জি-২০ নেতৃবৰ্গৰ সন্মিলনৰ সমান্তৰালভাৱে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
November 21st, 10:43 pm
দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সমান্তৰালভাৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এইচ ই মিষ্টাৰ এণ্টনি আলবানিজে বৈঠকত মিলিত হয়। ২০২০ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সম্পৰ্কটো সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ পিছত বিগত পাঁচ বছৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সহযোগিতা গভীৰ আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাত দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বজুৰি যুঁজখন শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিছিল নেতাসকলে।‘জি-২০ শীৰ্ষ সন্মিলন’ত অংশগ্ৰহণৰ বাবে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী
November 21st, 06:25 pm
কিছু সময়ৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী। ‘২০ সংখ্যক জি-২০ নেতৃমণ্ডলীৰ সন্মিলন’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। শীৰ্ষ সন্মিলনৰ আহৰি পৰত তেওঁ বিশ্বৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ লগতে ‘ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা (আই বি এছ এ) নেতৃমণ্ডলীৰ বৈঠক’তো অংশগ্ৰহণ কৰিব।শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে
October 17th, 04:26 pm
গণতান্ত্ৰিক সমাজবাদী গণৰাজ্য শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহামহিম ডঃ হৰিণী অমৰসূৰ্য্যই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কানাডাৰ বৈদেশিক মন্ত্ৰীৰ
October 13th, 02:42 pm
কানাডাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী অনিতা আনন্দে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ভাৰত - মৰিচাছৰ যুটীয়া ঘোষণাঃ বিশেষ অৰ্থনৈতিক পেকেজ
September 11th, 01:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে মৰিচাছৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামে ভাৰত ভ্ৰমণ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক বিস্তৃত বিষয়ত অতি ফলপ্ৰসূ আলোচনাত মিলিত হয়। মৰিচাছ চৰকাৰে দাখিল কৰা অনুৰোধৰ ভিত্তিত তলত উল্লেখ কৰা প্ৰকল্পসমূহ নীতিগতভাৱে ভাৰত আৰু মৰিচাছে যৌথভাৱে ৰূপায়ণ কৰিবলৈ সহমতত উপনীত হৈছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্য
September 01st, 01:24 pm
আপোনাক লগ পাই বৰ ভাল লাগিছে আৰু মই সদায় অনুভৱ কৰোঁ যে আপোনাক লগ পোৱা মুহূৰ্তসমূহ স্মৰণীয় হৈ উঠে। আমি বহু কথা পতাৰ সুযোগ পাওঁ।ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
September 01st, 01:08 pm
চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে মিলিত হয়।ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাৰ সন্দৰ্ভত বৃহৎ বক্তব্য প্ৰধানমন্ত্ৰী মোদীৰ
September 01st, 12:48 pm
চীনৰ টিয়ানঝিনত অনুষ্ঠিত এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে এক বৈঠকত মিলিত হয়, য’ত ইউক্ৰেইনৰ সংঘাত আলোচনাৰ এক প্ৰধান বিষয় আছিল। শেহতীয়াভাৱে শান্তিৰ দিশত কৰা প্ৰচেষ্টাক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে সকলো পক্ষই গঠনমূলকভাৱে আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। তেওঁ সংঘাতৰ অতি সোনকালে অন্ত পেলোৱাটো অতি প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰি স্থায়ী শান্তিৰ পথ বিচাৰি উলিওৱাত জোৰ দিয়ে। বৃহত্তৰ মানৱীয় দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া কেৱল আঞ্চলিক উদ্বেগ নহয় বৰঞ্চ মানৱতাৰ আহ্বান।এছচিঅ’ সন্মিলনৰ আঁৰত ম্যানমাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু শান্তি আয়োগৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 31st, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা সন্মিলনৰ আঁৰত ম্যানমাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু শান্তি আয়োগৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে এখনি বৈঠকত মিলিত হয়।টিয়ানজিনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
August 31st, 11:06 am
