ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আদৰণি প্ৰধানমন্ত্ৰীৰ
December 05th, 10:30 am
আজি সন্ধিয়া আৰু কাইলৈৰ আমাৰ মত বিনিময় কাৰ্যসূচীৰ বাবে অপেক্ষা কৰি আছো। ভাৰত-ৰাছিয়াৰ দীৰ্ঘদিনীয়া মিত্ৰতাই আমাৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিছে।, শ্ৰী মোদীয়ে কয়।গীতা জয়ন্তীৰ পবিত্ৰ দিনটোত দেশবাসীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
December 01st, 06:13 pm
শ্ৰী মোদীয়ে উল্লেখ কৰে যে কৰ্তব্য পালনৰ অমূল্য বাৰ্তাৰে সজ্জিত এই ঐশ্বৰিক শাস্ত্ৰই ভাৰতীয় পাৰিবাৰিক, সামাজিক আৰু আধ্যাত্মিক জীৱনত অত্যন্ত সুকীয়া স্থান দখল কৰিছে।'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী
November 30th, 11:30 am
চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।২৮ নৱেম্বৰত কৰ্ণাটক আৰু গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 27th, 12:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ নৱেম্বৰত কৰ্ণাটক আৰু গোৱা ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ উডুপিৰ শ্ৰী কৃষ্ণ মঠ দৰ্শন কৰিব। পিছত তেওঁ গোৱালৈ যাত্ৰা কৰিব, য'ত তেওঁ দিনৰ প্ৰায় ৩.১৫ বজাত মঠৰ ৫৫০ সংখ্যক বৰ্ষপূৰ্তি উদযাপন শৰ্দা পঞ্চশতমনোৎসৱ উপলক্ষে শ্ৰী সংস্থান গোকৰ্ণ পৰ্তাগলী জীৱোত্তম মঠ দৰ্শন কৰিব।২৫ নৱেম্বৰত কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 24th, 12:44 pm
প্ৰধানমন্ত্ৰীয়ে বিয়লি প্ৰায় ৪ বজাত ভগৱান কৃষ্ণৰ পবিত্ৰ শঙ্খৰ সন্মানাৰ্থে নিৰ্মাণ কৰা নৱনিৰ্মিত 'পাঞ্চজন্য' উদ্বোধন কৰিব। ইয়াৰ পাছত, তেওঁ মহাভাৰত অনুভৱ কেন্দ্ৰ ভ্ৰমণ কৰিব। এয়া হৈছে এক জীৱন্ত পৰীক্ষামূলক কেন্দ্ৰ য'ত মহাভাৰতৰ গুৰুত্বপূৰ্ণ ঘটনাসমূহ বৰ্ণনা কৰি ইয়াৰ স্থায়ী সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্বৰ ওপৰত আলোকপাত কৰা বিভিন্ন বিষয় সংলগ্ন কৰা হৈছে।নতুন দিল্লীত ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
November 17th, 08:30 pm
আজি আমি সকলোৱে ইয়াত সমবেত হৈ ভাৰতীয় গণতন্ত্ৰত সাংবাদিকতা, প্ৰকাশভংগী, জনআন্দোলনৰ শক্তিক নতুন উচ্চতা প্ৰদান কৰা এজন ব্যক্তিত্বক সন্মান জনাইছো। দূৰদৰ্শী হিচাপে, প্ৰতিষ্ঠান নিৰ্মাতা হিচাপে, জাতীয়তাবাদী হিচাপে, সংবাদ মাধ্যমৰ নেতা হিচাপে ৰামনাথ জীয়ে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপক কেৱল বাতৰি কাকত হিচাপেই নহয়, ভাৰতবাসীৰ মাজত মিছন হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ নেতৃত্বত এই গোটটো ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু জাতীয় স্বাৰ্থৰ কণ্ঠস্বৰ হৈ পৰিছিল। গতিকে একবিংশ শতিকাৰ এই যুগত যেতিয়া ভাৰতে উন্নত জাতি হোৱাৰ সংকল্প লৈ আগবাঢ়িছে, তেতিয়া ৰামনাথ জীৰ দায়বদ্ধতা, তেওঁৰ প্ৰচেষ্টা, তেওঁৰ দৃষ্টিভংগী আমাৰ বাবে এক বৃহৎ প্ৰেৰণাৰ উৎস। এই বক্তৃতাত মোক আমন্ত্ৰণ জনোৱাৰ বাবে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আপোনালোক সকলোকে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান কৰে
