নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপ’ ২০২৫ ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 17th, 11:00 am
যোৱাবাৰ আপোনালোকৰ মাজলৈ অহাৰ সময়ত লোকসভা নিৰ্বাচন তেনেই সামগত আছিল। সেই সময়ত আপোনালোক সকলোৰে আস্থাৰ বাবেই মই কৈছিলোঁ যে অহাবাৰো ইণ্ডিয়া মবিলিটি এক্সপ’লৈ নিশ্চয় আহিম। দেশে তৃতীয়বাৰৰ বাবে আমাক আশীৰ্বাদ দিলে। আপোনালোক সকলোৱে মোক আকৌ এবাৰ ইয়ালৈ নিমন্ত্ৰণ জনাইছে, আপোনালোক সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত মোবিলিটি গ্লোবেল এক্সপো ২০২৫ উদ্বোধন কৰে
January 17th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতৰ সৰ্ববৃহৎ গতিশীলতা প্ৰদৰ্শনী-ভাৰত মোবিলিটি গ্লোবেল এক্সপো ২০২৫ উদ্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁৰ চৰকাৰক একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে যোৱা বছৰৰ ৮০০ গৰাকী প্ৰদৰ্শক, ২.৫ লাখ দৰ্শনাৰ্থীৰ তুলনাত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ আন দুটা স্থানত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীৰ সৈতে এই বছৰৰ প্ৰদৰ্শনীৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অহা ৫ দিনৰ ভিতৰত বহুতো নতুন বাহন মুকলি কৰা হ'ব য'ত সংখ্যক প্ৰতিনিধি উপস্থিত থাকিব। ই দেখুৱায় যে ভাৰতত গতিশীলতাৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কিত যথেষ্ট ইতিবাচকতা আছে, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে ভাৰতৰ স্বয়ংচালিত উদ্যোগ চমৎকাৰ ভৱিষ্যতৰ বাবে সাজু বুলি উল্লেখ কৰি সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে।Prime Minister Narendra Modi to inaugurate Bharat Mobility Global Expo 2025
January 16th, 04:35 pm
PM Modi will inaugurate the Bharat Mobility Global Expo 2025 on 17th January at Bharat Mandapam, New Delhi. The expo, running from 17-22 January, will feature 9+ concurrent shows, 20+ conferences, and state sessions showcasing policies and initiatives in the mobility sector. Held across New Delhi and Greater Noida, it aims to unite the global mobility value chain, with strong industry and government support.