টিভি৯ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 23rd, 08:30 pm
শেহতীয়া সময়ত মই এবাৰ বা দুবাৰকৈ টিভি৯ ভাৰতবৰ্ষ চোৱাৰ সুযোগ পাইছো। সাধাৰণতে, আপোনাৰ মনোযোগ যুদ্ধ আৰু মিছাইলৰ ওপৰত বেছি থাকে আৰু আজিকালি আপোনাক বিষয়বস্তুৰে অতিৰিক্ত তথ্য প্ৰদান কৰা হৈছে। ডাঙৰ দেশবোৰে টিভি৯ক ইমান তথ্য প্ৰদান কৰিবলৈ সংকল্পবদ্ধ যেন লাগে। কিন্তু ক’বলৈ গ’লে আজি বিশ্বই যি গুৰুতৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে সেয়া অভূতপূৰ্ব আৰু অত্যন্ত গুৰুতৰ। এই পৰিস্থিতিৰ মাজত টিভি৯ নেটৱৰ্কে ধাৰণাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ মঞ্চ সৃষ্টি কৰিছে। এই সন্মিলনত আপোনালোক সকলোৱে ‘ভাৰত আৰু বিশ্ব’ বিষয়ৰ ওপৰত আলোচনা কৰি আছে। মই আপোনালোকক অভিনন্দন জনাইছো, এই সন্মিলনৰ বাবে মোৰ শুভেচ্ছা জনাইছো আৰু সকলো অতিথিক আদৰণি জনাইছো।টিভি৯ নেটৱৰ্ক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 23rd, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'ভাৰত আৰু বিশ্ব' শীৰ্ষক বিষয়বস্তুৰ সন্দৰ্ভত টিভি৯ সন্মিলনত ভাষণ প্ৰদান কৰে। অভূতপূৰ্ব আৰু গুৰুতৰ বৈশ্বিক পৰিস্থিতিৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত মত বিনিময়ৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিয়াৰ বাবে টিভি৯ নেটৱৰ্কক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয়, আজি সমগ্ৰ বিশ্বই এক অভূতপূৰ্ব আৰু অতিশয় ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে টিভি৯ নেটৱৰ্কে ইয়াৰ চিন্তা-চৰ্চাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিছে।Prime Minister pays tribute to Bhagat Singh, Rajguru, and Sukhdev on Shaheed Diwas
March 23rd, 08:29 am
On the occasion of Shaheed Diwas, PM Modi paid rich tributes to the great freedom fighters Bhagat Singh, Rajguru and Sukhdev. Lauding their bravery, he observed that the martyrdom of these iconic heroes for the nation remains deeply etched in India's collective memory. He highlighted that they chose the path of sacrifice with conviction, placing the nation above their own lives.."পৰীক্ষা পে চৰ্চা ২০২৬" অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ মূল পাঠ
February 06th, 10:21 am
শিক্ষাৰ্থীঃ মই ছানভী আচাৰ্য, আপোনাৰ ৰাজ্য গুজৰাটৰ পৰা আহিছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হ’ল যে আমাৰ পিতৃ-মাতৃয়ে আমাৰ বিষয়ে চিন্তা কৰে আৰু আমাৰ শিক্ষকসকলে আমাক সমৰ্থন কৰে। কিন্তু মূল সমস্যাটো তেতিয়া উদ্ভৱ হয় যেতিয়া আমাৰ শিক্ষকসকলে এক বেলেগধৰণৰ অধ্যয়নৰ পৰামৰ্শ দিয়ে। অভিভাৱকসকলে আমাক এই আৰ্হি অনুসৰণ কৰিবলৈ কয়, আনহাতে শিক্ষাৰ্থীসকলৰ প্ৰায়ে বিভিন্ন প্ৰৱণতা থাকে,সেয়েহে আমি প্ৰায়ে কোনটো আৰ্হি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২৬ৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে
February 06th, 10:00 am