November 17th, 08:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ উদ্যোগত আয়োজিত ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আজি আমি ভাৰতত গণতন্ত্ৰ, সাংবাদিকতা, প্ৰকাশভংগী, আৰু ৰাজহুৱা আন্দোলনৰ শক্তিক উন্নীত কৰা এজন বিশিষ্ট ব্যক্তিক সন্মান জনোৱাৰ বাবে একত্ৰিত হৈছো। তেওঁ আলোকপাত কৰে যে শ্ৰী ৰামনাথ গোৱেংকা এজন দূৰদৰ্শী, এজন প্ৰতিষ্ঠান নিৰ্মাতা, এজন জাতীয়তাবাদী আৰু এজন সংবাদ মাধ্যমৰ নেতা হিচাপে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপক কেৱল বাতৰি কাকত হিচাপে নহয়, ভাৰতৰ জনসাধাৰণৰ মাজত এক অভিযান হিচাপে প্ৰতিষ্ঠা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ নেতৃত্বত এই গোটটো ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু জাতীয় স্বাৰ্থৰ কণ্ঠস্বৰ হৈ পৰিছিল। তেওঁ কয় যে একবিংশ শতিকাৰ এই যুগত ভাৰতে উন্নত হোৱাৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ লগে লগে শ্ৰী ৰামনাথ গোৱেংকাৰ দায়বদ্ধতা, প্ৰচেষ্টা, দৃষ্টিভংগীয়ে প্ৰেৰণাৰ এক বৃহৎ উৎস হিচাপে কাম কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক এই বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 06th, 07:00 pm
বিপ্লৱৰ মাহ আগষ্ট মাহত, আৰু ১৫ আগষ্টৰ আগৰ এই ঐতিহাসিক উপলক্ষে, আমি ইটোৰ পিছত সিটো আধুনিক ভাৰতৰ নিৰ্মাণৰ সৈতে জড়িত কৃতিত্বৰ সাক্ষী হৈ আছোঁ। ইয়াত ৰাজধানী দিল্লীতে কাৰ্তব্য পথ, দেশৰ নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা ভৱন, ভাৰত মণ্ডপম, যশোভূমী, শ্বহীদসকলৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, নেতাজী সুভাষ বাবুৰ প্ৰতিমূৰ্তি আৰু এতিয়া এই কাৰ্তব্য ভৱন। এইবোৰ কেৱল কিছুমান নতুন অট্টালিকা আৰু সাধাৰণ আন্তঃগাঁথনি নহয়, অমৃতকালত এই অট্টালিকাসমূহত বিকশিত ভাৰতৰ নীতি নিৰ্ধাৰণ কৰা হ’ব, বিকশিত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব, আগন্তুক দশকত ইয়াৰ পৰাই ৰাষ্ট্ৰৰ দিশ নিৰ্ণয় হ’ব। মই আপোনালোক সকলোকে আৰু সকলো দেশবাসীক কৰ্তব্য ভৱনৰ বাবে অভিনন্দন জনাইছোঁ। মই ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু সকলো শ্ৰমিক সহকৰ্মীকো আজি এই মঞ্চৰ পৰা ধন্যবাদ জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে
August 06th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন-৩ ৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে। তেখেতে কয় যে বিপ্লৱৰ মাহ আগষ্টত ১৫ আগষ্টৰ পূৰ্বেই আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন হৈছে। তেখেতে কয় যে ভাৰতে এটাৰ পিছত আনটো আধুনিক ভাৰত নিৰ্মাণৰে জড়িত মূল কৃতিত্ব প্ৰত্যক্ষ কৰিছে। নতুন দিল্লীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে শেহতীয়া আন্তঃগাঁথনিগত মাইলৰ খুঁটি স্থাপন কাৰ্য্যৰ কথা কয়, যথাঃ কৰ্তব্য পথ, নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা কাৰ্য্যালয় কমপ্লেক্স, ভাৰত মণ্ডপম, যশোভূমি, শ্বহীদসকলৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি তথা বৰ্তমানৰ কৰ্তব্য ভৱন। এইসমূহ কেৱল নতুন অট্টালিকা বা সাধাৰণ আন্তঃগাঁথনি নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালত উন্নত ভাৰত গঢ়া নীতিসমূহ এইসমূহ গাঁথনিতে প্ৰণয়ন কৰা হ’ব আৰু অনাগত দশক সমূহত এই প্ৰতিষ্ঠানসমূহৰ পৰাই ৰাষ্ট্ৰখনৰ পৰিক্ৰমা নিৰ্ধাৰণ কৰা হ’ব। তেখেতে কৰ্তব্য ভৱনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে ইয়াৰ নিৰ্মাণৰে জড়িত অভিযন্তা আৰু শ্ৰমজীৱীসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।