প্ৰধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ
July 03rd, 08:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম প্ৰববো ছুবিয়ানোৰ আমন্ত্ৰণত ২০২৬ চনৰ ৬-৮ জুলাইত ইণ্ডোনেছিয়া ভ্ৰমণ কৰিব। এয়া ২০১৮ চনৰ মে’ মাহত ভাৰত-ইণ্ডোনেছিয়াৰ সম্পৰ্কক সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ পিছত প্ৰধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ চতুৰ্থটো আৰু প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ হ’ব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি প্ৰববোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। জাকাৰ্টাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ এক বৃহৎ সমাৱেশত ভাষণ দিব। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ঐতিহাসিক আৰু আন্তৰিক সম্পৰ্ক আছে। এই বিশেষ সম্পর্কসমূহৰ লগত খাপ খুৱাই প্রধানমন্ত্রীয়ে ইণ্ডোনেছিয়াৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্রৰ অন্যতম স্থান যোগাকার্টাৰ প্রম্বানান মন্দিৰ কমপ্লেক্সতো পৰিদর্শন কৰিব৷ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 28th, 05:00 pm
প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।প্ৰধানমন্ত্ৰীক ‘গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন’ ৰাষ্ট্ৰপতিৰ সন্মানেৰে সন্মানিত
June 28th, 03:07 pm
এটা বিশেষ অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতিৰ সন্মান- ‘গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন’ প্ৰদান কৰে ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক সেউজ নেতৃত্ব আৰু উন্নয়নশীল দেশসমূহৰ স্বাৰ্থ আগুৱাই নিয়াৰ দিশত কৰা প্ৰচেষ্টা আৰু নীলা অৰ্থনীতি, জলবায়ু কাৰ্যসূচী, সাগৰীয় সম্পদৰ বহনক্ষম ব্যৱস্থাপনা আৰু ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নমূলক আকাংক্ষাৰ প্ৰসাৰৰ দিশত তেওঁৰ দীৰ্ঘদিনীয়া দায়বদ্ধতাৰ বাবে এই সন্মান প্ৰদান কৰা হয়। প্ৰথমবাৰৰ বাবে এই বিশিষ্ট সন্মান প্ৰদান কৰা হৈছে।ছেচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্য
June 28th, 02:02 pm
তেখেতৰ দ্বাৰা গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন উপাধিৰে সন্মানিত হোৱাটো মোৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ বাবে অপৰিসীম আনন্দৰ বিষয়। মই এই সন্মান কৃতজ্ঞতা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি অব্যাহত ৰখা আৰু পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰা সেই সকলো দেশৰ বাবে উৎসৰ্গা কৰিছোঁ।কলম্বিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা এবেলাৰ্ডো ডে লা এস্প্ৰিয়েলাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
June 26th, 10:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলম্বিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে এবেলাৰ্ডো ডে লা এস্প্ৰিয়েলাক অভিনন্দন জনায়।ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:04 am
পশ্চিম এছিয়াত চলি থকা সংঘাতৰ অন্ত পেলোৱা আৰু বৃহত্তৰ অঞ্চলটোত শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰক লৈ এক বুজাবুজিৰ সৃষ্টিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰশংসা কৰে। তেওঁ লগতে হৰমুজ প্ৰণালীত নৌ পৰিবহণৰ স্বাধীনতা আৰু বাধাহীন বাণিজ্য অব্যাহত ৰখা আৰু নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।শ্লভাকিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্য
June 15th, 03:00 pm
আজি প্ৰধানমন্ত্ৰী আৰু মই আমাৰ পাৰস্পৰিক সহযোগিতাক এক নতুন দিশ আৰু নতুন শক্তি প্ৰদান কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিলোঁ। আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা প্ৰগতিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ।ফলাফলৰ সবিশেষঃ চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিক’ছ ক্ৰিষ্টোড’লিডেছৰ ভাৰত ভ্ৰমণ
May 22nd, 04:11 pm
সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক যুটীয়া কাৰ্যগোট গঠনৰ বাবে বুজাবুজি চুক্তিচাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ বিবৃতি
May 22nd, 01:00 pm
ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্ব শক্তিশালী আৰু ভৱিষ্যমুখী। গণতন্ত্ৰ আৰু আইনৰ শাসনৰ দৰে মূল্যবোধৰ ওপৰত গঢ়ি উঠা বিশ্বাস আমাৰ অংশীদাৰিত্বৰ আধাৰ। আমি সকলো দেশৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান জনাইছো। ভাৰত এই নীতিসমূহৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ আৰু ভৱিষ্যতেও দায়বদ্ধ হৈ থাকিব।তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
