বাৰাণসীৰপৰা চাৰিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 08th, 08:39 am

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী শ্ৰী আদিত্যনাথ জী; কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ আৰু বিকশিত ভাৰতৰ শক্তিশালী ভেটি স্থাপন কৰা উল্লেখযোগ্য প্ৰযুক্তিগত অগ্ৰগতিৰ নেতৃত্ব প্ৰদানকাৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী; এৰ্নাকুলামৰ পৰা প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ জী; কেন্দ্ৰত মোৰ সতীৰ্থ শ্ৰী সুৰেশ গোপী জী আৰু শ্ৰী জৰ্জ কুৰিয়ান জী; কেৰালাত এই কাৰ্য্যসূচীত উপস্থিত থকা আন সকলো মন্ত্ৰী আৰু জনপ্ৰতিনিধি; কেন্দ্ৰত মোৰ সতীৰ্থ আৰু পঞ্জাৱৰ নেতা তথা ফিৰোজপুৰৰ পৰা সংযুক্ত শ্ৰী ৰৱনীত সিং বিট্টু জী; তাত থকা সকলো জনপ্ৰতিনিধি; লক্ষ্ণৌৰ পৰা সংযুক্ত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠক জী; আন-আন বিশিষ্ট অতিথি আৰু মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে

November 08th, 08:15 am

ভাৰতৰ আধুনিক ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনোৱাৰ লগতে বাবা বিশ্বনাথৰ পবিত্ৰ নগৰ বাৰাণসীৰ সকলো পৰিয়াললৈ শুভেচ্ছা জনায়। তেওঁ দেৱ দীপাৱলীৰ সময়ত প্ৰত্যক্ষ কৰা অসাধাৰণ উদযাপন কাৰ্য্য সন্দৰ্ভত ব্যক্ত কৰি আজিও এক শুভ অনুষ্ঠান বুলি উল্লেখেৰে উন্নয়নৰ এই উৎসৱৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি

April 22nd, 12:27 pm

কূটনৈতিক ফোন কলৰ পৰা আৰম্ভ কৰি যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰলৈকে এই সপ্তাহত বিশ্বৰ মঞ্চত ভাৰতৰ উপস্থিতি সহযোগিতা, উদ্ভাৱন, আৰু সাংস্কৃতিক গৌৰৱৰ দ্বাৰা চিহ্নিত কৰা হৈছে।

২২ আৰু ২৩ ফেব্ৰুৱাৰীত গুজৰাট আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

February 21st, 11:41 am

২২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১০:৪৫ বজাত আহমেদাবাদত প্ৰধানমন্ত্ৰীয়ে গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন (জিচিএমএমএফ)ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মহেছানাত উপস্থিত হৈ বলিনাথ মহাদেৱ মন্দিৰত পূজা অৰ্চনা আৰু দৰ্শন কৰিব। দিনৰ প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে মহেছানাৰ তাৰভত ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব য’ত তেওঁ ৮,৩৫০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰায় ৪:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱছাৰীত উপস্থিত হ’ব, য’ত তেওঁ প্ৰায় ১৭,৫০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৬:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে কাকৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি দুটা নতুন চাপযুক্ত গধুৰ পানী ৰিয়েক্টৰ (পিএইচডব্লিউআৰ) ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।