ইউনেস্ক’ৰ বিশ্ব স্মৃতি পঞ্জীত গীতা আৰু নাট্যশাস্ত্ৰক অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰসংশা
April 18th, 10:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাৰ কালজয়ী প্ৰজ্ঞা আৰু চহকী সংস্কৃতিৰ বিশ্বব্যাপী স্বীকৃতি হিচাপে ইউনেস্ক’ৰ স্মৃতি পঞ্জীত গীতা আৰু নাট্যশাস্ত্ৰক অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপক প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধনেৰে সমবেতসকলক সম্বোধন কৰে
February 21st, 05:00 pm
আজি দিল্লীত মাৰাঠী ভাষাৰ প্ৰতি উৎসৰ্গিত এই সন্মানীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কেৱল এটা ভাষা বা ৰাজ্যতে সীমাবদ্ধ নহয়। মাৰাঠী সাহিত্যৰ এই সন্মিলনে স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্ম, লগতে মহাৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ সাংস্কৃতিক ঐতিহ্যক বহন কৰে। জ্ঞানেশ্বৰ আৰু টুকাৰামৰ মাৰাঠী ভাষাক আজি ৰাজধানী দিল্লীত সম্পূৰ্ণ অন্তৰেৰে সন্মান জনোৱা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰে
February 21st, 04:30 pm
আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ নতুন দিল্লীত আয়োজিত মাৰাঠী ভাষাৰ বৃহৎ অনুষ্ঠানত সকলো মাৰাঠীক আদৰণি জনায়। অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কোনো ভাষা বা অঞ্চলত সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই সন্মিলনত স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্মৰ লগতে মহাৰাষ্ট্ৰ আৰু দেশৰ সাংস্কৃতিক ঐতিহ্যও সন্নিবিষ্ট কৰা হৈছে। ১৮৭৮ চনৰ পৰা এতিয়ালৈকে অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলনখনে ১৪৭ বছৰীয়া ভাৰতৰ যাত্ৰাৰ সাক্ষী হিচাপে পৰিগণিত হোৱা বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে শ্ৰী মহাদেৱ গোবিন্দ ৰানাদে, শ্ৰী হৰি নাৰায়ণ আপ্তে, শ্ৰী মাধৱ শ্ৰীহৰি আনে, শ্ৰী শিৱৰাম পাৰাঞ্জপে, শ্ৰীযুত বীৰ সাৱৰকৰৰ দৰে বহু দীক্ষিত ব্যক্তিয়ে সন্মিলনৰ সভাপতিত্ব কৰিছিল। এই গৌৰৱময় পৰম্পৰাৰ অংশ হ’বলৈ শ্ৰী শৰদ পাৱাৰে আমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ এই অনুষ্ঠানৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ সকলো মাৰাঠী অনুৰাগীলৈ অভিনন্দন জ্ঞাপন কৰে। আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মাৰাঠী ভাষাৰ কথা ভাবিলে সন্ত জ্ঞানেশ্বৰৰ পদ্যৰ কথা মনত পেলোৱাটো একেবাৰে স্বাভাৱিক। সন্ত জ্ঞানেশ্বৰৰ এটা পদ্য আবৃত্তি কৰি শ্ৰী মোদীয়ে বুজাই দিয়ে যে মাৰাঠী ভাষা অমৃততকৈও মধুৰ আৰু সেয়েহে মাৰাঠী ভাষা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ প্ৰেম আৰু স্নেহ অপৰিসীম। মাৰাঠী পণ্ডিতসকলৰ দৰে পাকৈত নহ’লেও