উত্তৰ প্ৰদেশৰ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 28th, 05:30 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সহযোগী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নবীন জী, উত্তৰ প্ৰদেশৰ সংসদ সদস্য আৰু উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি শ্ৰীযুত পংকজ চৌধুৰী জী, জিলা পঞ্চায়তৰ অধ্যক্ষ ভগ্নী পুনম মৌৰ্য জী, কাশীৰ মহিলা কাউন্সিলাৰ আৰু গাওঁবুঢ়া সকলে আজিৰ মঞ্চত উপবিষ্ট অন্যান্য জনপ্ৰতিনিধিসকল আৰু ইয়ালৈ বৃহৎ সংখ্যাত অহা মোৰ মা, ভনী আৰু কন্যাসকল । আপোনালোক সকলোলৈ নমস্কাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত অনুষ্ঠিত মহিলা সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় ৬,৩৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
April 28th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত অনুষ্ঠিত এক সন্মিলনত মহিলাৰ ব্যাপক সমাৱেশক উদ্দেশ্যি ভাষণ দিয়ে। লগতে তেওঁ হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলাও স্থাপন কৰে।নতুন দিল্লীত নাৰী শক্তি বন্দন সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
April 13th, 11:15 am
মঞ্চত দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী জী, শ্ৰীমতী সাবিত্ৰী ঠাকুৰ জী, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ শ্ৰীমতী বিজয়া ৰাহতকাৰ জী। আপোনালোকৰ ভিতৰত বহুতো জ্যেষ্ঠ ব্যক্তি, সংসদ সদস্য, বিধান সভাৰ সদস্য আৰু আমাৰ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ, সন্মানীয় মীৰা কুমাৰ জী আমাৰ মাজত আছে। মোৰ সকলো সন্মানীয় ভগ্নী ইয়াত উপস্থিত আছে, এই সময়ত দেশ বৈশাখী উৎসৱৰ আনন্দেৰে ভৰি পৰিছে। কাইলৈ দেশৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষও উদযাপন কৰা হ’ব। আজি মই জালিয়ানৱালাবাগ গণহত্যাৰ সাহসী শ্বহীদসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।'নাৰী শক্তি বন্দন সন্মিলন' সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
April 13th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত নাৰী শক্তি বন্দন কাৰ্যসূচীত ভাষণ দিয়ে। বৈশাখী আৰু দেশৰ বিভিন্ন প্ৰান্তত সমাগত নৱবৰ্ষ উদযাপন উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে জালিয়ানৱালা বাগ গণহত্যাৰ শ্বহীদসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতে একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তসমূহৰ ভিতৰত এটা ল’বলৈ গৈ আছে, যিটো নাৰী শক্তিৰ প্ৰতি উৎসৰ্গিত, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।কন্যাৰ মূল্য আৰু শক্তিৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
January 22nd, 09:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কন্যাসকলক লক্ষ্মী হিচাপে সন্মান কৰা এখন দেশত ১১বছৰ পূৰ্বে এই দিনটোতে বেটি বচাও বেটি পঢ়াও অভিযান আৰম্ভ কৰা হৈছিল। আজি ভাৰতৰ কন্যাসকলে প্ৰতিটো ক্ষেত্ৰতে নতুন অভিলেখ গঢ়াৰ লগতে ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থকাটো অতি গৌৰৱৰ বিষয় বুলি তেওঁ উল্লেখ কৰে।গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 15th, 03:15 pm
দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 15th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।RJD and Congress are putting Bihar’s security and the future of its children at risk: PM Modi in Katihar, Bihar
November 03rd, 02:30 pm
In a massive public rally in Katihar, Bihar, PM Modi began with the clarion call, “Phir ek baar - NDA Sarkar, Phir ek baar - Susashan Sarkar.” He accused the RJD and Congress of risking Bihar’s security for votes and questioned whether benefits meant for the poor should be taken away by infiltrators. He remarked that under Nitish Ji’s leadership, NDA brought governance and growth, emphasizing that every single vote will play a role in building a Viksit Bihar.Be it Congress or RJD, their love is only for infiltrators: PM Modi in Saharsa, Bihar
November 03rd, 02:15 pm
Amidst the ongoing election campaigning in Bihar, PM Modi's rally spree continued as he addressed a public meeting in Saharsa. He said that only two days are left for the first phase of voting in Bihar. Many young voters here will be voting for the first time. He urged all first-time voters in Bihar, “Do not let your first vote go to waste. The NDA is forming the government in Bihar and your vote should go to the alliance that is actually winning. Your vote should be for a Viksit Bihar.”Massive public turnout as PM Modi campaigns in Saharsa and Katihar, Bihar
November 03rd, 02:00 pm
Amid the ongoing election campaign in Bihar, PM Modi continued his rally spree, addressing large public meetings in Saharsa and Katihar. He reminded people that only two days remain for the first phase of voting, noting that many young voters will be casting their vote for the first time. Urging them not to waste their first vote, he said, “The NDA is forming the government in Bihar. Your vote should go to the alliance that is actually winning - your vote should be for a Viksit Bihar.”আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 24th, 10:39 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, ইয়াত উপৱিস্ত সাংসদ, বিধায়ক, চৰ্দাৰধামৰ মুৰব্বী শ্ৰী গগজী ভাই, ন্যাসৰক্ষী ভি. পেটেল, দিলীপভাই, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, বিশেষকৈ মোৰ মৰমৰ কন্যাসকল।আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
