নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
June 19th, 05:15 pm
মোৰ কেবিনেট সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱীয়া জী, ভগ্নী শোভা জী, দেশৰ বিভিন্ন প্ৰান্তৰ তথা প্ৰযুক্তিৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিসকল আৰু অলপ আগতে সঞ্চালকে উল্লেখ কৰাৰ দৰে এই মুহূৰ্তত প্ৰায় ২০০টা স্থানত দুই লাখ লোক এই কাৰ্যসূচীৰ সৈতে সংযোজিত হৈ আছে, মই দূৰৈৰ পৰা হ’লেও তেওঁলোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আজি উদ্যোগ জগতৰ বহু বিশিষ্ট ব্যক্তিকো ইয়াত উপস্থিত থকা দেখা পাইছো আৰু নিশ্চিতভাৱে, ইমান বৃহৎ সংখ্যক যুৱ সতীৰ্থৰ উৎসাহ স্পষ্টভাৱে দৃশ্যমান হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ৰ অধীনত প্ৰায় ২৪০০ কোটি টকাৰ উদগনিমূলক সাহাৰ্য প্ৰদান কৰে
June 19th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা'ৰ সৈতে জড়িত হিতাধিকাৰী, উদ্যোগ প্ৰতিনিধি আৰু অংশীদাৰসকলক সম্বোধন কৰে। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু সমগ্ৰ দেশতে চাকৰি সৃষ্টিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিকাশশীল ভাৰত ৰোজগাৰ যোজনাৰ (PM-VBRY)ৰ অধীনত প্ৰায় ২৪০০ কোটি মূল্যৰ উদগনিমূলক আঁচনি মুকলি কৰে। ভাৰত চৰকাৰৰ ধ্বজাবাহী নিয়োগ-সংলগ্ন উদগনি আঁচনি (পিএম-ভিবিআৰৱাই) ৰূপায়ণ আৰু বিভিন্ন খণ্ডত সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই উদগনিয়ে সমগ্ৰ দেশতে ১৫ লাখ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব।পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 06:15 pm
২০২১ চনত যেতিয়া মই ভিভাটেকত ভাষণ দিছিলো তেতিয়া বিশ্বই কভিড-১৯ৰ ব্যাঘাতৰ সন্মুখীন হৈছিল। আজি পৃথিৱীত আন ধৰণৰ বিঘিনি ঘটিছে। আৰু মই তেতিয়া ভিভাটেক ২০২১ ত শ্বেয়াৰ কৰা বাৰ্তাটো পুনৰ কওঁ। য'ত প্ৰচলিত পদ্ধতি বিফল হয়, তাত উদ্ভাৱনে সহায় কৰিব পাৰে।ভিভাটেক ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী
June 18th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান ইমানুৱেল মেক্ৰনে আজি ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপ ইভেণ্ট পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ত অংশগ্ৰহণ কৰে।ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 14th, 04:36 pm
এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।ভাৰত ইনোভেটছ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 14th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে ভাৰত ইনোভেটছ ২০২৬ উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।ফ্ৰান্সত উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী মোদী
June 13th, 11:19 pm
ফ্ৰান্সৰ নাইচত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণৰ প্ৰথম পৰ্যায়টো আৰম্ভ কৰাৰ মুহূৰ্তত তেওঁক উষ্ম আদৰণি জনোৱা হয়। ভাৰত আৰু ফ্ৰান্সৰ মাজত থকা শক্তিশালী আৰু দীৰ্ঘদিনীয়া সম্পৰ্কক প্ৰতিফলিত কৰি উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আৰু বিশেষভাৱে আদৰণি জনোৱা হয়। এই ভ্ৰমণে ভাৰত-ফ্ৰান্সৰ অংশীদাৰিত্বৰ গভীৰতা আৰু বিভিন্ন খণ্ডত সহযোগিতা আগবঢ়াই নিয়াৰ উমৈহতীয়া দায়বদ্ধতাক আলোকপাত কৰিছে।ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
June 13th, 10:03 am
ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্ৰান্সে এক বিশেষ স্থান দখল কৰিছে। এই বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি মেক্ৰ’ই ভাৰত ভ্ৰমণ কৰিছিল আৰু আমি আমাৰ সম্পৰ্কক এক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছিলো। যেতিয়া মই নিচত ৰাষ্ট্ৰপতি মেক্ৰ’ক সাক্ষাৎ কৰিম, তেতিয়া ফেব্ৰুৱাৰীৰ পৰা হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিম আৰু আমাৰ সহযোগিতাৰ পৰৱৰ্তী পদক্ষেপসমূহৰ তালিকা প্ৰস্তুত কৰিম। পাৰস্পৰিক স্বাৰ্থৰ গোলকীয় বিষয়সমূহৰ ওপৰতো আমাৰ আলোচনাৰ বাবে মই আগ্ৰহী।