতিথি হিচাপে উদ্বোধনী ভাষণ প্ৰদান কৰে। ২০২৬ চনৰ ফেব্ৰুৱাৰীত এআই ইম্পেক্ট সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী পেট্টেৰি অৰ্পোৰ ভ্ৰমণৰ পাছতে ৰাষ্ট্ৰপতি ষ্টাবৰ এই ভ্ৰমণ।প্ৰধানমন্ত্ৰীয়ে পাটনা পক্ষী অভয়াৰণ্য আৰু চাৰি-ধাণ্ডক নতুন ৰামছাৰ এলেকা কৰাক আদৰণি জনাইছে
January 31st, 10:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটাহ (উত্তৰ প্ৰদেশ)ৰ পাটনা পক্ষী অভয়াৰণ্য আৰু কুচ (গুজৰাট)ৰ চাৰি-ধাণ্ডক ৰামছাৰ এলেকা হিচাপে অন্তৰ্ভুক্ত কৰাক আদৰণি জনায়। স্থানীয় জনসাধাৰণ আৰু জলাশয় সংৰক্ষণৰ প্ৰতি উৎসৰ্গিত সকলোকে অভিনন্দন জনাই শ্ৰী মোদীয়ে কয় যে এই স্বীকৃতিসমূহে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্ৰ সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰে।তামিলনাডুৰ কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 07:01 pm
মঞ্চত উপৱিষ্ট তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ এল মুৰুগান জী, তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ কে. ৰামাস্বামী জী, ভিন্ন কৃষি সংগঠনৰ সকলো গণ্যমান্য ব্যক্তি আৰু উপস্থিত থকা আন-আন জনপ্ৰতিনিধি, মোৰ মৰমৰ কৃষক ভাই-ভনীসকল তথা ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হোৱা সমগ্ৰ দেশৰ লক্ষ-লক্ষ কৃষকক মই ইয়াৰ পৰা বনাক্কম কৈছোঁ, তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আপোনালোকৰ ওচৰত আৰু দেশজুৰি সমবেত হোৱা মোৰ খেতিয়ক ভাই-ভনীসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আজি পুট্টপৰ্থীত আয়োজিত সত্য সাই বাবাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইয়ালৈ আহি পোৱাত প্ৰায় এঘন্টা পলম হ’ল। সেই অনুষ্ঠানটো অলপ দীঘলীয়া হ’ল, সেয়ে পলম হ’ল। মই আপোনালোকৰ বাবে সৃষ্টি কৰা অসুবিধাৰ বাবে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। দেশজুৰি বহুত লোক গোট খোৱা দেখিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 19th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কইম্বাটুৰৰ পবিত্ৰ ভূমিত মৰুধামলাইৰ ভগৱান মুৰুগানক প্ৰণাম জনাই ভাষণৰ আৰম্ভণি কৰে। তেওঁ কইম্বাটুৰক সংস্কৃতি, মমতা আৰু সৃষ্টিশীলতাৰ দেশ বুলি অভিহিত কৰে তথা ইয়াক দক্ষিণ ভাৰতৰ উদ্যমিতা শক্তিৰ কেন্দ্ৰ হিচাপে স্বীকৃতি জনায়। তেওঁ কয় যে ইয়াৰ বস্ত্ৰ খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিত এক প্ৰধান অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কইম্বাটুৰে এতিয়া অধিক সুখ্যাতি লাভ কৰিছে, কিয়নো ইয়াৰ প্ৰাক্তন সাংসদ শ্ৰী চি.পি. ৰাধাকৃষ্ণনে এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালনেৰে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰিছে।নতুন দিল্লীত আয়োজিত এম.এছ. স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
August 07th, 09:20 am
মোৰ কেবিনেট সতীৰ্থ শ্ৰী শিৱৰাজ সিং চৌহান; এম.এছ. স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচনৰ অধ্যক্ষ ডঃ সৌম্য স্বামীনাথন; নিটি আয়োগৰ সদস্য ডঃ ৰমেশ চান্দ; মই স্বামীনাথনৰ পৰিয়ালৰ ভালে কেইজন সদস্যও ইয়াত উপস্থিত থকা দেখিবলৈ পাইছোঁ— মই তেওঁলোককো শ্ৰদ্ধাৰে শুভেচ্ছা জনাইছোঁ। সকলো বিজ্ঞানী, বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাক সম্ভাষণ জনালোঁ!এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 07th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আইচিএআৰ পিইউএছএত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন আৰু সম্বোধন কৰে। অধ্যাপক এম এছ স্বামীনাথনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক এজন দূৰদৰ্শী ব্যক্তি হিচাপে অভিহিত কৰে, যাৰ বৰঙণিয়ে এটা যুগৰ সূচনা কৰে। তেওঁ লগতে কয় যে অধ্যাপক স্বামীনাথন এগৰাকী মহান বিজ্ঞানী আছিল, যিয়ে বিজ্ঞানক জনসেৱাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক স্বামীনাথনে দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। অধ্যাপক স্বামীনাথনে এনে এক চেতনা জাগ্ৰত কৰিলে যিয়ে আগন্তুক শতিকাজুৰি ভাৰতৰ নীতি আৰু অগ্ৰাধিকাৰক পথ প্ৰদৰ্শন কৰি থাকিব বুলি তেওঁ উল্লেখ কৰে। স্বামীনাথনৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।৭ আগষ্টত প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব
