ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভূটান ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি

November 12th, 10:00 am

এই ভ্ৰমণৰ সময়ত, প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ১১ নৱেম্বৰত চাংলিমিথাঙত মহামান্য চতুৰ্থ ড্ৰুক গ্যালপোৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ভূটানৰ জনসাধাৰণৰ সৈতে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে থিম্ফুত চলি থকা বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱতো অংশগ্ৰহণ কৰে। ভূটানৰ মহামান্য ৰজাই এই উৎসৱৰ সময়ত ৰাজহুৱা পূজাৰ বাবে থিম্ফুলৈ ভাৰতৰ পৰা অহা ভগৱান বুদ্ধৰ পবিত্ৰ পিপৰাহৱা অৱশিষ্টসমূহৰ প্ৰশংসা কৰে।

ভূটানৰ চতুৰ্থ ৰজাৰ সৈতে প্ৰধানমন্ত্ৰীৰ জনতাক আদৰণি আৰু বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱত অংশগ্ৰহণ

November 12th, 09:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ চতুৰ্থ ৰজা মহামান্য জিগমে সিংগিয়ে ৱাংচুকৰ সৈতে জনতাক আদৰণি জনায়।

প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজাৰ সৈতে দৰ্শকক সম্ভাষণ জনায়

November 11th, 06:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ মহামহিম ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ সৈতে দৰ্শক ৰাইজক সম্ভাষণ জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অধিক বৰ্ধন আৰু সুদৃঢ়কৰণৰ উপায় সম্পৰ্কে মত-বিনিময় কৰে। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজনিত আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহতো আলোচনাত মিলিত হয়। মহামহিমে দিল্লীত সংঘটিত শোকাৱহ ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰে।

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ভূটান ভ্ৰমণ

November 11th, 06:10 pm

বুজাবুজিৰ চুক্তিখনে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক যোগাযোগসমূহক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান কৰিব বিচাৰিছে আৰু সৌৰশক্তি, বায়ু শক্তি, বাঅ’মাছ, শক্তি সংৰক্ষণ, সেউজ হাইড্ৰজেন তথা সামৰ্থ্য বিকাশৰ দৰে ক্ষেত্ৰসমূহত একেলগে কাম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

দিল্লীৰ ঘটনাৰ পাছত ভূটানৰ সহমৰ্মিতাৰ বাবে প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা

November 11th, 03:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উদযাপন অনুষ্ঠানত ভাৰতৰ সৈতে সংহতি প্ৰকাশ কৰাৰ বাবে ভূটানৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। দিল্লীত সংঘটিত শোকাৱহ ঘটনাটোৰ পাছত ভূটানৰ জনসাধাৰণে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বিশেষভাৱে প্ৰাৰ্থনা জনাইছিল। প্ৰধানমন্ত্ৰীয়ে সহানুভূতি আৰু ঐক্যৰ এই গভীৰ দৃষ্টিভংগীক স্বীকাৰ কৰি কয়, মই এই ভাব-প্ৰকাশক কেতিয়াও পাহৰিব নোৱাৰিম।

ভূটানৰ ৰজাৰ জন্মদিন উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

November 11th, 12:00 pm

কিন্তু আজি মই এটা গধুৰ মনেৰে ইয়ালৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়ানক ঘটনাই আমাক সকলোকে গভীৰভাৱে বিচলিত কৰিছে। ইয়াত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ মৰ্মবেদনা উপলব্ধি কৰিছোঁ। সমগ্ৰ ৰাষ্ট্ৰ আজি তেওঁলোকৰ শোকৰ সমভাগী হৈছে।

ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

November 11th, 11:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ থিম্পুৰ চাংলিমেথাং উদযাপন খেলপথাৰত ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু চতুৰ্থ ৰজা জিগমে সিংগিয়ে ৱাংচুকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাজপৰিয়ালৰ সন্মানীয় সদস্যসকল, ভূটানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বেৰিং ট'বগে আৰু উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলকো সন্মান জনায়।

PM Modi arrives in Bhutan for a two-day state visit

November 11th, 10:42 am

PM Modi arrived in Bhutan a short while ago. His two-day visit seeks to strengthen the special ties of friendship and cooperation between the two countries. The PM was given a warm welcome by Prime Minister of Bhutan Mr. Tshering Tobgay at the airport.