গুজৰাটৰ এজন শিক্ষাৰ্থীয়ে সুধিছিল যে অভিভাৱকসকলে তেওঁলোকৰ বাবে চিন্তা কৰে আৰু শিক্ষকসকলে তেওঁলোকক সমৰ্থন কৰে, কিন্তু সমস্যাটো তেতিয়াই উদ্ভৱ হয় যেতিয়া শিক্ষকে এটা অধ্যয়ন পদ্ধতিৰ পৰামৰ্শ দিয়ে, অভিভাৱকে আন এটা পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু ছাত্ৰ-ছাত্ৰীসকলে বেলেগ বেলেগ পদ্ধতি গ্ৰহণ কৰে। ফলত তেওঁলোক কোনটো পদ্ধতি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাম গোটেই জীৱন চলি থাকে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী হিচাপেও তেওঁক মানুহে বেলেগ বেলেগ পৰামৰ্শ দিয়ে। তেওঁ গুৰুত্ব সহকাৰে কয় যে যেনেকৈ ঘৰত ভাই-ভনীৰ খাদ্যাভ্যাস বেলেগ বেলেগ— কোনোবাই শাক-পাচলিৰে আৰম্ভ কৰে, কোনোবাই মচুৰ দাইলৰে, কোনোবাই সকলোখিনি মিহলাই দিয়ে— তেনেদৰে প্ৰত্যেকৰে নিজৰ নিজৰ ধৰণ থাকে। তেওঁ কয় যে সুখ নিহিত হৈ থাকে নিজৰ পদ্ধতি অনুসৰণ কৰাত। শ্ৰী মোদীয়ে বুজাই দিয়ে যে কিছুমান মানুহে ৰাতি পঢ়া-শুনা কৰাটো পছন্দ কৰে, কোনোৱে পুৱা সোনকালে পঢ়া-শুনা কৰাটো পছন্দ কৰে, আৰু সকলোৰে একোটা নিজস্ব ছন্দ থাকে। তেওঁ অসৎ কামৰ পৰা বিৰত থাকিবলা সতৰ্ক কৰি দিয়ে, কেনেকৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মাকক কয় যে ৰাতিপুৱা পঢ়িম, কিন্তু তাৰ পিছত সেয়া নহয়গৈ। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পদ্ধতিত বিশ্বাস কৰিব লাগে, পৰামৰ্শ ভালদৰে শুনিব লাগে আৰু নিজৰ অভিজ্ঞতাৰ ভিত্তিত উন্নতি কৰিব লাগে, কেৱল আন কোনোবাই কোৱাৰ বাবেই সেয়া আঁকোৱালি লব নালাগে। তেওঁ বুজাই দিয়ে যে যেতিয়া তেওঁ পৰীক্ষা পে চৰ্চা আৰম্ভ কৰিছিল, তেতিয়া এটা পদ্ধতি আছিল, কিন্তু সময়ৰ লগে লগে তেওঁ সেইটো পৰিশোধন কৰিছিল, আনকি বিভিন্ন ৰাজ্যত অধিবেশন অনুষ্ঠিত কৰিছিল, ইয়াৰ বিন্যাস সলনি কৰিছিল যদিও মূল নীতিসমূহ বৰ্তাই ৰাখিছিল। ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীৰ স্বভাৱ অতি বন্ধুত্বসুলভ আৰু তেওঁৰ লগত সহজে মিলি যায়। তেওঁ বুজাই কয় যে সকলোৱে বিভিন্ন পদ্ধতি শুনিব লাগে, প্ৰত্যেকৰে পৰা ইতিবাচক গুণবোৰ শিকিব লাগে, নিজৰ নিজৰ সামৰ্থ্যত গুৰুত্ব দিব লাগে, আৰু লাহে লাহে সেয়া মজবুত কৰিব লাগে।স্বদেশী সামগ্ৰী, ‘ভ’কেল ফৰ লোকেল’: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীৰ উৎসৱকালীন আহ্বান
September 28th, 11:00 am
চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ভগত সিং আৰু লতা মংগেশকাৰৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় সংস্কৃতি, মহিলা সৱলীকৰণ, সমগ্ৰ দেশতে উদযাপিত বিভিন্ন উৎসৱ, ‘আৰ এছ এছট-ৰ ১০০ বছৰীয়া যাত্ৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, খাদী বিক্ৰীৰ উত্থান আদি গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভতো তেওঁ অভিমত ব্যক্ত কৰে। দেশক স্বাৱলম্বী কৰাৰ পথ ‘স্বদেশী’ক আঁকোৱালি লোৱাতেই নিহিত হৈ আছে বুলি পুনৰ কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।শ্বহীদ দিৱসৰ দিনা ভগত সিং, ৰাজগুৰু, আৰু সুখদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
