মহাৰাষ্ট্ৰৰ বাৰামতীৰ বিমান দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

January 28th, 11:22 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ বাৰামতী জিলাত সংঘটিত এক শোকাৱহ বিমান দুৰ্ঘটনাত কেইবাজনো লোকৰ প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। ‘দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। গভীৰ শোকৰ এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালসমূহক এই দুখ সহিব পৰাকৈ শক্তি আৰু সাহসৰ বাবে প্ৰাৰ্থনা জনাইছো’, শ্ৰী মোদীয়ে কয়।