Prime Minister’s meeting with Prime Minister of UK on the sidelines of the G7 Summit
June 17th, 12:36 am
On the sidelines of the G7 Summit in Evian, France, PM Modi held a bilateral meeting with UK PM Keir Starmer, during which the two leaders reviewed the strong momentum in India-UK relations. They welcomed progress across all pillars of Vision 2035 and looked forward to the early entry into force of the Comprehensive Economic and Trade Agreement.আৰ্ট অব লিভিঙত শ্ৰীশ্ৰী ৰবিশংকৰক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
May 10th, 07:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰু ভ্ৰমণৰ সময়ত আৰ্ট অব লিভিঙৰ প্ৰতিষ্ঠাপক তথা প্ৰখ্যাত আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰক সাক্ষাৎ কৰে।বেংগালুৰুত দ্য আৰ্ট অব লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
May 10th, 11:05 am
আজিৰ এই পুৱাটোৱে কঢ়িয়াই আনিছে এক অনন্য অভিজ্ঞতা। বৈদিক মন্ত্ৰৰে শিশুসকলৰ আদৰণি, ভগৱান শ্ৰী গণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ বছৰীয়া জয়ন্তী আৰু আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী আদি মুহূৰ্ত মোৰ স্মৃতিত আজীৱন খোদিত হৈ থাকিব। এই সুন্দৰ অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ।কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 10th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰে। এই শুভ অনুষ্ঠানৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে শিশুসকলে বৈদিক মন্ত্ৰৰে আদৰণি জনোৱা, ভগৱান শ্ৰীগণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ সংখ্যক জয়ন্তী, আৰু আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ দ্বাৰা সমৃদ্ধ হোৱা ৰাতিপুৱাৰ স্বকীয়তা বৰ্ণনা কৰে। শ্ৰী মোদীয়ে কয়, এইবোৰ এনেকুৱা মুহূৰ্ত যিবোৰ মোৰ স্মৃতিত চিৰদিন খোদিত হৈ থাকিব।”There is no chapter on governance in Congress’ book of power: PM Modi in Bengaluru
May 10th, 09:46 am
Prime Minister Narendra Modi today addressed a massive public meeting in Bengaluru, Karnataka and hailed the BJP’s growing support across southern India, asserting that the people of the country are choosing ‘stability, speed and solutions’ over instability and scams. He said that today, a saffron sun has risen from the land of Bengaluru.PM Modi addresses a mega public meeting in Bengaluru, Karnataka
May 10th, 09:45 am
Prime Minister Narendra Modi today addressed a massive public meeting in Bengaluru, Karnataka and hailed the BJP’s growing support across southern India, asserting that the people of the country are choosing ‘stability, speed and solutions’ over instability and scams. He said that today, a saffron sun has risen from the land of Bengaluru.১০ মে’ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 09th, 11:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১০ মে, ২০২৬ ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব।সিদিনা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্য আৰ্ট অৱ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদলৈ যাত্ৰা কৰিব আৰু প্ৰায় ৩ বজাত প্ৰায় ৯,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব। লগতে এই উপলক্ষ্যে আয়োজিত সভাত তেওঁ ভাষণ দিব। প্ৰায় ৩:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদৰ সিন্ধু হাস্পতাল দেশৰ বাবে উৎসৰ্গা কৰিব।Prime Minister condoles the loss of lives due to the wall collapse in Bengaluru, Karnataka
April 29th, 11:22 pm
Prime Minister Shri Narendra Modi has expressed deep grief over the unfortunate mishap due to the collapse of a wall in Bengaluru, Karnataka.Tiruchirappalli turns out in huge numbers for PM Modi’s public meeting
March 11th, 06:00 pm
At a massive public meeting in Tamil Nadu’s Tiruchirappalli, Prime Minister Narendra Modi hailed Tiruchirappalli as a land of courage and faith, recalling the bravery of the Marudu Brothers and paying tribute to Major M. Saravanan for his sacrifice during the Kargil War. “Trichy is a land of courage and faith,” he said, adding that the Centre proudly honours Tamil Nadu’s culture and heritage. He also highlighted that C. P. Radhakrishnan, a son of the state, serves as the Vice President of India.ভাৰত-কানাডা চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