August 06th, 12:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ আগষ্টত নতুন দিল্লীৰ আইচিএআৰ পুছাত পুৱা ৯ বজাত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত সভাত তেওঁ ভাষণো প্ৰদান কৰিব।বিশ্ব পৰ্যায়ত ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰৰ বাবে জাৰ্মান গায়িকা শ্ৰীমতী কেছমেইক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
March 18th, 03:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পৰ্যায়ত ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰৰ বাবে জাৰ্মান গায়িকা শ্ৰীমতী কেছমেইক প্ৰশংসা কৰিছে।PM Modi calls to protect and preserve the biodiversity on the occasion of World Wildlife Day
March 03rd, 08:37 am
The Prime Minister Shri Narendra Modi reiterated the commitment to protect and preserve the incredible biopersity of our planet today on the occasion of World Wildlife Day.যুটীয়া বিবৃতিঃ সপ্তম ভাৰত-জাৰ্মান আন্তঃচৰকাৰী আলোচনা (আইডিচি)
October 25th, 08:28 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ অ’লাফ শ্বোলজে ২০২৪ চনৰ ২৫ অক্টোবৰত নতুন দিল্লীত ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী আলোচনা (সপ্তম আইজিচি)ৰ সপ্তম ৰাউণ্ডৰ সহ-অধ্যক্ষতা কৰে। প্ৰতিনিধি দলটোত ভাৰতৰ হৈ প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা, বাণিজ্য আৰু উদ্যোগ, শ্ৰম আৰু নিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি (ৰাজ্যিক) আৰু দক্ষতা বিকাশ (ৰাজ্যিক) মন্ত্ৰী আৰু অৰ্থনৈতিক পৰিক্ৰমা আৰু জলবায়ু কাৰ্য্য, বৈদেশিক পৰিক্ৰমা, শ্ৰম আৰু সামাজিক পৰিক্ৰমা মন্ত্ৰীসকল উপস্থিত থাকে আৰু জাৰ্মান পক্ষৰ পৰা শিক্ষা আৰু গৱেষণাৰ লগতে বিত্ত বিভাগৰ সংসদীয় ৰাজ্যিক সচিব; পৰিৱেশ, প্ৰকৃতি সংৰক্ষণ, পাৰমাণৱিক সুৰক্ষা আৰু গ্ৰাহক সুৰক্ষা; আৰু জাৰ্মানীৰ হৈ অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়নৰ লগতে দুয়োপক্ষৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।‘জাৰ্মান ব্যৱসায়ৰ অষ্টাদশ এছিয়া-প্ৰশান্ত মহাসাগৰীয় সন্মিলন’(এপিকে ২০২৪) ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মূল ভাষণৰ ইংৰাজী অনুবাদৰ তৰ্জমা
October 25th, 11:20 am
তেওঁৰ প্ৰথম ভ্ৰমণ আছিল ‘মেয়ৰ’ হিচাপে, আৰু পৰৱৰ্তী তিনিটা ভ্ৰমণ তেওঁৰ ‘চেঞ্চেলৰ’ হিচাপে কাৰ্যকালত কৰিছিল, যিয়ে ভাৰত-জাৰ্মানীৰ মাজৰ সম্পৰ্কত তেওঁ প্ৰদান কৰা গুৰুত্বত আলোকপাত কৰে।অসমৰ যোৰহাটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 09th, 01:50 pm
অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাজী, মোৰ মন্ত্ৰীসভাৰ সহকৰ্মী সৰ্বানন্দ সোণোৱালজী, ৰামেশ্বৰ তেলীজী, অসম চৰকাৰৰ মন্ত্ৰীসকল, উপস্থিত জনপ্ৰতিনিধিসকল, গণ্যমান্য ব্যক্তিসকল আৰু অসমৰ মোৰ মৰমৰ ভাই-ভনীসকল।অসমৰ যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
March 09th, 01:14 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে স্বাস্থ্য, তেল আৰু গেছ, ৰে'ল আৰু গৃহ নিৰ্মাণ খণ্ডক সামৰি লৈছে।ভাৰতত নাহৰফুটুকী বাঘৰ বৰ্ধিত সংখ্যাক লৈ প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে
February 29th, 09:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত নাহৰফুটুকী বাঘৰ সংখ্যা বৃদ্ধি পোৱাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে নাহৰফুটুকী বাঘৰ সংখ্যাৰ এই উল্লেখযোগ্য বৃদ্ধি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাৰতৰ অটল সমৰ্পণৰ প্ৰমাণ।‘জি২০ ইউনিভাৰ্চিটি কানেক্ট ফিনালে’ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 26th, 04:12 pm
দুসপ্তাহৰ আগতে এই একেখন ভাৰত মণ্ডপমতে যথেষ্ট ক্ৰিয়া-কলাপ চলিছিল। এই ভাৰত মণ্ডপমটো একেবাৰে ‘চৰ্চাৰ কেন্দ্ৰবিন্দু’ত পৰিণত হৈছিল। আৰু মই আনন্দিত যে আজি মোৰ ভৱিষ্যতৰ ভাৰতখন একেটা ভাৰত মণ্ডপমত উপস্থিত হৈছে। ভাৰতে জি-২০ অনুষ্ঠানটোক কিমান উচ্চতালৈ লৈ গৈছে সেয়া দেখি বিশ্বই সঁচাকৈয়ে চমকিত হৈছে। কিন্তু সঁচা কথা ক’বলৈ গ’লে, মই একেবাৰে আচৰিত হোৱা নাই। হয়তো আপুনি ভাবিছে যে ইয়াৰ অপ্ৰতীম ভৱিষ্যৎ সত্ত্বেও মই কিয় আচৰিত হোৱা নাই? কাৰণ কি জানেনে? কাৰণ আপোনাৰ দৰে যুৱ ছাত্ৰ-ছাত্ৰীয়ে যদি কাৰ্যসূচীটো সফল কৰাৰ দায়িত্ব লয়, এনে অনুষ্ঠানত যদি যুৱক-যুৱতীসকল জড়িত হয়, তেন্তে ই সফল হোৱাটো তেনেই স্বাভাৱিক কথা।জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
September 26th, 04:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন কৰে। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ জি-২০ৰ অধ্যক্ষতা সম্পৰ্কে এটি ধাৰণা গঢ় দিয়া আৰু জি-২০ৰ ভিন্ন অনুষ্ঠানত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে ৪ পাব্লিকেচনো উন্মোচন কৰে যথাঃ জি-২০ৰ ভাৰতৰ অধ্যক্ষতাৰ অপাৰ সফলতাঃ দূৰদৰ্শী নেতৃত্ব, অন্তৰ্ভুক্ত পদ্ধতি (The Grand Success of G20 Bharat Presidency: Visionary Leadership, Inclusive Approach); ভাৰতৰ জি-২০ৰ অধ্যক্ষতাঃ বসুধৈৱ কুটুম্বকম (India's G20 Presidency: Vasudhaiva Kutumbakam); জি-২০ ইউনিভাৰ্চিটি কানেক্ট কাৰ্য্যক্ৰমৰ সংক্ষিপ্ত ৰূপ (Compendium of G20 University Connect Programme) আৰু জি-২০ত ভাৰতীয় সংস্কৃতিক থূপাই প্ৰদৰ্শন (Showcasing Indian Culture at G20)।India & Greece have a special connection and a relationship spanning centuries: PM Modi
August 25th, 09:30 pm
PM Modi addressed the Indian community at Athens Conservatoire, in Athens. In his address, PM Modi emphasized the unprecedented transformation that India is currently undergoing and the strides being made in various sectors. He lauded the success of the Chandrayaan mission. Prime Minister highlighted the contribution of the Indian community in Greece in advancing the multi-faceted India-Greece relations and urged them to be a part of India’s growth story.এথেন্সত প্ৰৱাসী ভাৰতীয় সমূদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
August 25th, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সৰ এথেন্স কনজাৰ্ভেটৰীত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ভাৰতে সম্প্ৰতি লাভ কৰি থকা অভূতপূৰ্ব অগ্ৰগতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চন্দ্ৰযান অভিযানৰ সফলতাকো তেওঁ ভূয়সী প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্বই জলবায়ু সংকটৰে যুঁজিবলগীয়া হোৱাৰ মুহূৰ্তত আমি পথ দেখুৱাইছো আৰু ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ – ‘মিছন লাইফ’-ৰ উদ্যোগ গ্ৰহণ কৰিছো
August 15th, 05:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা ‘৭৭ সংখ্যক স্বাধীনতা দিৱস’ উপলক্ষে দেশবাসীক সম্বোধন কৰি কয় যে আমি ‘জি-২০’ সন্মিলনৰ বাবে এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ ধাৰণা আগবঢ়াইছো আৰু সেই দিশত কাম কৰি আছো। বিশ্বই জলবায়ু সংকটৰ সৈতে যুঁজি থকাৰ মুহূৰ্তত আমি পথ দেখুৱাইছো আৰু ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ – ‘মিছন লাইফ’-ৰ উদ্যোগ গ্ৰহণ কৰিছোঁ।