প্ৰধানমন্ত্ৰী মোদীৰ স্বাধীনতা দিৱসৰ ভাষণ: সংস্কাৰ, আত্মনিৰ্ভৰশীলতা আৰু প্ৰতিজন ভাৰতীয়ক শক্তিশালী কৰাৰ বাবে এক দৃষ্টিভংগী
August 15th, 10:23 am
৭৯সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ আত্মনিৰ্ভৰশীলতা আৰু পৰিৱৰ্তনৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰি দেশবাসীক সম্বোধন কৰে। তেওঁ কয় যে বিগত দশকত ভাৰতে সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তন ঘটাই আহিছে, কিন্তু এতিয়া আৰু অধিক শক্তিৰে আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে। তেওঁ দৃঢ়তাৰে কয় যে চৰকাৰখন আধুনিক, দক্ষ আৰু নাগৰিক অনুকূল পৰিস্থিতিতন্ত্ৰ সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, য’ত আইন, নিয়ম আৰু প্ৰক্ৰিয়াসমূহ সৰল কৰা হয়, ঔদ্যোগীকৰণক উৎসাহিত কৰা হয় আৰু প্ৰতিজন ভাৰতীয়ই বিকশিত ভাৰত গঢ়ি তোলাত অৰিহণা যোগাব পাৰে।