March 23rd, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে মহান স্বাধীনতা সংগ্ৰামী ভগত সিং, ৰাজগুৰু, আৰু সুখদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশৰ প্ৰতি, জাতিৰ প্ৰতি তেওঁলোকৰ চৰম ত্যাগক সন্মান জনায়।জন্ম জয়ন্তীত শ্বহীদ ভগত সিঙক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 28th, 09:40 am
জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাধীনতা সংগ্ৰামী ভগত সিঙক স্মৰণ কৰে।মহাৰাষ্ট্ৰৰ নাছিকত ‘২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 12th, 01:15 pm
মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী একনাথ শ্বিন্দেজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী অনুৰাগ ঠাকুৰ, ভাৰতী পৱাৰ, নিশিথ প্ৰমাণিক, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিশ, অজিত পৱাৰজী, চৰকাৰৰ অন্যান্য মন্ত্ৰী, গণ্যমান্য ব্যক্তি আৰু মোৰ যুৱ বন্ধুসকল,মহাৰাষ্ট্ৰৰ নাছিকত ‘২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 12th, 12:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ নাছিকত ‘২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ শুভাৰম্ভ ঘোষণা কৰে। শ্ৰী মোদীয়ে স্বামী বিবেকানন্দ আৰু ‘ৰাজমাতা’ জিজাবাইৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে। তেওঁ যুৱক-যুৱতীসকলৰ এক সমদলযাত্ৰা আৰু 'বিকশিত ভাৰত @ ২০৪৭ - যুৱ কে লিয়ে, যুৱ কে দ্বাৰা' বিষয়বস্তু সম্বলিত এক সাংস্কৃতিক কাৰ্যসূচীও প্ৰত্যক্ষ কৰে। এই কাৰ্যক্ৰমত ‘ৰিদমিক জিমনাষ্টিক’, ‘মালখাম্ব’, ‘যোগসান’ আৰু ‘ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ শীৰ্ষগীত অন্তৰ্ভুক্ত আছিল।The soil of India creates an affinity for the soul towards spirituality: PM Modi
October 31st, 09:23 pm
PM Modi participated in the programme marking the culmination of Meri Maati Mera Desh campaign’s Amrit Kalash Yatra at Kartavya Path in New Delhi. Addressing the gathering, PM Modi said, Dandi March reignited the flame of independence while Amrit Kaal is turning out to be the resolution of the 75-year-old journey of India’s development journey.” He underlined that the 2 year long celebrations of Azadi Ka Amrit Mahotsav are coming to a conclusion with the ‘Meri Maati Mera Desh’ Abhiyan.PM participates in program marking culmination of Meri Maati Mera Desh campaign’s Amrit Kalash Yatra
October 31st, 05:27 pm
PM Modi participated in the programme marking the culmination of Meri Maati Mera Desh campaign’s Amrit Kalash Yatra at Kartavya Path in New Delhi. Addressing the gathering, PM Modi said, Dandi March reignited the flame of independence while Amrit Kaal is turning out to be the resolution of the 75-year-old journey of India’s development journey.” He underlined that the 2 year long celebrations of Azadi Ka Amrit Mahotsav are coming to a conclusion with the ‘Meri Maati Mera Desh’ Abhiyan.জন্ম জয়ন্তীত শ্বহীদ ভগত সিঙৰ প্ৰতি শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ
September 28th, 01:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদ ভগত সিঙৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শ্বহীদ ভগত সিঙৰ বিষয়ে তেওঁৰ চিন্তাধাৰাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে।শ্বহীদ দিৱসত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
March 23rd, 09:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷২৬.০২.২০২৩ তাৰিখে 'মন কী বাত'ৰ ৯৮ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 26th, 11:00 am
বন্ধুসকল, আজি এই উপলক্ষে লতা মংগেশকাৰ জী, লতা দিদিক স্মৰণ কৰাটো মোৰ বাবে অতি স্বাভাৱিক। কিয়নো যিদিনা এই প্ৰতিযোগিতা আৰম্ভ হৈছিল, লতা দিদিয়ে টুইট কৰি দেশবাসীক আহ্বান জনাইছিল যে তেওঁলোকে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰাটো আৱশ্যক।বিশ্বই যোগাসনক শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে অতিশয় ফলপ্ৰসূ উপায় হিচাপে গ্ৰহণ কৰিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
September 25th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। বিগত দিনকেইটাত আমাৰ সকলোৰে এটা কথাই দৃষ্টি আকৰ্ষণ কৰিছিল – সেয়া হৈছে চিতা। চিতাৰ বিষয়ে কথা পাতিবলৈ বহুতো বাৰ্তা পাইচো, সেয়া উত্তৰ প্ৰদেশৰ অৰুণ কুমাৰ গুপ্তাজীয়েই হওক বা তেলেংগানাৰ এন ৰামচন্দ্ৰন ৰঘুৰাম জীয়েই হওক; গুজৰাটৰ ৰাজনজীয়েই হওক বা দিল্লীৰ সুব্ৰতজীয়েই হওক। দেশৰ সকলো প্ৰান্তৰ লোকে ভাৰতলৈ চিতা ঘূৰাই অনাত আনন্দ প্ৰকাশ কৰিছে। ১৩০ কোটি ভাৰতীয় সুখী, গৌৰৱেৰে পৰিপূৰ্ণ – এয়া হৈছে ভাৰতৰ প্ৰকৃতিপ্ৰেম। এই সন্দৰ্ভত জনসাধাৰণৰ এটা সচৰাচৰ প্ৰশ্ন হ'ল মোদীজী, আমি কেতিয়া চিতাবোৰ চাবলৈ সুযোগ পাম?৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লা-প্ৰাংগণৰ পৰা প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ মুখ্য অংশসমূহ
August 15th, 02:30 pm
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লা-প্ৰাংগণৰ পৰা প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ মুখ্য অংশসমূহ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:01 am
স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে দেশবাসীলৈ শুভেচ্ছা জনাইছো। অশেষ অভিনন্দন। কেৱল ভাৰতৰ প্ৰতিটো কোণতে নহয়, পৃথিৱীৰ প্ৰতিটো কোণতে, আজি, কোনোবাটো নহয় কোনোবাটো ৰূপত, ভাৰতীয় বা ভাৰতৰ প্ৰতি অপৰিসীম মৰমৰ দ্বাৰা, এই ত্ৰিৰংগাই পৃথিৱীৰ প্ৰতিটো কোণত গৌৰৱেৰে হাত জোকাৰি আছে। স্বাধীনতাৰ এই অমৃত মহোৎসৱৰ বাবে মই সমগ্ৰ বিশ্বতে বিয়পি থকা ভাৰতৰ প্ৰেমিকসকলক, ভাৰতীয়সকলক অভিনন্দন জনাইছো।ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন
August 15th, 07:00 am
লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয় যে ভাৰতৰ শক্তি ইয়াৰ বৈচিত্ৰ্যত নিহিত হৈ আছে। তেওঁ দেশখনক গণতন্ত্ৰৰ মাতৃ বুলি অভিহিত কৰি ‘অমৃত কাল’ৰ ‘পঞ্চ প্ৰাণ’ গণনা কৰিছিল – এখন উন্নত ভাৰতৰ লক্ষ্য, ঔপনিৱেশিক মানসিকতাৰ ৰেশ আঁতৰোৱা, আমাৰ শিপাক লৈ গৌৰৱবোধ কৰা, ঐক্য আৰু কৰ্তব্যবোধ।বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।