
‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 11:30 am
নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।
ৰাজস্থানৰ বিকানেৰত এলানি উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অনুবাদ
May 22nd, 12:00 pm
ৰাজস্থানৰ ৰাজ্যপাল হৰিভাউ বাগড়ে জী, এইখন ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ভজন লাল জী, প্ৰাক্তন মুখ্যমন্ত্ৰী ভগ্নী বসুন্ধৰা ৰাজে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ জী, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল জী, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দীয়া কুমাৰী জী, প্ৰেম চান্দ জী, ৰাজস্থান চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী মদন ৰাথোৰ জী, অন্যান্য সাংসদ-বিধায়ক, আৰু মোৰ মৰমৰ ভাই-ভনীসকল।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বিকানেৰত ২৬,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে
May 22nd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বিকানেৰত ২৬,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসাধাৰণৰ উল্লেখযোগ্য অংশগ্ৰহণক স্বীকাৰ কৰি অনুষ্ঠানৰ বৃহৎ সমাৱেশক আদৰণি জনায়। কেইবাগৰাকীও ৰাজ্যপাল, মুখ্যমন্ত্ৰী, উপ-ৰাজ্যপাল আৰু অন্যান্য জন প্ৰতিনিধিৰ উপস্থিতিত আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ লগত জড়িত সমগ্ৰ দেশৰ সকলো সন্মানীয় গণ্যমান্য ব্যক্তি আৰু নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে।২২ মে'ত প্ৰধানমন্ত্ৰীৰ ৰাজস্থান ভ্ৰমণ
May 20th, 01:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মে'ত ৰাজস্থান ভ্ৰমণ কৰিব। তেওঁ বিকানেৰলৈ যাব আৰু পুৱা প্ৰায় ১১ বজাত তেওঁ দেশন’কৰ কৰ্ণী মাতা মন্দিৰ দৰ্শন কৰিব।১৭ ডিচেম্বৰত ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী
December 16th, 03:19 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ডিচেম্বৰত ৰাজস্থান ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ জয়পুৰত ‘এক বৰ্ষ-পৰিনাম উৎকৰ্ষ’: ৰাজস্থান চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব য’ত তেওঁ ৪৬,৩০০ কোটি টকাৰো অধিক মূল্যৰ শক্তি, পথ, ৰে’ল আৰু জল সম্পৰ্কীয় ২৪টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।Congress is so confident of its loss, it has entered the bye-bye mode: PM Modi
July 08th, 07:45 pm
Prime Minister Narendra Modi addressed a mega rally in Bikaner, Rajasthan. He began the rally be recalling the famous sweets and namkeen of Bikaner. He acknowledged that for him Bikaner is special as it is also known by the name ‘Choti Kashi’ and like Kashi, Bikaner also has its own history and antiquity.PM Modi addresses a public rally in Rajasthan’s Bikaner
July 08th, 05:52 pm
Prime Minister Narendra Modi addressed a mega rally in Bikaner, Rajasthan. He began the rally be recalling the famous sweets and namkeen of Bikaner. He acknowledged that for him Bikaner is special as it is also known by the name ‘Choti Kashi’ and like Kashi, Bikaner also has its own history and antiquity.Rajasthan has scored a double century when it comes to National Highways: PM Modi
July 08th, 05:00 pm
PM Modi laid the foundation stone and dedicated to the nation development projects worth over Rs 24,300 crore in Bikaner, Rajasthan. PM Modi said, The biggest beneficiaries of this infrastructure push are small businessmen and small-scale industries. The PM Modi said that Rajasthan has always been full of capabilities and potential. It is because of this potential for growth, the Prime Minister said, that record investment is being made in the state.ৰাজস্থানৰ বিকানেৰত ২৪,৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
July 08th, 04:41 pm
ৰে’ল লাইন দুগুণ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ ৰে’লৱেৰ উন্নয়নৰ ক্ষেত্ৰত দিয়া অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ২০০৪-২০১৪ চনৰ ভিতৰত ৰাজস্থানে ৰে’লৱেৰ বাবে গড়ে বছৰি ১০০০ কোটিতকৈও কম ধন লাভ কৰিছিল, আনহাতে ২০১৪ চনৰ পিছত ৰাজ্যখনে প্ৰতি বছৰে গড়ে ১০ হাজাৰ কোটি টকা লাভ কৰিছিল।