ভিডিঅ’ কনফাৰেন্সিংযোগে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 02nd, 01:00 pm
বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় কুমাৰ সিনহাজী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু কাৰ্যসূচীত উপস্থিত থকা মোৰ লাখ লাখ বিহাৰৰ ভগ্নী সকল, আপোনালোক সকলোকে প্ৰণাম জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰে
September 02nd, 12:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই শুভ মঙলবাৰে এক অতিশয় আশাব্যঞ্জক পদক্ষেপ আৰম্ভ হৈছে। তেখেতে কয় যে জীৱিকা নিধি সাখ সহকাৰী সংঘৰ জৰিয়তে বিহাৰৰ মাতৃ-ভগ্নীসকলক এক নতুন সুবিধা প্ৰদান কৰা হৈছে। এই পদক্ষেপে গাঁৱে-ভূঞে জীৱিকাৰ সৈতে জড়িত মহিলাসকলক অধিক সহজে আৰ্থিক সহায় লাভ কৰিবলৈ সক্ষম কৰি তুলিব, ইয়াৰ ফলশ্ৰুতিত তেওঁলোকে তেওঁলোকৰ কাম আৰু ব্যৱসায়ক আগুৱাই নিয়াত সহায়ক হ’ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। জীৱিকা নিধি ব্যৱস্থা সম্পূৰ্ণ ডিজিটেল হোৱাত তেখেতে সন্তোষ প্ৰকাশেৰে কয় যে এতিয়া সকলো কাম ম’বাইল ফোনযোগেই কৰিব পৰা যাব। তেখেতে জীৱিকা নিধি সাখ সহকাৰী সংঘৰ শুভাৰম্ভণি উপলক্ষে বিহাৰৰ মাতৃ-ভগ্নীসকলক অভিনন্দন জনোৱাৰ লগতে এই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণৰ বাবে শ্ৰী নীতিশ কুমাৰ আৰু বিহাৰ চৰকাৰক প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে ২ ছেপ্টেম্বৰত বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰিব
September 01st, 03:30 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্টেম্বৰৰ দিনৰ ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানটোৰ বেংক একাউন্টলৈ ১০৫ কোটি টকা হস্তান্তৰো কৰিব।