ভাৰত ৰত্ন শ্ৰী কৰ্পূৰী ঠাকুৰৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
January 24th, 08:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত ৰত্ন বঁটা বিজয়ী শ্ৰী কৰ্পূৰী ঠাকুৰক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।গুৱাহাটীত পৰম্পৰাগত বড়ো সাংস্কৃতিক কাৰ্যসূচী 'বাগুৰুম্বা দহৌ'ৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 17th, 06:30 pm
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য জী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, পবিত্ৰ মাৰ্ঘেৰিটা জী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী জী, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সন্মানীয় নাগৰিক আৰু অসমৰ মোৰ ভাই-ভনীসকল।অসমৰ গুৱাহাটীত বাগুৰুম্বা দহৌ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 17th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান 'বাগুৰুম্বা দহৌ ২০২৬' অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ সংস্কৃতিৰ সাক্ষী হোৱা আৰু বড়ো জনগোষ্ঠীৰ পৰম্পৰা নিবিড়ভাৱে অনুসৰণ কৰাটো তেওঁৰ বাবে এক সৌভাগ্যৰ বিষয়। কোনো প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দৰে সঘনাই অসম ভ্ৰমণ কৰা নাই বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে অসমৰ কলা-সংস্কৃতিয়ে যাতে বৃহত্তৰ মঞ্চ লাভ কৰে আৰু দেশ তথা বিশ্বজুৰি ব্যাপক উদযাপনৰ জৰিয়তে স্বীকৃতি লাভ কৰে, তাৰ বাবে তেওঁ সদায় কামনা কৰে বুলি কয়। বৃহৎ পৰিসৰত বিহু উদযাপন, ঝুমুইৰ বিনন্দিনী অনুষ্ঠান, নতুন দিল্লীত ডেৰ বছৰৰ পূৰ্বে অনুষ্ঠিত ভব্য বড়ো মহোৎসৱ আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ এই দিশত ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত আছে বুলি কয়। অসমৰ কলা-সংস্কৃতিৰ অনন্য আনন্দ উপভোগ কৰাৰ সুযোগ তেওঁ কেতিয়াও এৰি নিদিয়ে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বড়োসকলৰ পৰিচয়ৰ এক উজ্জ্বল উদযাপন আৰু অসমৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বাগুৰুম্বা উৎসৱৰ আয়োজন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানৰ সৈতে জড়িত সকলোকে, বিশেষকৈ শিল্পীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীজীক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 25th, 08:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাজপেয়ীজীয়ে তেওঁৰ গোটেই জীৱন সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল। ‘তেওঁ কেৱল এগৰাকী বাকপটু বক্তা হিচাপেই নহয়, এগৰাকী উৎসাহী কবি হিচাপেও সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ ব্যক্তিত্ব, কৰ্ম আৰু নেতৃত্বই দেশৰ সৰ্বাংগীন উন্নয়নৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰি থাকিব’, শ্ৰী মোদীয়ে কয়।ভাৰত ৰত্ন মহামন্য পণ্ডিত মদন মোহন মালব্যজীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 25th, 08:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ৰত্ন মহামনা পণ্ডিত মদন মোহন মালব্যজীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মালব্যজী জীৱনজুৰি মাতৃভূমিৰ সেৱাৰ প্ৰতি সমৰ্পিত হৈ আছিল। ‘দাসত্বৰ শিকলি ভাঙিবলৈ সামাজিক সংস্কাৰৰ লগতে ৰাষ্ট্ৰীয় চেতনা জাগ্ৰত কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দেশৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদান কেতিয়াও পাহৰিব নোৱাৰি’, শ্ৰী মোদীয়ে কয়।প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙজীক তেওঁৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 23rd, 09:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন চৌধুৰী চৰণ সিঙজীক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ সমাজৰ বঞ্চিত শ্ৰেণীৰ কল্যাণৰ লগতে কৃষিৰ প্ৰগতি আৰু কৃষকসকলৰ সমৃদ্ধিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ অৱদান কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে, শ্ৰী মোদীয়ে কয়।নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 31st, 07:00 pm
মই প্ৰথমেই পলমকৈ আহি পোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি চৰ্দাৰ চাহাবৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে একতা নগৰৰ ষ্টেচু অৱ ইউনিটিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু সেয়েহে ইয়াত উপস্থিত হোৱাত পলম হ’ল। মই ইয়াত সময়মতে উপস্থিত হ’ব নোৱাৰাৰ বাবে অনুতপ্ত হৈছোঁ আৰু ইয়াৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। যেতিয়াই মই এনে সমাৱেশৰ মাজলৈ আহোঁ, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰোঁ। এই অনুভূতিৰ কাৰণ হৈছে স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ। মই স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ। ইয়াত উপস্থিত আপোনালোক সকলো চিন্তকৰ সৈতে মোৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোন আছে। আপোনালোকে মোক বাৰে-বাৰে আপোনালোকৰ মাজত থকাৰ সুযোগ দিছে। যেতিয়াই মই আপোনালোকক লগ পাওঁ আৰু আপোনালোকৰ সৈতে যোগাযোগ কৰোঁ, তেতিয়াই মোৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 31st, 09:00 am
আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক। চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি উল্লেখযোগ্য। ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। দেশজোৰা ৰান ফৰ ইউনিটিত কোটি-কোটি ভাৰতীয়ই উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উপস্থাপন উল্লেখযোগ্য আছিল। ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মই দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 31st, 08:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেবদিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। তেখেতে দেশজোৰা ৰান ফৰ ইউনিটি আৰু ইয়াত কোটি-কোটি ভাৰতীয়ৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ কথা উল্লেখেৰে ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে বুলি কয়। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উল্লেখযোগ্য উপস্থাপনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। তেখেতে অৱগতে কৰে যে চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।NDA freed Bihar from Naxalism and Maoist terror — now you can live and vote fearlessly: PM Modi in Begusarai