August 24th, 10:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ আহমেদাবাদত কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়ে। তেওঁ চৰ্দাৰধাম নামটোক ইয়াৰ প্ৰতিনিধিত্ব কৰা কামৰ দৰেই পবিত্ৰ বুলি অভিহিত কৰাৰ লগতে কন্যাৰ সেৱা আৰু শিক্ষাৰ বাবে বিশেষভাৱে উৎসৰ্গিত ছাত্ৰীনিবাসৰ উদ্বোধনী অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ছাত্ৰীনিবাসত থকা ছাত্ৰীসকলে দুচকুত ডাঙৰ ডাঙৰ সপোন আৰু আকাংক্ষা কঢ়ুিয়াব, আৰু সেইবোৰক বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকক যথেষ্ট সুযোগ প্ৰদান কৰা হ’ব। এই ছাত্ৰীসকলে এবাৰ আত্মনিৰ্ভৰশীল আৰু সক্ষম হ’লেই তেওঁলোকে কেৱল জাতি গঠনত অৰিহণা যোগোৱাই নহয়, পৰিয়ালকো সবলীকৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পদক্ষেপৰ দ্বাৰা উপকৃত হোৱা সকলো কন্যা সন্তানৰ লগতে তেওঁলোকৰ পৰিয়াললৈও উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।আজি নাৰী শক্তিয়ে এখনি বিকশিত ভাৰতৰ সংকল্পত সক্ৰিয়ভাৱে অংশগ্ৰহণেৰে ভিন্ন খণ্ডত নিদৰ্শন দাঙি ধৰিছেঃ প্ৰধানমন্ত্ৰী
June 08th, 11:14 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত মহিলা-নেতৃত্বাধীন উন্নয়নৰ প্ৰতি চৰকাৰৰ গুৰুত্ব আৰোপৰ কথা উল্লেখেৰে এখনি উন্নত ভাৰতৰ অভিমুখে যাত্ৰাত মহিলাসকলে পালন কৰা ৰূপান্তৰশীল ভূমিকাত আলোকপাত কৰিছে।দাউদী বোহৰা সম্প্ৰদায়ৰ প্ৰতিনিধি দলৰে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 17th, 08:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গস্থিত নিজা বাসগৃহত দাউদী বোহৰা সম্প্ৰদায়ৰ সদস্যৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে।গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কামৰ উদ্বোধনীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 08th, 11:50 am
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল জী, নৱছাৰীৰ সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী, কেন্দ্ৰীয় মন্ত্ৰী ভাই চি আৰ পেটেল, মঞ্চত উপস্থিত পঞ্চায়তৰ সদস্যগণ আৰু লাখপতি দিদিসকল, অন্যান্য জনপ্ৰতিনিধিগণ আৰু ইয়ালৈ যিসকল বৃহৎ সংখ্যাত আহিছে, বিশেষকৈ মোৰ মাতৃ, ভগ্নী আৰু কন্যাসকল, আপোনালোক সকলোকে নমস্কাৰ!গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কাম আৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 08th, 11:45 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ নৱছাৰীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনুষ্ঠানত ভাষণ দি তেওঁ উপস্থিত বৃহৎ সংখ্যক মাতৃ, ভগ্নী, কন্যাসকলৰ পৰা পোৱা মৰম, মৰম আৰু আশীৰ্বাদৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি সমগ্ৰ দেশৰ মহিলাসকললৈ উষ্ম অভিনন্দন জনায়। তেওঁ কয় যে মহাকুম্ভৰ সময়ত তেওঁ মা গংগাৰ আশীৰ্বাদ লাভ কৰিছিল যদিও আজি তেওঁ মাতৃশক্তিৰ মহাকুম্ভত উপস্থিত থাকি ধন্য অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত G-SAFAL (Gujarat Scheme for Antyodaya Families for Augmenting Livelihoods) আৰু G-MAITRI (Gujarat Mentorship and Acceleration of Inpiduals for Transforming Rural Income) নামৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিও গুজৰাটত আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও বিভিন্ন আঁচনিৰ ধন পোনপটীয়াকৈ মহিলাসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰিত হোৱাৰ কথা উল্লেখ কৰি এই উল্লেখযোগ্য কৃতিত্বৰ বাবে সকলোকে অভিনন্দন জনায়।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ
February 06th, 04:21 pm
মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ
February 06th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।বেটী বচাও, বেটী পঢ়াও আন্দোলনৰ ১০ বছৰ পূৰ্তিত প্ৰধানমন্ত্ৰীৰ মন্তব্য
January 22nd, 10:04 am
বেটী বচাও, বেটী পঢ়াও আন্দোলনৰ ১০ বছৰ উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ই এক পৰিৱৰ্তনশীল, জনচালিত পদক্ষেপ হৈ পৰিছে আৰু সকলো ক্ষেত্ৰৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে বেটী বচাও, বেটী পঢ়াও লিংগ পক্ষপাতিত্ব দূৰ কৰা আৰু ছোৱালী শিশুসকলক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ঐতিহাসিকভাৱে শিশুৰ নিম্ন লিংগ অনুপাত থকা জিলাসমূহে গুৰুত্বপূৰ্ণ উন্নতিৰ প্ৰতিবেদন আগবঢ়াইছে আৰু তেওঁ তৃণমূল পৰ্যায়ত এই আন্দোলনক জীৱন্ত কৰি তোলা সকলো অংশীদাৰক প্ৰশংসা কৰিছে।Double-engine Governments at the Centre and state are becoming a symbol of good governance: PM in Jaipur
December 17th, 12:05 pm
PM Modi participated in the event ‘Ek Varsh-Parinaam Utkarsh’ to mark the completion of one year of the Rajasthan State Government. In his address, he congratulated the state government and the people of Rajasthan for a year marked by significant developmental strides. He emphasized the importance of transparency in governance, citing the Rajasthan government's success in job creation and tackling previous inefficiencies.