March 02nd, 02:30 pm
দুয়োখন দেশৰ ব্যৱসায়িক নেতা, ভদ্ৰলোক-ভদ্ৰমহিলা আৰু সন্মানীয় প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীক শুভেচ্ছা জনাইছো!তামিলনাডুৰ মাদুৰাইত বিভিন্ন আন্তঃগাঁথনিমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 03:30 pm
পবিত্ৰ আৰু ঐতিহাসিক চহৰ মাদুৰাইত উপস্থিত হৈ মই নিজে সন্মানিত অনুভৱ কৰিছো। মই মীনাক্ষী আম্মান আৰু ভগৱান সুন্দৰেশ্বৰক প্ৰণাম জনাইছো। তামিলনাডুৰ উন্নয়নৰ যাত্ৰাত আজিৰ এই অনুষ্ঠান এক গৌৰৱৰ অধ্যায় হিচাপে চিহ্নিত হৈছে। আমি আজি চাৰি হাজাৰ চাৰিশ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গাও কৰিছো। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে অৰ্থনীতিৰ বিকাশ, নিয়োগৰ সুযোগ সৃষ্টি আৰু লাখ লাখ লোকৰ জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব। কৃষকসকলৰ বাবে তেওঁলোকৰ উৎপাদিত শস্য লৈ বজাৰত উপনীত হোৱাৰ উন্নত পথ লাভ কৰিছে। তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে যাত্ৰা সহজ কৰাটো হৈ পৰিছে। ব্যৱসায়ৰ বাবে দ্ৰুত পৰিবহণ সম্ভৱ হৈছে। উচ্চ মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থ হৈছে জনসাধাৰণক সৱলীকৰণ কৰা।মাদুৰাইত ৪,৪০০ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ৪,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পৱিত্ৰ চহৰ মাদুৰাইত উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তামিলনাডুৰ উন্নয়নৰ যাত্ৰাত এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা হৈছে। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাত পৰিৱৰ্তন আনিব, অৰ্থনীতিৰ বিকাশ ঘটাব, যুৱক-যুৱতীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু ৰাজ্যখনৰ লাখ লাখ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে উচ্চ মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণক সৱলীকৰণ কৰা। শ্ৰী মোদীয়ে কয় যে এই উন্নয়নসমূহৰ অৰ্থ হৈছে কৃষকসকলৰ সামগ্ৰী উলিয়াই বজাৰলৈ যোৱাৰ বাবে উন্নত পথ, তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে সুগম যাত্ৰা আৰু ব্যৱসায়ৰ বাবে দ্ৰুত পৰিবহণ।পুডুচেৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 12:00 pm
পুডুচেৰীৰ মুখ্যমন্ত্ৰী শ্ৰী এন ৰংগস্বামী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱিয়া, পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰীযুত কে কৈলাসনাথন, ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ শ্ৰী আৰ চেলভাম, গৃহমন্ত্ৰী শ্ৰীযুত এ নমছিৱায়ম, অন্যান্য নেতৃবৃন্দ, মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল।পুডুচেৰীত ২,৭০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 11:45 am
অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, পুডুচেৰী হ'ল সিদ্ধাৰ, সাধু, কবি আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ভূমি, য'ত মহাকবি সুব্ৰমনিয়া ভাৰতীয়ে জাতীয়তাবাদৰ অগ্নিশিখা প্ৰজ্বলন কৰাৰ লগতে শ্ৰী অৰবিন্দ আৰু তেওঁৰ মাতৃয়ে বিশ্বক আধ্যাত্মিক দৃষ্টি প্ৰদান কৰিছিল।প্ৰথম ভোটৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া-লৈ মন কী বাত-ত ভাৰতৰ যুৱক-যুৱতীসকলৰ ভূমিকাক উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
January 25th, 11:30 am
‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস’ত চলিত বৰ্ষৰ প্ৰথমটো ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদীয়ে ভোটদানৰ গুৰুত্ব সন্দৰ্ভত অভিমত ব্যক্ত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত সকলোৰে শলাগ লয়। তেওঁ ষ্টাৰ্টআপ, পানী সংৰক্ষণ, গুণগত মান, সংস্কৃতি আৰু উৎসৱ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে মূল বিষয়বস্তুসমূহো স্পৰ্শ কৰে। অহা মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ইণ্ডিয়া এআই ইমপেক্ট ছামিট-ৰ প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে, য’ত সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰীয়ে শ্ৰী এছ সুৰেশ কুমাৰ জীক চাইক্লিঙত অৰ্জন কৰা কৃতিত্বৰ বাবে অভিনন্দন জনাইছে