ভূটানলৈ যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

November 11th, 07:28 am

মই ২০২৫ চনৰ ১১-১২ নৱেম্বৰত ভূটান ভ্ৰমণ কৰিম।

প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ পবিত্ৰ অৱশিষ্টসমূহক শ্ৰদ্ধাৰে আদৰণি জনোৱাৰ বাবে ভূটানৰ জনসাধাৰণ আৰু নেতৃত্বক প্ৰশংসা কৰে

November 09th, 03:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান বুদ্ধৰ পবিত্ৰ অৱশিষ্টসমূহক শ্ৰদ্ধাৰে আদৰণি জনোৱাৰ বাবে ভূটানৰ জনসাধাৰণ আৰু নেতৃত্বক আন্তৰিক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয় যে এই ধ্বংসাৱশেষবোৰ শান্তি, সহানুভূতি আৰু সম্প্ৰীতিৰ কালজয়ী বাৰ্তাৰ প্ৰতীক। ‘ভগৱান বুদ্ধৰ শিক্ষা আমাৰ দুয়োখন ৰাষ্ট্ৰৰ আধ্যাত্মিক ঐতিহ্যৰ মাজত এক পবিত্ৰ যোগসূত্ৰ’, শ্ৰী মোদীয়ে কয়।

২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

November 09th, 09:59 am

দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে ২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক সাক্ষাৎ কৰিব। ভূটানৰ চতুৰ্থ ৰজা মহামহিম জিগমে চিংগ্যে ৱাংচুকৰ ৭০ সংখ্যক জয়ন্তী উদযাপন আৰু ‘বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱ’তো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ভূটানৰ প্ৰধানমন্ত্ৰীৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰ ভ্ৰমণক আদৰণি প্ৰধানমন্ত্ৰীৰ

September 06th, 08:28 pm

প্ৰধানমন্ত্ৰী টবগেই তেওঁৰ পত্নীৰ সৈতে অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰত প্ৰাৰ্থনা কৰা দেখি আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰভু শ্ৰীৰামৰ আদৰ্শই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক শক্তি আৰু প্ৰেৰণা দিয়ে, শ্ৰী মোদীয়ে কয়।

PM thanks World Leaders for their greetings on 79th Independence Day

August 15th, 07:26 pm

The Prime Minister, Shri Narendra Modi, thanked World Leaders for their greetings and wishes on the 79th Independence Day.

We are moving towards an India where energy is cheap, clean and easily available: PM Modi in Alipurduar, West Bengal

May 29th, 01:30 pm

PM Modi laid the foundation stone of the City Gas Distribution project in Alipurduar, West Bengal. “As India moves towards becoming a developed nation, Bengal’s participation is both expected and essential”, emphasised the PM, highlighting the Central government's continuous efforts to accelerate infrastructure, innovation, and investment in the region. He praised West Bengal as a major center of India's culture, knowledge, and scientific advancements.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ আলিপুৰদুৱাৰত ১০১০ কোটি টকাৰো অধিক মূল্যৰ চিটি গেছ বিতৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

May 29th, 01:20 pm

ভাৰতৰ চিটি গেছ বিতৰণ (CGD) নেটৱৰ্কৰ সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ আলিপুৰদুৱাৰত চিজিডি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ঐতিহাসিক ভূমি আলিপুৰদুৱাৰৰ পৰা পশ্চিম বংগবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে অঞ্চলটোৰ চহকী সাংস্কৃতিক তাৎপৰ্য্যত আলোকপাতেৰে কয় যে কেৱল ইয়াৰ সীমাৰেখাৰ বাবেই নহয়, বৰঞ্চ ইয়াৰ বদ্ধমূল পৰম্পৰা আৰু সংযোগৰেও মহীয়ান হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আলিপুৰদুৱাৰে ভূটানৰ সৈতে নিজৰ সীমাৰেখা ভাগ কৰে, আনহাতে অসমে ইয়াক আদৰণি জনাইছে। বংগৰ ঐতিহ্য আৰু ঐক্যত ইয়াৰ ভূমিকাত আলোকপাতেৰে তেখেতে এই সমৃদ্ধিশালী ভূমি ভ্ৰমণ কৰিবলৈ পাই সন্তোষ প্ৰকাশ কৰে।

