আলোড়ন সৃষ্টিকাৰী যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্য্যবংশীক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

আলোড়ন সৃষ্টিকাৰী যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্য্যবংশীক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

May 30th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনা বিমানবন্দৰত আলোড়ন সৃষ্টিকাৰী যুৱ ক্ৰিকেটৰ বৈভৱ সূৰ্য্যবংশী আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে। তেওঁৰ ক্ৰিকেট দক্ষতাক সমগ্ৰ দেশতে প্ৰশংসা কৰা হৈছে! তেওঁৰ ভৱিষ্যতৰ প্ৰয়াসসমূহৰ বাবে শুভেচ্ছা জনাইছোঁ, শ্ৰী মোদীয়ে কয়।

বিহাৰৰ কাৰাকটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

বিহাৰৰ কাৰাকটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 30th, 11:29 am

বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী শ্ৰী জিতন ৰাম মাঝি, লাল্লন সিং, গিৰিৰাজ সিং, চিৰাগ পাছৱান, নিত্যানন্দ ৰায়, সতীশ চন্দ্ৰ ডুবে, ৰাজভূষণ চৌধৰী, ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধাৰী, বিজয় কুমাৰ সিনহা, অন্যান্য মন্ত্ৰী, জনপ্ৰতিনিধি আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ কাৰাকাটত ৪৮,৫২০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উৎসৰ্গা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ কাৰাকাটত ৪৮,৫২০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উৎসৰ্গা কৰে

May 30th, 10:53 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ কাৰাকাটত ৪৮,৫২০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই পবিত্ৰ ভূমিত বিহাৰৰ উন্নয়নক ত্বৰান্বিতকৰণৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰে তথা ৪৮,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্য্যত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবা সহস্ৰাধিক লোকে তেখেতক আশীৰ্বাদ দিবলৈ ইয়াত সমবেত হোৱাৰ কথা উল্লেখেৰে বিহাৰৰ প্ৰতি তেওঁলোকৰ মৰমৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশেৰে তেওঁলোকৰ সমৰ্থন সদায় সৰ্বোচ্চ কৰি ৰাখিব বুলি কয়। তেখেতে বিহাৰৰ মাতৃ-ভগ্নীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

২৯ আৰু ৩০ মে’ত ছিকিম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

May 28th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ আৰু ৩০ মে’ত ছিকিম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব।

‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 25th, 11:30 am

নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।

ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ৭ম খেলো ইণ্ডিয়া ইউথ গেমছৰ উদ্বোধনী সমাৰোহত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 04th, 08:16 pm

বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী মনসুখ ভাই, ভগ্নী ৰক্ষা খড়ছে, শ্ৰী ৰামনাথ ঠাকুৰ জী, বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় কুমাৰ সিনহা জী, উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল, সকলো খেলুৱৈ, প্ৰশিক্ষক, অন্যান্য কৰ্মচাৰী আৰু মোৰ মৰমৰ যুৱ বন্ধু-বান্ধৱীসকল!

সপ্তম খেলো ইণ্ডিয়া যুৱ গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে

May 04th, 08:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সপ্তম খেলো ইণ্ডিয়া যুৱ গেমছৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত উপস্থিত খেলুৱৈ, প্ৰশিক্ষক, কৰ্মচাৰীসকলক সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে একত্ৰিত হৈছে, ব্যতিক্ৰমী প্ৰতিভা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। তেওঁ তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত আলোকপাত কৰি জাতিটোৰ ক্ৰীড়া মনোভাৱলৈ তেওঁলোকৰ অৱদানক স্বীকাৰ কৰে। খেলুৱৈসকলৰ উল্লেখযোগ্য দক্ষতা আৰু দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁলোকৰ ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণ আৰু নিৰন্তৰ উৎকৃষ্টতাৰ সন্ধানে জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনে। তেওঁলোকৰ ভৱিষ্যতৰ কাম-কাজৰ বাবে তেখেতৰ শুভেচ্ছা জ্ঞাপন কৰে।

বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 24th, 12:00 pm

ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে

April 24th, 11:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 23rd, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব। তেওঁ মধুবানী ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে পুৱা প্ৰায় ১১:৪৫ বজাত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ উৎসৰ্গা কৰিব। এই উপলক্ষে এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।

‘মুদ্ৰা যোজনা’ৰ ১০টা বছৰ সৱলীকৰণ আৰু উদ্যমশীলতা সন্দৰ্ভত আছিল: প্ৰধানমন্ত্ৰী

April 08th, 09:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰশংসা কৰি ইয়াক সৱলীকৰণ আৰু উদ্যমশীলতাৰ যাত্ৰা বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে সঠিক সহযোগিতাৰ দ্বাৰা ভাৰতৰ জনসাধাৰণে আশ্চৰ্যকৰ কাৰ্য সম্পাদিত কৰিব পাৰে।

বিহাৰ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

March 22nd, 09:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ দিৱসৰ উপলক্ষে বিহাৰবাসীক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে বিহাৰৰ চহকী ঐতিহ্য, ভাৰতীয় ইতিহাসলৈ ইয়াৰ অৱদান আৰু ৰাজ্যখনৰ উন্নয়নক আগুৱাই নিয়াত ইয়াৰ জনসাধাৰণৰ অদম্য মনোভাৱৰ প্ৰশংসা কৰে।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

বিহাৰৰ ভাগলপুৰত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 24th, 02:35 pm

মহৰ্ষি মেহীৰ তপস্যাস্থলী, ভগৱান বাসুপুজ্যৰ ভূমি, য'ত বিশ্ববিখ্যাত বিক্ৰমশিলা মহাবিহাৰ অৱস্থিত, আৰু বাবা বুধনাথৰ পবিত্ৰ ভূমি অংগৰাজ দানবীৰ কৰ্ণৰ এই ভূমিৰ পৰা সকলো ভাই-ভনীলৈ মোৰ শুভেচ্ছা!