প্ৰধানমন্ত্ৰীয়ে বিনম্ৰতাৰে কয় যে তেওঁ সদায় মাৰাঠী শিকিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনখন উল্লেখযোগ্য সময়ত অনুষ্ঠিত হৈছিল যেতিয়া দেশে ছাত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ ৩৫০ বছৰীয়া জয়ন্তী, পুণ্যশ্ৰক অহিল্যবাই হোলকাৰৰ ৩০০ বছৰীয়া জন্ম জয়ন্তী আৰু বাবাছাহেব আম্বেদকাৰৰ প্ৰচেষ্টাত সৃষ্টি হোৱা আমাৰ সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তীৰ সাক্ষী হৈছে। এশ বছৰ পূৰ্বে এজন বিশিষ্ট মাৰাঠী ব্যক্তিয়ে মহাৰাষ্ট্ৰৰ মাটিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বীজ ৰোপণ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে আজি ই শতবাৰ্ষিকী উদযাপন কৰি এক বিশাল গছত পৰিণত হৈছে। তেওঁ জোৰ দি কয় যে বিগত ১০০ বছৰে আৰ এছ এছে নিজৰ সাংস্কৃতিক প্ৰচেষ্টাৰ জৰিয়তে বেদৰ পৰা বিবেকানন্দলৈকে ভাৰতৰ মহান পৰম্পৰা আৰু সংস্কৃতিক নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ গৈছে। তেওঁ উল্লেখ কৰে যে আন লাখ লাখ লোকৰ সৈতে তেওঁৰ সৌভাগ্য হৈছে যে আৰ এছ এছৰ দ্বাৰা দেশৰ বাবে জীয়াই থাকিবলৈ অনুপ্ৰাণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে এই কথাও স্বীকাৰ কৰে যে আৰ এছ এছৰ জৰিয়তেহে তেওঁ মাৰাঠী ভাষা আৰু পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাইছিল। তেওঁ আলোকপাত কৰে যে কেইমাহমানৰ আগতে মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল, যাৰ বাবে ভাৰত আৰু বিশ্বৰ ১২ কোটিৰো অধিক মাৰাঠী ভাষীয়ে এই স্বীকৃতিৰ বাবে দশক দশক ধৰি অপেক্ষা কৰি আছিল। এই কামটো সম্পন্ন কৰাৰ সুযোগ পোৱাটো তেওঁ জীৱনৰ এক বৃহৎ সৌভাগ্য বুলি গণ্য কৰিছে।“ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয় বৰঞ্চ আমাৰ সংস্কৃতিৰ বাহক”, প্ৰধানমন্ত্ৰীয়ে উচ্চাৰণ কৰে। তেওঁ উল্লেখ কৰে যে ভাষাসমূহ সমাজত জন্ম লোৱাৰ বিপৰীতে ইয়াক গঢ় দিয়াতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ আলোকপাত কৰে যে মাৰাঠীয়ে মহাৰাষ্ট্ৰ আৰু দেশৰ বহু ব্যক্তিৰ চিন্তাধাৰাক প্ৰকাশ কৰিছে, আমাৰ সাংস্কৃতিক বিকাশত অৰিহণা যোগাইছে। মাৰাঠী ভাষাৰ গুৰুত্ব সন্দৰ্ভত সমৰ্থ ৰামদাস জীৰ কথাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, “মাৰাঠী হৈছে এক সম্পূৰ্ণ ভাষা, য’ত শৌৰ্য্য, সৌন্দৰ্য্য, সংবেদনশীলতা, সমতা, সমন্বয়, আধ্যাত্মিকতা, আৰু আধুনিকতা সন্নিবিষ্ট কৰা হৈছে”। তেওঁ উল্লেখ কৰে যে মাৰাঠীত ভক্তি, শক্তি, বুদ্ধি আদি অন্তৰ্ভুক্ত। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে যেতিয়া ভাৰতত আধ্যাত্মিক শক্তিৰ প্ৰয়োজন হৈছিল তেতিয়া মহাৰাষ্ট্ৰৰ মহান সন্তসকলে ঋষিসকলৰ জ্ঞানক মাৰাঠী ভাষাত সুলভ কৰি তুলিছিল। তেওঁ মাৰাঠী ভাষাত ভক্তি আন্দোলনৰ জৰিয়তে সমাজক এক নতুন দিশ দেখুৱাই দিয়া সন্ত জ্ঞানেশ্বৰ, সন্ত টুকাৰম, সন্ত ৰামদাস, সন্ত নামদেৱ, সন্ত টুকদোজী মহাৰাজ, গডজে বাবা, গোৰা কুম্ভৰ, আৰু বাহিনাবাইৰ অৱদানক স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে আধুনিক যুগত শ্ৰী গজানন দিগম্বৰ মাদগুলকাৰ আৰু শ্ৰী সুধীৰ ফাডকেৰ গীত