আপোনাৰ উষ্ম আদৰণিৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যোৱা বছৰ কাজানত আমাৰ মাজত অতিশয় ফলপ্ৰসূ আলোচনা সম্পন্ন হৈছিল, যি আলোচনাই আমাৰ সম্পৰ্কক এক ইতিবাচক মাত্ৰা প্ৰদান কৰিছিল। সীমান্তত বিচ্ছিন্নতাৰ পিছত শান্তি আৰু সুস্থিৰতাৰ পৰিবেশ গঢ় লৈ উঠিছে। আমাৰ বিশেষ প্ৰতিনিধিসকলে সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক বুজাবুজিত উপনীত হৈছে। কৈলাশ মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে আৰু দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সেৱাও আৰম্ভ হৈছে। আমাৰ মাজৰ সহযোগিতা আমাৰ উভয় ৰাষ্ট্ৰৰ ২.৮ বিলিয়ন জনসাধাৰণৰ স্বাৰ্থৰে সম্পৰ্কীয়। ইয়াৰ জৰিয়তে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ পথো মুকলি হ’ব। আমি পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত আমাৰ সম্পৰ্কক অধিক সুদৃঢ়কৰণৰ বাবে অংগীকাৰবদ্ধ।চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক
August 31st, 11:00 am
আজি (৩১ আগষ্ট) টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) নেতাসকলৰ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে মিলিত হয়।প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে বাৰ্তালাপ কৰে
August 30th, 07:51 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভলোদিমিৰ জেলেনস্কিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।ঘটনাক্ৰম : ভাৰত-জাপান অৰ্থনৈতিক সুৰক্ষা সহযোগিতা
August 29th, 08:12 pm
আমাৰ উমৈহতীয়া মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ আঁত ধৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব দুয়োখন দেশৰ নিৰাপত্তা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আমাৰ কৌশলগত দৃষ্টিভংগী আৰু অৰ্থনৈতিক আৱশ্যকতাৰ ক্ৰমবৰ্ধমান অভিসৰণৰ পৰা উদ্ভৱ হোৱা আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ এক মূল আধাৰ।ভাৰত আৰু জাপানৰ মাজৰ সুৰক্ষা সহযোগিতা সন্দৰ্ভত যৌথ ঘোষণা
August 29th, 07:43 pm
ভাগ-বতৰা কৰা মূল্যবোধ আৰু উমৈহতীয়া স্বাৰ্থৰ ওপৰত আধাৰিত ভাৰত-জাপান বিশেষ ৰণনীতিগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু উদ্দেশ্যক স্মৰণ কৰি,ভাৰত-ফিজিৰ যৌথ বিবৃতিঃ ঘনিষ্ঠ বন্ধুত্বৰ মনোভাৱেৰে অংশীদাৰিত্ব
August 25th, 01:52 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ফিজি গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী চিটিবেনী ৰাবুকাই ২০২৫-ৰ ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী হিচাপে পোন-প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা ৰাবুকাৰ সৈতে তেওঁৰ পত্নী; স্বাস্থ্য আৰু চিকিৎসা সেৱা দপ্তৰৰ মন্ত্ৰী মাননীয় এন্টনিঅ’ লালাবালাভু আৰু ফিজি গণৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ এটা প্ৰতিনিধি দল নতুন দিল্লীত উপস্থিত হয়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ
August 19th, 07:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কমিউনিষ্ট পাৰ্টিৰ পলিটব্যুৰোৰ সদস্য তথা চীনৰ বৈদেশিক মন্ত্ৰী শ্ৰী ৱাং য়িক আদৰণি জনায়।হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
August 06th, 12:26 pm
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নায়াব সিং ছাইনীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ভাৰত আৰু ফিলিপিনছ চৰকাৰৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ ঘোষণা-পত্ৰ
August 05th, 05:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ফাৰ্ডিনাণ্ড আৰ মাৰ্কছ জুনিয়ৰে ৪-৮ আগষ্ট, ২০২৫ চনৰলৈ ভাৰত ভ্ৰমণৰ বাবে আহিছে।ৰাষ্ট্ৰপতি মাৰ্কছৰ সৈতে তেওঁৰ পত্নী মেডাম লুইজ আৰানেটা মাৰ্কছ আৰু ফিলিপাইনছৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীকে ধৰি এক উচ্চ পৰ্যায়ৰ চৰকাৰী প্ৰতিনিধি আৰু ব্যৱসায়িক প্ৰতিনিধি দলো আহিছে।ফলাফলৰ তালিকাঃ ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
August 05th, 04:31 pm
ভাৰত গণৰাজ্য আৰু ফিলিপাইনছ গণৰাজ্যৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ কথা ঘোষণাফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰোমুৱাল্ডেজ মাৰ্কছ জুনিয়ৰৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
August 05th, 03:45 pm
আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আজি আমাৰ দ্বি-পাক্ষিক সম্পৰ্কৰ বাবে এক ঐতিহাসিক দিন। আমি ভাৰত-ফিলিপাইনছৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছোঁ। ইয়াৰ ফলশ্ৰুতিত আমাৰ সম্পৰ্কই এক নতুন গতি লাভ কৰিব আৰু এই সম্পৰ্ক অধিক গভীৰ হ’ব। প্ৰতিৰক্ষা আৰু নিৰাপত্তা খণ্ডত আমাৰ সম্পৰ্ক সুদৃঢ় হ’ব। যোৱা কেইবছৰমানৰ পৰা আমাৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰতে অগ্ৰগতি হৈছে। ইয়াৰ ভিতৰত বাণিজ্য, প্ৰতিৰক্ষা, সামুদ্ৰিক, স্বাস্থ্য, নিৰাপত্তা, খাদ্য সুৰক্ষা, উন্নয়ন অংশীদাৰিত্ব আৰু জনতাৰ মাজৰ সম্পৰ্ক আদি অন্তৰ্ভুক্ত হৈছে। আজি আমি আগন্তুক পাঁচ বছৰৰ বাবে এক কাৰ্য্য পৰিকল্পনা যুগুত কৰা কাৰ্য্য পৰম সন্তোষৰ বিষয়।