পিএম কিষাণৰ ১৯তম কিস্তিৰ মুকলি, বিহাৰৰ ভগলপুৰৰ পৰা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 24th, 02:30 pm

কৃষকৰ কল্যাণ নিশ্চিত কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভগলপুৰৰ পৰা পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰে। এই উপলক্ষে তেওঁ বহু উন্নয়নমূলক প্ৰকল্পও শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ভাৰ্চুৱেলী অনুষ্ঠানত যোগদান কৰা সকলো গণ্যমান্য ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। মহাকুম্ভৰ পবিত্ৰ কালত মন্দাচল ভূমিত ভৰি দিয়াটো এক বৃহৎ সৌভাগ্যৰ কথা বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে এই স্থানত আধ্যাত্মিকতা, ঐতিহ্যৰ লগতে বিকশিত ভাৰতৰ সম্ভাৱনাও আছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই শ্বহীদ তিলকা মাঝিৰ ভূমি হোৱাৰ লগতে ৰেচম চহৰ হিচাপেও বিখ্যাত। তেওঁ লগতে কয় যে বাবা আজগৈবিনাথৰ পবিত্ৰ ভূমিতো আগন্তুক মহা শিৱৰাত্ৰীৰ প্ৰস্তুতি চলি আছে। তেওঁ কয় যে এনে এক পূণ্য মুহূৰ্তত পিএম কিষাণৰ ১৯​​সংখ্যক কিস্তি মুকলি কৰাৰ সৌভাগ্য হৈছিল আৰু ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে প্ৰায় ২২,০০০ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা হৈছিল।

২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ মধ্যপ্ৰদেশ, বিহাৰ আৰু অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

February 22nd, 02:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ মধ্যপ্ৰদেশ, বিহাৰ আৰু অসম ভ্ৰমণ কৰিব। ২৩ ফেব্ৰুৱাৰীত তেওঁ মধ্যপ্ৰদেশৰ চট্টাৰপুৰ জিলালৈ যাত্ৰা কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। ২৪ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৫ উদ্বোধন কৰিব। ইয়াৰ পিছত তেওঁ বিহাৰৰ ভগলপুৰলৈ যাত্ৰা কৰিব আৰু প্ৰায় ২:১৫ বজাত পি এম কিষান আঁচনিৰ ১৯তম কিস্তি মুকলি কৰাৰ লগতে বিহাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু দেশবাসীৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে গুৱাহাটীলৈ যাত্ৰা কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত তেওঁ ঝুমুইৰ বিনন্দিনী (বিশাল ঝুমুইৰ অনুষ্ঠান) ২০২৫ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ২৫ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ১০:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত এডভাণ্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰিব।

ইটি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

February 15th, 08:30 pm

যোৱাবাৰ যেতিয়া মই ইটি নাও সন্মিলনত অংশ লৈছিলো তেতিয়া নিৰ্বাচনৰ সময় ওচৰ চাপিছিল। সেই সময়ত মই বিনম্ৰভাৱে কৈছিলোঁ যে আমাৰ তৃতীয় কাৰ্যকালত ভাৰতে নতুন গতিৰে কাম কৰিব। মই সন্তুষ্ট যে এই গতি আজি দেখা গৈছে আৰু দেশেও ইয়াক সমৰ্থন কৰিছে। নতুন চৰকাৰ গঠনৰ পিছত দেশৰ বহু ৰাজ্যত ৰাইজৰ আশীৰ্বাদ ধাৰাবাহিকভাৱে লাভ কৰি আছে বিজেপি-এনডিএ!জুন মাহত ওড়িশাৰ জনসাধাৰণে উন্নত ভাৰতৰ সংকল্পক গতি প্ৰদান কৰিছিল, তাৰ পিছত হাৰিয়ানাৰ জনসাধাৰণে সমৰ্থন কৰে আৰু এতিয়া দিল্লীৰ জনসাধাৰণে আমাক সম্পূৰ্ণ সমৰ্থন দিছে। আজি দেশৰ জনসাধাৰণে যে কান্ধত কান্ধ মিলাই উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়িছে, তাৰ প্ৰমাণ পোৱা গৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ ত ভাষণ প্ৰদান কৰে

February 15th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ত উপস্থিত সকলক সম্বোধন কৰি স্মৰণ কৰে যে ‘ইটি নাও সন্মিলন’ৰ অন্তিম সংস্কৰণত তেওঁ বিনয়ৰে কৈছিল যে তেওঁলোকৰ তৃতীয়টো কাৰ্যকালত ভাৰতে এক নতুন গতিত কাম কৰিব। তেওঁ সন্তুষ্টি ব্যক্ত কৰে যে এই গতি এতিয়া স্পষ্ট হৈ উঠিছে আৰু দেশৰ পৰা সমৰ্থন লাভ কৰিছে। তেওঁ উৰিষ্যা, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু নতুন দিল্লীৰ জনসাধাৰণক ‘বিকশিত ভাৰত’ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি অপৰিসীম সমৰ্থন দেখুওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ইয়াক এক উন্নত ভাৰতৰ লক্ষ্যৰ দিশত দেশৰ নাগৰিকসকলে কেনেদৰে কান্ধত কান্ধ মিলাই আগবাঢ়িছে তাৰ স্বীকৃতি বুলিয়ে স্বীকাৰ কৰে।

"পৰীক্ষা পে’ চৰ্চা ২০২৫" কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ পাঠ

February 10th, 11:30 am

আমি ‘পৰীক্ষা পে’ চৰ্চা’ৰ বাবে খুবেই উৎফুল্লিত হৈ আছোঁ।