ৰামায়ণৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। যুগ যুগ ধৰি চলি থকা অত্যাচাৰৰ সময়ত মাৰাঠী ভাষা আগ্ৰাসীৰ পৰা মুক্তিৰ ঘোষণাত পৰিণত হোৱা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ছাত্ৰপতি শিৱাজী মহাৰাজ, সম্ভাজী মহাৰাজ, বাজীৰাও পেশ্বৱাৰ দৰে মাৰাঠা যোদ্ধাসকলৰ শত্ৰুপক্ষৰ তীব্ৰ বিৰোধিতা কৰা বীৰত্বৰ কথা উল্লেখ কৰে। তেওঁ লক্ষ্য কৰে যে স্বাধীনতা সংগ্ৰামত বাসুদেৱ বলৱন্ত ফাডকে, লোকমান্য তিলক, বীৰ সাৱৰকাৰৰ দৰে সংগ্ৰামীয়ে ইংৰাজক বিঘ্নিত কৰিছিল। তেওঁলোকৰ অৱদানত মাৰাঠী ভাষা আৰু সাহিত্যৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰি কয় যে কেছাৰী আৰু মাৰাঠাৰ দৰে বাতৰি কাকত, কবি গোবিন্দগ্ৰজৰ শক্তিশালী কবিতা, ৰাম গণেশ গডকাৰীৰ নাটসমূহে জাতীয়তাবাদৰ মনোভাৱক লালন-পালন কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে লোকমান্য তিলক মাৰাঠী ভাষাত গীতা ৰহস্য ৰচনা কৰিছিল, যিয়ে সমগ্ৰ দেশতে নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। “মাৰাঠী ভাষা আৰু সাহিত্যই সমাজৰ নিপীড়িত আৰু বঞ্চিত শ্ৰেণীৰ বাবে সামাজিক মুক্তিৰ দুৱাৰ মুকলি কৰিছে”, শ্ৰী মোদীয়ে আলোকপাত কৰে। তেওঁ জ্যোতিবা ফুলে, সাবিত্ৰীবাই ফুলে, মহৰ্ষি কাৰ্ৱে, বাবাছাহেব আম্বেদকাৰ আদি মহান সমাজ সংস্কাৰকসকলৰ অৱদানৰ কথা উল্লেখ কৰে, যিসকলে মাৰাঠী ভাষাত নতুন যুগৰ চিন্তাধাৰাক লালন-পালন কৰিছিল। তেওঁ উল্লেখ কৰে যে মাৰাঠী ভাষাই দেশখনক চহকী দলিত সাহিত্য প্ৰদান কৰিছে। তেওঁ জোৰ দি কয় যে আধুনিক চিন্তাধাৰাৰ বাবেই মাৰাঠী সাহিত্যই কল্পবিজ্ঞানো উৎপন্ন কৰিছে। আয়ুৰ্বেদ, বিজ্ঞান, আৰু যুক্তিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ ব্যতিক্ৰমী অৱদানক স্বীকাৰ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সংস্কৃতিয়ে সদায় নতুন ধাৰণা আৰু প্ৰতিভাক আমন্ত্ৰণ জনাই আহিছে, যাৰ ফলত মহাৰাষ্ট্ৰৰ অগ্ৰগতি হৈছে। তেওঁ মন্তব্য কৰে যে মুম্বাই কেৱল মহাৰাষ্ট্ৰৰ নহয়, সমগ্ৰ দেশৰ অৰ্থনৈতিক ৰাজধানী হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মুম্বাইৰ কথা কওঁতে ছবিৰ কথা নক’লে সাহিত্যৰ আলোচনা সম্পূৰ্ণ কৰিব নোৱাৰি। তেওঁ আলোকপাত কৰে যে মহাৰাষ্ট্ৰ আৰু মুম্বাইয়েই মাৰাঠী ছবি আৰু হিন্দী চিনেমা দুয়োটাকে উন্নীত কৰিছে। তেওঁ শিৱাজী সাৱন্তৰ মাৰাঠী উপন্যাসৰ জৰিয়তে সম্ভাজী মহাৰাজৰ বীৰত্বৰ পৰিচয় দিয়া ‘ছাৱ’ চিনেমাখনৰ বৰ্তমান জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে।Subramania Bharati Ji was ahead of his time: PM Modi
December 11th, 02:00 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.PM Modi releases compendium of complete works of great Tamil poet Subramania Bharati
December 11th, 01:30 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গীতা জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে
December 11th, 10:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গীতা জয়ন্তী উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে জোনাছ মাছেট্টি আৰু তেওঁৰ দলক সাক্ষাৎ কৰে, বেদান্ত আৰু গীতাৰ প্ৰতি তেওঁৰ আগ্ৰহৰ বাবে তেওঁক প্ৰশংসা কৰে