May 19th, 04:25 pm
গণতন্ত্ৰ, আইনৰ শাসন আৰু বহুদিশতাৰ প্ৰতি আমাৰ অংশীদাৰী দায়বদ্ধতাই আমাক স্বাভাৱিক সহযোগী কৰি তুলিছে। একে সময়তে প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহে আমাৰ সম্পৰ্কক অপৰিসীম সুযোগেৰে ভৰাই তুলিছে। সেয়েহে আঠ বছৰ আগতে নৰ্ডিক দেশসমূহৰ সৈতে আমাৰ সম্পৰ্কত অধিক শক্তি আৰু গতি অনাৰ বাবে এই বিন্যাস প্ৰতিষ্ঠা কৰিছিলো।ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনা প্ৰধানমন্ত্ৰীৰ
May 18th, 12:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ গোথেনবাৰ্গত দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈঠকত ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়াইও অংশগ্ৰহণ কৰে আৰু দেশখনৰ ৰজা কাৰ্ল ষষ্ঠদশ গুস্তাফ আৰু ৰাণী চিলভিয়াৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰজাৰ ৮০ সংখ্যক জন্মদিন উপলক্ষে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰে।ছুইডেনৰ নিৰ্বাচিত বাণিজ্যিক নেতৃত্বৰে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
May 17th, 11:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়া আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনে ১৭ মে’ ২০২৬ত ছুইডেনৰ নিৰ্বাচিত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে।আফশ্লুইটডাইক বান্ধ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
May 17th, 03:38 pm
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাননীয় ৰব জেটেনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেদাৰলেণ্ডৰ ঐতিহাসিক জল ব্যৱস্থাপনা গাঁথনি আফশ্লুইটডাইক বান্ধ পৰিদৰ্শন কৰে।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।ভাৰত-নেদাৰলেণ্ডৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০]
May 17th, 03:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনে ২০২৬ চনৰ ১৬ মে’ত হেগত এখন বৈঠকত মিলিত হয়। ইয়াৰ বাবে ভাৰত আৰু নেদাৰলেণ্ডে পৰৱৰ্তী পাঁচ বছৰৰ বাবে (২০২৬-২০৩০) ভাৰত-নেদাৰলেণ্ড কৌশলগত অংশীদাৰিত্বৰ কাঠামো গ্ৰহণ কৰে।নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত প্ৰধানমন্ত্ৰী
May 17th, 02:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগত থকা ডাচ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ (Catshuis)ত নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাননীয় ৰব জেটেনৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয়।নেদাৰলেণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
May 16th, 10:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমান ৰব জেটেনে আজি শক্তি, বন্দৰ, স্বাস্থ্য, কৃষি বাণিজ্য আৰু প্ৰযুক্তি আদি বিভিন্ন খণ্ডৰ আগশাৰীৰ ডাচ কোম্পানীসমূহৰ বিশিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ব্যৱসায়িক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে তিনিটা ক্লাষ্টাৰৰ বিষয়ে উপস্থাপন আগবঢ়ায় : অৰ্ধপৰিবাহী, প্ৰযুক্তি আৰু উদ্ভাৱন; আন্তঃগাঁথনি, লজিষ্টিক আৰু সামুদ্ৰিক; তথা বহনক্ষমতা, শক্তি আৰু কৃষি। এই বাঠকতে ভাৰতৰ বাবে তেওঁলোকৰ কৌশলৰ ৰূপৰেখাও দাঙি ধৰিছে।ইৰাকৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে আলী ফালিহ কাধিম আল-জাইদীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
May 16th, 01:35 pm
ইৰাকৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফালিহ কাধিম আল-জাইদীক অভিনন্দন জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতে ইৰাকৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক অত্যধিক মূল্য দিয়ে আৰু সকলো ক্ষেত্ৰতে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।নেদাৰলেণ্ডত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 16th, 01:30 pm
ইমান মৰম। ইমান উৎসাহ। সঁচা কথা ক’বলৈ গ’লে ক্ষন্তেক সময়ৰ বাবে মই প্ৰায় পাহৰি গৈছিলো যে মই নেদাৰলেণ্ডত আছো। এনে লাগে যেন ভাৰতৰেই ক’ৰবাত কিবা এটা উৎসৱ চলি আছে!নেদাৰলেণ্ডত প্ৰবাসী ভাৰতীয়সমাজ'ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
May 16th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগত ভাৰতীয় সম্প্ৰদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। নেদাৰলেণ্ডত উপস্থিত হোৱাৰ পিছতে প্ৰবাসী ভাৰতীয়সমাজ আৰু ভাৰতৰ বন্ধুসকলৰ এক বৃহৎ সমাৱেশে তেওঁক উষ্ম আদৰণি জনায়।