হুল দিৱস উপলক্ষে জনজাতীয় বীৰসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

June 30th, 02:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হুল দিৱস উপলক্ষে ভাৰতৰ জনজাতীয় সমাজৰ অদম্য সাহস আৰু অসাধাৰণ বীৰত্বক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ঐতিহাসিক চাঁওতাল বিদ্ৰোহক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঔপনিৱেশিক নিপীড়নক উফৰাই প্ৰাণ আহুতি দিয়া পূজনীয় স্বাধীনতা সংগ্ৰামী— চিদো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ চিৰস্থায়ী উত্তৰাধিকাৰকে প্ৰমুখ্য কৰি অগণিত সাহসী জনজাতীয় শ্বহীদক সন্মান জনায়।