January 01st, 10:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুৰ পৰা কন্যাকুমাৰীলৈ সফলতাৰে চাইকেলেৰে যাত্ৰা কৰা শ্ৰীযুত এছ সুৰেশ কুমাৰ জীৰ উল্লেখযোগ্য কৃতিত্বক প্ৰশংসা কৰে।‘বন্দে মাতৰম’ৰ ভাৱনা ভাৰতৰ অমৰ চেতনাৰে বিজড়িত হৈ আছে: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী
October 26th, 11:30 am
চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ অক্টোবৰত ১৫০ সংখ্যক জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছঠপূজা উৎসৱ, পৰিৱেশ সুৰক্ষা, ভাৰতীয় জাতৰ কুকুৰ, ভাৰতীয় কফি, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু সংস্কৃত ভাষাৰ গুৰুত্ব আদি আমোদজনক বিষয় সন্দৰ্ভতো আলোকপাত কৰে। ‘বন্দে মাতৰম’ গীতৰ ১৫০ সংখ্যক বৰ্ষৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে।দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
September 21st, 06:09 pm
কাইলৈৰ পৰা আৰম্ভ হ'ব শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰি। আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল! নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত আন এক গুৰুত্বপূৰ্ণ আৰু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কাইলৈ ২২ ছেপ্টেম্বৰ, নৱৰাত্ৰিৰ প্ৰথম দিনা সূৰ্য্য উদয় হোৱাৰ লগে লগে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ কাৰ্যকৰী হ’ব। এক প্ৰকাৰে কাইলৈৰ পৰা দেশত জি এছ টি ৰাহি উৎসৱ আৰম্ভ হ’বলৈ গৈ আছে। এই জিএছটি ৰাহি উৎসৱে আপোনাৰ সঞ্চয় বৃদ্ধি কৰিব আৰু আপুনি বিচৰা বস্তুবোৰ অতি সহজে ক্ৰয় কৰিব পাৰিব। আমাৰ দেশৰ দুখীয়া, মধ্যবিত্ত শ্ৰেণীৰ মানুহ, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী, উদ্যোগী সকলোৱে এই ৰাহি উৎসৱৰ পৰা বহু উপকৃত হ’ব। অৰ্থাৎ এই উৎসৱৰ বতৰত সকলোৱে মিঠাই খাব, আৰু দেশৰ প্ৰতিটো পৰিয়াল ধন্য হ’ব। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু এই ৰাহি উৎসৱ উপলক্ষে দেশৰ কোটি কোটি পৰিয়াললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই সংস্কাৰসমূহে ভাৰতৰ বৃদ্ধিৰ কাহিনী ত্বৰান্বিত কৰিব, ব্যৱসায় কৰাটো সহজ কৰি তুলিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্যক উন্নয়নৰ দৌৰত সমান অংশীদাৰ কৰি তুলিব।দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 21st, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰিৰ আৰম্ভণিতে দেশৰ সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ মন্তব্য কৰে যে নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশখনে আত্মনিৰ্ভৰ ভাৰত অভিযানত এক উল্লেখযোগ্য পদক্ষেপ আগবঢ়াব। ২২ ছেপ্টেম্বৰৰ সূৰ্য্য উদয়ৰ পৰা আৰম্ভ কৰি দেশত পৰৱৰ্তী প্ৰকল্পৰ জি এছ টি সংস্কাৰ ৰূপায়ণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ইয়াৰ দ্বাৰা সমগ্ৰ ভাৰততে জি এছ টি ৰাহি উৎসৱ(সঞ্চয় মহোৎসৱ) আৰম্ভ হৈছে। তেওঁ কয় যে এই উৎসৱে সঞ্চয় বৃদ্ধি কৰিব আৰু মানুহে নিজৰ পছন্দৰ সামগ্ৰী ক্ৰয় কৰাত সহজ হ’ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সঞ্চয় উৎসৱৰ সুফল দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণী, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী আৰু উদ্যোগীসকলৰ মাজত একেদৰেই পৰিলক্ষিত হ'ব । তেওঁ মন্তব্য কৰে যে এই উৎসৱৰ বতৰত প্ৰতিখন ঘৰতে সুখ আৰু মধুৰতা বৃদ্ধি পাব। সকলোকে অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ কোটি কোটি পৰিয়াললৈ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু জি এছ টি সঞ্চয় মহোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে এই সংস্কাৰে ভাৰতৰ বিকাশৰ কাহিনীক ত্বৰান্বিত কৰিব, ব্যৱসায়িক কাৰ্য্যকলাপ সৰল কৰিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্য উন্নয়নৰ দৌৰত সমান অংশীদাৰ হোৱাটো নিশ্চিত কৰিব।কৰ্ণাটকৰ বেংগালুৰুত একাধিক মেট্ৰ’ প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
August 10th, 01:30 pm
কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলট ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী সিদ্দাৰমাইয়া ডাঙৰীয়া, কেন্দ্ৰত মোৰ সতীৰ্থ মনোহৰ লাল খট্টৰ ডাঙৰীয়া, এইচ.ডি. কুমাৰাস্বামী ডাঙৰীয়া, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ভি. সোমান্না ডাঙৰীয়া, সুশ্ৰী শোভা কাৰণ্ডলাজে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰ ডাঙৰীয়া, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী বি সুৰেশ ডাঙৰীয়া, বিৰোধী দলপতি আৰ অশোক ডাঙৰীয়া, সাংসদ তেজস্বী সূৰ্য্য ডাঙৰীয়া, ডাঃ মঞ্জুনাথ ডাঙৰীয়া, বিধায়ক বিজেন্দ্ৰ য়েদিয়ুৰাপ্পা ডাঙৰীয়া আৰু কৰ্ণাটকৰ মোৰ ভাই-ভনীসকল।