Prime Minister extends best wishes on Poila Boishakh
April 15th, 07:56 am
The Prime Minister, Shri Narendra Modi today extended his best wishes on the occasion of Poila Boishakh.TMC was chosen to end Left excesses, but it has surpassed them: PM Modi during Mera Booth, Sabse Mazboot Samvaad
April 14th, 04:45 pm
PM Modi interacted with BJP karyakartas from across West Bengal under the ‘Mera Booth, Sabse Mazboot’ initiative, extending his best wishes for the Bengali New Year to all citizens of the state.Booth strength, people’s trust and grassroots outreach - PM Modi’s interaction with BJP Karyakartas from West Bengal
April 14th, 04:30 pm
PM Modi interacted with BJP karyakartas from across West Bengal under the ‘Mera Booth, Sabse Mazboot’ initiative, extending his best wishes for the Bengali New Year to all citizens of the state.অসমৰ শিলচৰত বিভিন্ন উন্নয়নমূলক কাম উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
March 14th, 11:10 am
সংস্কৃতি, সাহস আৰু সজীৱতাৰে ভৰা ঠাই বৰাক উপত্যকাৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোৰে মাজত থকাটো এক অতি বিশেষ অভিজ্ঞতা। শিলচৰক বৰাক উপত্যকাৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায়। এইখন এনে এখন ঠাই, য’ত ইতিহাস, ভাষা, সংস্কৃতি, উদ্যোগ একত্ৰিত হৈ এক অনন্য পৰিচয়ৰ সৃষ্টি হৈছে। ইয়াত বাংলা ভাষা কোৱা হয়, অসমীয়া প্ৰতিধ্বনি শুনা যায়, আন আন জনজাতীয় পৰম্পৰাও প্ৰস্ফুটিত হয়। এই বৈচিত্ৰ্যক আপোনালোকৰ শক্তি হিচাপে লৈ সকলোৱে এই সমগ্ৰ অঞ্চলটোক ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰে বিকশিত কৰিছে। এয়াই বৰাক উপত্যকাৰ অপৰিসীম শক্তি।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শিলচৰত ২৩,৫৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
March 14th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংস্কৃতি আৰু সজীৱতাৰ বাবে পৰিচিত বৰাক উপত্যকা ভ্ৰমণ কৰাটো তেওঁৰ বাবে সদায় এক অতি বিশেষ অভিজ্ঞতা হৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিলচৰ হৈছে এই উপত্যকাৰ দুৱাৰমুখ, য’ত ইতিহাস আৰু ভাষা একত্ৰিত হৈ এক অনন্য আঞ্চলিক পৰিচয় সৃষ্টি কৰে। শ্ৰী মোদীয়ে কয় যে এই অঞ্চলৰ শক্তি নিহিত হৈ আছে ইয়াৰ বৈচিত্ৰ্যত, য’ত বাঙালী, অসমীয়া, জনজাতীয় পৰম্পৰা একেলগে সমন্বয়ৰ মাজেৰে বিকশিত হয়। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে, বৰাক উপত্যকাৰ বৈচিত্ৰ্যই ইয়াৰ সৰ্ববৃহৎ সম্পদ, ইয়েই ইয়াৰ নাগৰিকসকলৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিছে।দিল্লীৰ চিত্তৰঞ্জন পাৰ্কত দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 30th, 09:24 pm
শুভ মহা অষ্টমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চিত্তৰঞ্জন পাৰ্কত আয়োজিত দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰে।মুম্বাইত অভিজাত মাৰাঠী ভাষা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 05th, 07:05 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাৱীছ জী, অজিত পাৱাৰ জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী, বহু প্ৰজন্মত নিজৰ গায়কীৰে পৰিচয় দাঙি ধৰা আশাতাই জী, সুপৰিচিত অভিনেতা ভাই শচীন জী, নামদেৱ কম্বলে জী, সদানন্দ ম’ৰে জী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী ভাই দীপক জী, মংগলপ্ৰভাত লোধা জী, বিজেপি মুম্বাইৰ সভাপতি ভাই আশীষ জী, অন্যান্য বিশিষ্ট ভাই-ভনীসকল!মহাৰাষ্ট্ৰৰ মুম্বাইত অভিজাত মাৰাঠী ভাষাৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 05th, 07:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিজাত মাৰাঠী ভাষাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ এই উপলক্ষে ভাষণত তেওঁ কয় যে মাৰাঠী ভাষাক কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। শ্ৰী মোদীয়ে এই মুহূৰ্তৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাৰাঠী ভাষাৰ ইতিহাসৰ এক সোণালী মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ মাৰাঠী ভাষী লোকসকলৰ দীৰ্ঘদিনীয়া আকাংক্ষাক স্বীকাৰ কৰি মহাৰাষ্ট্ৰৰ সপোন পূৰণৰ দিশত অৰিহণা যোগোৱাত আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰবাসীক অভিনন্দন জনোৱাৰ লগতে এই ঐতিহাসিক সাফল্যৰ অংশ হোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। তদুপৰি প্ৰধানমন্ত্ৰীয়ে বাংলা, পালি, প্ৰাকৃত, আৰু অসমীয়া ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা বুলি ঘোষণা কৰি এই ভাষাসমূহৰ সৈতে জড়িত লোকসকলক অভিনন্দন জ্ঞাপন কৰে।মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত কেবিনেটৰ অনুমোদন
October 03rd, 09:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনাইছে। ধ্ৰুপদী ভাষাসমূহে ভাৰতৰ গভীৰ আৰু প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ ৰক্ষক হিচাপে কাম কৰে, যি প্ৰতিটো সম্প্ৰদায়ৰ ঐতিহাসিক আৰু সাংস্কৃতিক মাইলৰ খুঁটিসমূহৰ সাৰমৰ্ম উপস্থাপন কৰে।