November 20th, 07:54 am
বেদান্ত আৰু গীতাৰ প্ৰতি থকা আগ্ৰহৰ বাবে জোনাছ মাছেট্টিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে সমগ্ৰ বিশ্বতে ভাৰতীয় সংস্কৃতিয়ে কেনেদৰে প্ৰভাৱ পেলাইছে সেয়া নিতান্তই প্ৰশংসনীয়। প্ৰধানমন্ত্ৰীয়ে সংস্কৃতত ৰামায়ণৰ প্ৰদৰ্শন দেখি জোনাছ মাছেট্টি আৰু তেওঁৰ দলক সাক্ষাৎ কৰিছিল।মুম্বাইত অভিজাত মাৰাঠী ভাষা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 05th, 07:05 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাৱীছ জী, অজিত পাৱাৰ জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী, বহু প্ৰজন্মত নিজৰ গায়কীৰে পৰিচয় দাঙি ধৰা আশাতাই জী, সুপৰিচিত অভিনেতা ভাই শচীন জী, নামদেৱ কম্বলে জী, সদানন্দ ম’ৰে জী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী ভাই দীপক জী, মংগলপ্ৰভাত লোধা জী, বিজেপি মুম্বাইৰ সভাপতি ভাই আশীষ জী, অন্যান্য বিশিষ্ট ভাই-ভনীসকল!মহাৰাষ্ট্ৰৰ মুম্বাইত অভিজাত মাৰাঠী ভাষাৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 05th, 07:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিজাত মাৰাঠী ভাষাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ এই উপলক্ষে ভাষণত তেওঁ কয় যে মাৰাঠী ভাষাক কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। শ্ৰী মোদীয়ে এই মুহূৰ্তৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাৰাঠী ভাষাৰ ইতিহাসৰ এক সোণালী মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ মাৰাঠী ভাষী লোকসকলৰ দীৰ্ঘদিনীয়া আকাংক্ষাক স্বীকাৰ কৰি মহাৰাষ্ট্ৰৰ সপোন পূৰণৰ দিশত অৰিহণা যোগোৱাত আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰবাসীক অভিনন্দন জনোৱাৰ লগতে এই ঐতিহাসিক সাফল্যৰ অংশ হোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। তদুপৰি প্ৰধানমন্ত্ৰীয়ে বাংলা, পালি, প্ৰাকৃত, আৰু অসমীয়া ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা বুলি ঘোষণা কৰি এই ভাষাসমূহৰ সৈতে জড়িত লোকসকলক অভিনন্দন জ্ঞাপন কৰে।Those who looted rights of poor, gave slogan of poverty eradication: PM Modi in Palwal
October 01st, 07:42 pm
PM Modi, while initiating his address at the Palwal, Haryana rally, expressed his gratitude for the opportunity to visit various parts of Haryana in recent days. The PM shared his observation that a strong wave of support for the BJP is sweeping through every village, with one resonating chant: Bharosa dil se…BJP phir se!PM Modi addresses an enthusiastic crowd in Palwal, Haryana
October 01st, 04:00 pm
PM Modi, while initiating his address at the Palwal, Haryana rally, expressed his gratitude for the opportunity to visit various parts of Haryana in recent days. The PM shared his observation that a strong wave of support for the BJP is sweeping through every village, with one resonating chant: Bharosa dil se…BJP phir se!