October 24th, 12:09 pm
Addressing a massive public rally in Begusarai, PM Modi stated, On one side, there is the NDA, an alliance with mature leadership, and on the other, there is the 'Maha Lathbandhan'. He highlighted that nearly 90% of purchases in the country are of Swadeshi products, benefiting small businesses. The PM remarked that the NDA has freed Bihar from Naxalism and Maoist terror, and that every vote of the people of Bihar will help build a peaceful, prosperous state.We’re connecting Bihar’s heritage with employment, creating new opportunities for youth: PM Modi in Samastipur
October 24th, 12:04 pm
Ahead of the Bihar Assembly elections, PM Modi kickstarted the NDA’s campaign by addressing a grand public meeting in Samastipur, Bihar. He said, “The trumpet of the grand festival of democracy has sounded. The entire Bihar is saying, ‘Phir Ek Baar NDA Sarkar!’” Remembering Bharat Ratna Jan Nayak Karpoori Thakur ji, the PM said, “It is only due to his blessings that people like us, who come from humble and backward families, are able to stand on this stage today.”PM Modi addresses enthusiastic crowds in Bihar’s Samastipur and Begusarai
October 24th, 12:00 pm
Ahead of the Bihar Assembly elections, PM Modi kickstarted the NDA’s campaign by addressing massive gatherings in Samastipur and Begusarai, Bihar. He said, “The trumpet of the grand festival of democracy has sounded. The entire Bihar is saying, ‘Phir Ek Baar NDA Sarkar!’” Remembering Bharat Ratna Jan Nayak Karpoori Thakur ji, the PM remarked, “It is only due to his blessings that people like us, who come from humble and backward families, are able to stand on this stage today.”অসমৰ দৰঙত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 14th, 11:30 am
অসমৰ বিকাশৰ যাত্ৰাৰ এই ঐতিহাসিক দিনটোত দৰংবাসীৰ লগতে সমগ্ৰ অসমবাসীক মই আন্তৰিক ওলগ আৰু অভিনন্দন জনাইছো।অসমৰ দৰঙত প্ৰায় ৬,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 14th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ দৰঙত প্ৰায় ৬,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়ন যাত্ৰাৰ এই ঐতিহাসিক দিনটোত দৰংবাসীৰ লগতে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব
September 12th, 02:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।নতুন দিল্লীত আয়োজিত এম.এছ. স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
August 07th, 09:20 am
মোৰ কেবিনেট সতীৰ্থ শ্ৰী শিৱৰাজ সিং চৌহান; এম.এছ. স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচনৰ অধ্যক্ষ ডঃ সৌম্য স্বামীনাথন; নিটি আয়োগৰ সদস্য ডঃ ৰমেশ চান্দ; মই স্বামীনাথনৰ পৰিয়ালৰ ভালে কেইজন সদস্যও ইয়াত উপস্থিত থকা দেখিবলৈ পাইছোঁ— মই তেওঁলোককো শ্ৰদ্ধাৰে শুভেচ্ছা জনাইছোঁ। সকলো বিজ্ঞানী, বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাক সম্ভাষণ জনালোঁ!এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 07th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আইচিএআৰ পিইউএছএত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন আৰু সম্বোধন কৰে। অধ্যাপক এম এছ স্বামীনাথনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক এজন দূৰদৰ্শী ব্যক্তি হিচাপে অভিহিত কৰে, যাৰ বৰঙণিয়ে এটা যুগৰ সূচনা কৰে। তেওঁ লগতে কয় যে অধ্যাপক স্বামীনাথন এগৰাকী মহান বিজ্ঞানী আছিল, যিয়ে বিজ্ঞানক জনসেৱাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক স্বামীনাথনে দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। অধ্যাপক স্বামীনাথনে এনে এক চেতনা জাগ্ৰত কৰিলে যিয়ে আগন্তুক শতিকাজুৰি ভাৰতৰ নীতি আৰু অগ্ৰাধিকাৰক পথ প্ৰদৰ্শন কৰি থাকিব বুলি তেওঁ উল্লেখ কৰে। স্বামীনাথনৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 14th, 11:00 am
মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)PM Modi lays foundation stone of new terminal building of Hisar airport worth over Rs 410 crore
April 14th, 10:16 am
PM Modi during his visit to Hisar, laid the foundation stone of the ₹410 crore Maharaja Agrasen Airport terminal and flagged off the first flight between Hisar and Ayodhya. He highlighted the push for affordable air travel, Haryana’s growing aspirations, and the government’s commitment to Babasaheb Ambedkar’s vision of dignity, equality, and empowerment for all.ভাৰত ৰত্ন বাবাচাহেব আম্বেদকাৰৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
April 14th, 09:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ৰত্ন বাবাচাহেব আম্বেদকাৰৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে বাবাচাহেবৰ নীতি আৰু আদৰ্শৰাজিয়ে এখনি আত্ম-নিৰ্ভৰ আৰু উন্নত ভাৰত গঢ়াৰ অৰ্থে শক্তি আৰু গতি প্ৰদান কৰিব বুলি কয়।