ভূটানৰ প্ৰধানমন্ত্ৰীৰে মিলিত প্ৰধানমন্ত্ৰী

April 04th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনৰ আঁৰত ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগেৰে মিলিত হয়।

০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ

April 02nd, 02:00 pm

বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।

ভাৰত আৰু ভূটানৰ মাজত অনন্য আৰু ঐতিহাসিক অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী

February 21st, 07:16 pm

নতুন দিল্লীত ‘এছঅ’ইউএল লিডাৰশ্বিপ কনক্লেভ’ত ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগেৰ ভাষণৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু ভূটানৰ মাজত অনন্য আৰু ঐতিহাসিক অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।

নতুন দিল্লীত ছ’ল লিডাৰশ্বিপ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 21st, 11:30 am

ভূটানৰ প্ৰধানমন্ত্ৰী, মোৰ ভাই দাশো শ্বেৰিং টবগে জী, ছ’ল ব’ৰ্ডৰ অধ্যক্ষ সুধিৰ মেহতা, উপাধ্যক্ষ হান্সমুখ আধিয়া, উদ্যোগ জগতৰ পৰা অহা বিশিষ্ট ব্যক্তি, যিসকলে নিজৰ জীৱনত নেতৃত্ব প্ৰদান কৰাত সফল হৈছে, তেওঁলোকৰ নিজৰ নিজৰ ক্ষেত্ৰখনতো মোৰ ডেকা বন্ধুসকলক দেখিছোঁ যিসকলে ভৱিষ্যতৰ বাবে অপেক্ষা কৰি আছে, সকলোকে নমস্কাৰ।

ছউল লিডাৰশ্বিপ কনক্লেভৰ প্ৰথম সংস্কৰণ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 21st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত স্কুল অৱ আলটিমেট লিডাৰশ্বিপ (ছউল) সন্মিলন ২০২৫ৰ প্ৰথম সংস্কৰণ উদ্বোধন কৰে। ইয়াত উপস্থিত থকা বিশিষ্ট নেতা আৰু ভৱিষ্যতৰ উদীয়মান যুৱ নেতাসকলক আদৰণি জনাই শ্ৰী মোদীয়ে মন্তব্য কৰে যে কিছুমান অনুষ্ঠান অতি ভাল লগা আৰু আজি এনে এক অনুষ্ঠান আছিল। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সুনাগৰিকৰ বিকাশ প্ৰয়োজনীয়, প্ৰতিখন ক্ষেত্ৰতে উৎকৃষ্ট নেতাৰ বিকাশ প্ৰয়োজনীয়, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ মন্তব্য কৰে যে প্ৰতিটো খণ্ডত উৎকৃষ্ট নেতাক গঢ় দিয়াটো জৰুৰী, যিটো সময়ৰ প্ৰয়োজন। সেয়েহে, তেওঁ এই কথাত আলোকপাত কৰি কয় যে স্কুল অৱ আলটিমেট লিডাৰশ্বিপ বিকশিত ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ছউল কেৱল সংস্থাটোৰ নামত নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ছউল হব ভাৰতৰ সামাজিক জীৱনৰ আত্মা। তেওঁ লগতে কয় যে আন এক অৰ্থত, ছউলে আধ্যাত্মিক অভিজ্ঞতাৰ গুৰুত্বও সুন্দৰভাৱে দাঙি ধৰে। ছউলৰ সকলো অংশীদাৰক শুভেচ্ছা জনাই শ্ৰী মোদীয়ে ঘোষণা কৰে যে অদূৰ ভৱিষ্যতে গুজৰাটৰ জি আই এফ টি চিটিৰ ওচৰত ছউলৰ এক নতুন, বিশাল চৌহদ সাজু হব।