বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
June 10th, 11:50 pm
প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
March 02nd, 07:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমানৰ আঞ্চলিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
February 26th, 08:56 pm
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইজৰাইলৰ অংশীদাৰিত্বৰ সমগ্ৰ বিষয় সামৰি লৈ বিস্তৃত আলোচনা কৰে। দুয়োখন দেশৰ মাজত গভীৰ আস্থা আৰু বন্ধুত্বক প্ৰতিফলিত কৰি নেতাসকলে দ্বিপাক্ষিক সম্পৰ্কক শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে বিশেষ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। এই বৈঠক ক্ৰমবৰ্ধমান অভিসৰণ আৰু নিৰাপদ তথা সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে দুয়োখন দেশৰ ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ প্ৰতীক হিচাবে পৰিগণিত হৈছে।ভাৰত - ইজৰাইলৰ যুটীয়া বিবৃতি
February 26th, 07:44 pm
ভাৰত আৰু ইজৰাইলৰ আন্তৰিকতা, সদিচ্ছা আৰু গভীৰ কৌশলগত অংশীদাৰিত্বক স্বীকৃতি দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু ডাঙৰীয়াৰ আমন্ত্ৰণত ২০২৬ চনৰ ২৫ চনৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ইজৰাইল ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়ববীয়াৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ইজৰাইললৈ যায়। ২০১৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণ আছিল এক ঐতিহাসিক ভ্ৰমণ । প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৮ চনত প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰে , যি ভ্ৰমণে অংশীদাৰিত্ব আৰু সহযোগিতাৰ নতুন যুগৰ ভেটি স্থাপন কৰিছিল। নেতাদ্বয়ে উদীয়মান প্ৰযুক্তি, চাইবাৰ, কৃষি, জল ব্যৱস্থাপনা, স্বাস্থ্য, উদ্যোগীকৰণ, প্ৰতিৰক্ষা, নিৰাপত্তা আদি বিষয়ত আলোচনা কৰিছিল । প্ৰধানমন্ত্ৰী নেতানিয়াহু আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাত সন্মতি প্ৰকাশ কৰি কৌশলগত অংশীদাৰিত্বক এক নতুন স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয় – ‘শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে এক বিশেষ কৌশলগত অংশীদাৰিত্ব।’ফলাফলৰ তালিকা: প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণ
February 26th, 07:41 pm
ভূ-ভৌতিক অন্বেষণৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা বিবৃতি
February 26th, 03:30 pm
মোক আৰু ভাৰতীয় প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে মই পুনৰবাৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।জেৰুজালেমত প্ৰযুক্তি প্ৰদৰ্শনী পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
February 26th, 10:37 am
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৫ ফেব্ৰুৱাৰীত বিভিন্ন খণ্ডত ইজৰাইলী উদ্ভাৱকে কৰা পথ প্ৰদৰ্শনকাৰী উদ্ভাৱনৰ এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰে। এই প্ৰদৰ্শনীত কৃষি-প্ৰযুক্তি, জল-প্ৰযুক্তি, জলবায়ু-প্ৰযুক্তি, স্বাস্থ্য-জৈৱ-প্ৰযুক্তি, স্মাৰ্ট মবিলিটি, এআই, চাইবাৰ সুৰক্ষা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ আগশাৰীৰ কোম্পানী আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ উদ্ভাৱন প্ৰদৰ্শিত হৈছিল।ইজৰাইলৰ টেল আভিভত উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী মোদী
February 25th, 04:43 pm
কিছু সময়ৰ পূৰ্বে ইজৰাইলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰীয়ে ২০২৬ চনৰ ২৫ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ইজৰাইললৈ চৰকাৰী ভ্ৰমণসূচী লৈ যাত্ৰা কৰিছে। তেওঁক প্ৰধানমন্ত্ৰী নেতান্যাহুৱে উষ্ম সম্ভাষণ জনোৱাৰ লগতে বিমানবন্দৰত আনুষ্ঠানিকভাৱে আদৰণি জনায়।ইজৰাইল ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
February 25th, 08:28 am
মোৰ মৰমৰ বন্ধু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ আমন্ত্ৰণত মই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইজৰাইললৈ চৰকাৰী ভ্ৰমণ কৰিম।প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণ
February 24th, 05:34 pm
ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ২৫-২৬ ফেব্ৰুৱাৰীত ইজৰাইললৈ চৰকাৰী ভ্ৰমণ কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰীৰ দ্বিতীয় ইজৰাইল ভ্ৰমণ।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনযোগে বাৰ্তালাপ
January 07th, 03:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মাননীয় বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
December 10th, 07:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ পৰা টেলিফোন কল লাভ কৰে।ইজৰাইলৰ প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন আৰু দীপাৱলীৰ শুভেচ্ছাৰ বাবে ধন্যবাদ প্ৰধানমন্ত্ৰীৰ
October 21st, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু লগতে দুয়োখন ৰাষ্ট্ৰৰ মাজত স্থায়ী বন্ধুত্বক পুনৰ নিশ্চিত কৰি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ বাবে তেওঁক ধন্যবাদ জনায়।প্ৰধানমন্ত্ৰীয়ে পণবন্দীসকলক মুকলি কৰি দিয়া কাৰ্য্যক আদৰণি; অঞ্চলটোত শান্তি স্থাপনাৰ্থে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আন্তৰিক প্ৰচেষ্টাক সমৰ্থন জনায়
October 13th, 07:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুবছৰৰো অধিক বন্দীত্বৰ অন্তত সকলো পণবন্দীকে মুকলি কৰি দিয়া কাৰ্য্যক আদৰণি জনাইছে। তেখেতে কয় যে তেওঁলোকৰ স্বাধীনতা হৈছে তেওঁলোকৰ পৰিয়ালৰ সাহস, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শান্তি প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সংকল্পৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি।ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাৰ অধীনত হোৱা অগ্ৰগতিৰ বাবে বেঞ্জামিন নেতানিয়াহুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 09th, 10:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰাৰ লগতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাৰ অধীনত হোৱা অগ্ৰগতিৰ বাবে তেওঁক অভিনন্দন জনায়।ইজৰাইলৰ প্ৰধানমন্ত্ৰী, ইজৰাইলৰ জনসাধাৰণ আৰু ইহুদী সম্প্ৰদায়ক ৰোছ হাছানাহৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
September 22nd, 10:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু, ইজৰাইলৰ জনসাধাৰণ আৰু সমগ্ৰ বিশ্বৰ ইহুদী সম্প্ৰদায়ক ৰোছ হাছানাহৰ শুভেচ্ছা জ্ঞাপন কৰে।PM Modi expresses gratitude to world leaders for birthday wishes
September 17th, 03:03 pm
The Prime Minister Shri Narendra Modi expressed his gratitude to the world leaders for greetings on his 75th birthday, today.প্ৰধানমন্ত্ৰীয়ে জেৰুজালেমত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে
September 08th, 10:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। ভাৰতে সন্ত্ৰাসবাদৰ সকলো ৰূপ তথা প্ৰকাশকে গৰিহণা জনাই আহিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতিত দৃঢ়তাৰে থিয় দিছে, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰীলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ টেলিফোন
June 13th, 07:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেটান্যাহুৰ পৰা এটা টেলিফোন কল লাভ কৰে।জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা বিশ্ববাসীৰ
April 24th, 03:29 pm
২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে বিশ্বৰ নেতাসকল ঐক্যবদ্ধ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰতিশ্ৰুতি দিয়ে যে “ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক পৃথিৱীৰ পৰাই নিৰ্মূল কৰিব।”