বাংলাদেশৰ নিৰ্বাচনত জয়লাভৰ বাবে প্ৰধানমন্ত্ৰীয়ে তাৰিক ৰহমানক অভিনন্দন জনায়; দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰ দোহাৰে

February 13th, 04:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰিক ৰহমানৰ সৈতে হোৱা বাৰ্তালাপত বাংলাদেশৰ নিৰ্বাচনত উল্লেখযোগ্য বিজয় সাব্যস্ত কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বিএনপিৰ বিজয়ৰ বাবে তাৰিক ৰহমানক অভিনন্দন জনাইছে

February 13th, 12:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বিএনপিক উল্লেখযোগ্য বিজয়ৰ দিশে আগুৱাই নিয়াৰ বাবে তাৰিকে ৰহমানক অভিনন্দন জনায়। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতে গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশৰ সমৰ্থনত থিয় দি থাকিব। শ্ৰী মোদীয়ে কয়, “আমাৰ বৈচিত্ৰ্যময় সম্পৰ্ক শক্তিশালী কৰাৰ লগতে আমাৰ উমৈহতীয়া উন্নয়নৰ লক্ষ্য আগুৱাই নিয়াৰ বাবে আপোনালোকৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী।”

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালিদা জিয়াৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

December 30th, 10:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংলাদেশৰ ঢাকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ বেগম খালিদা জিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে বেগম খালেদা জিয়াৰ আশু আৰোগ্য কামনা কৰে

December 01st, 10:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহু বছৰ ধৰি বাংলাদেশৰ জনজীৱনলৈ বৰঙণি আগবঢ়াই অহা বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ আৰু তেওঁৰ আশু-আৰোগ্য কামনা কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত সম্ভৱপৰ সকলো সমৰ্থন আগবঢ়াবলৈ সাজু আছে।

ঢাকাত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

July 21st, 07:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঢাকাত সংঘটিত হোৱা এক মৰ্মান্তিক বিমান দুৰ্ঘটনাত নিহত, বিশেষকৈ কলেজীয়া শিক্ষাৰ্থীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে এনে সংকটৰ সময়ত ভাৰতে বাংলাদেশৰ সৈতে থিয় দিছে আৰু সম্ভৱপৰ সকলো সমৰ্থন তথা সহায় আগবঢ়াবলৈ সাজু হৈ আছে।

PM Modi meets Chief Adviser of Bangladesh on the sidelines of BIMSTEC Summit

April 04th, 03:49 pm

Prime Minister Shri Narendra Modi met today with Professor Muhammad Yunus, Chief Adviser of the interim government of Bangladesh, on the sidelines of the BIMSTEC Summit in Bangkok.

০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ

April 02nd, 02:00 pm

বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।

শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

March 27th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী ঠাকুৰৰ উপান্ত সকলৰ উন্নতি তথা সমতা, মানৱীয়তা আৰু ন্যায়ৰ হকে কৰা কামক প্ৰশংসা কৰি শ্ৰী মোদীয়ে মাটুৱা ধৰ্ম মহা মেলা ২০২৫-ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰত আৰু আমেৰিকাৰ মাজত এক বৃহৎ অংশীদাৰিত্ব গঢ়ি তুলিছে প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পে

February 14th, 06:46 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল, য’ত দুয়োখন দেশৰ মাজত গভীৰ হৈ অহা কৌশলগত, অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্কৰ প্ৰতিফলন ঘটে। তেওঁৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু কূটনীতিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ সামৰি আমেৰিকাৰ নেতা, অগ্ৰণী ব্যৱসায়ী আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতে কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠক আৰু আলোচনাত অংশগ্ৰহণ কৰে। এই ভ্ৰমণে ভাৰত আৰু আমেৰিকাৰ মাজত শক্তিশালী সম্পৰ্কক পুনৰ দৃঢ় কৰি তুলিছে, দুয়োখন দেশক এক নতুন বিশ্বব্যৱস্থা গঢ় দিয়াৰ ক্ষেত্ৰত বৈশ্বিক অংশীদাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 10:45 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে

January 14th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।

ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

August 26th, 10:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জোচেফ আৰ বাইডেনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ

August 16th, 04:30 pm

অন্তৱৰ্তীকালীন

বাংলাদেশত নতুন পদ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নোবেল বিজয়ী অধ্যাপক মহম্মদ ইউনুছক অভিনন্দন জনাইছে

August 08th, 10:26 pm

বাংলাদেশৰ নৱগঠিত অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা পদ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নোবেল বিজয়ী অধ্যাপক মহম্মদ ইউনুছক অভিনন্দন জনাইছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰেছ বিবৃতি

June 22nd, 01:00 pm

প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাজী আৰু তেওঁৰ প্ৰতিনিধি দললৈ উষ্ম আদৰণি জনাইছো। যোৱা এবছৰত আমি দহবাৰ লগ হৈছো। কিন্তু আজিৰ এই ভ্ৰমণ বিশেষ। কাৰণ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাজী আমাৰ চৰকাৰৰ তৃতীয় কাৰ্যকালত আমাৰ প্ৰথম ৰাজ্যিক অতিথি।

প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

June 05th, 08:04 pm

অষ্টাদশ লোকসভা নিৰ্বাচনত এনডিএৰ বিজয়ৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পৰা এটা অভিনন্দনসূচক ফোন কল লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

PM congratulates Prime Minister Sheikh Hasina for victory for fourth consecutive term

January 08th, 07:54 pm

The Prime Minister, Shri Narendra Modi today spoke to Prime Minister Sheikh Hasina of Bangladesh and congratulated her on her victory for a historic fourth consecutive term in the Parliamentary elections.

ত্ৰিপুৰাৰ খোৱাই-হাৰিনা পথৰ ১৩৫ কিলোমিটাৰ অংশৰ উন্নয়ন আৰু বহলীকৰণৰ বাবে কেবিনেটৰ অনুমোদন

December 27th, 08:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে ২০৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১০১.৩০০ কিলোমিটাৰ (খোৱাই) ৰপৰা ২৩৬.২১৩ কিলোমিটাৰ (হাৰিনা)লৈকে পথৰ পকী কিনাৰযুক্ত দুটা লেনলৈ উন্নয়ন আৰু বহলীকৰণৰ বাবে অনুমোদন জনাইছে। এই ৰাষ্ট্ৰীয় ঘাইপথৰ ত্ৰিপুৰাত মুঠ দৈৰ্ঘ্য ১৩৪.৯১৩ কিলোমিটাৰ।

১ নৱেম্বৰত ভাৰত আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে তিনিটা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব

October 31st, 05:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ১ নৱেম্বৰ ২০২৩ তাৰিখে পুৱা প্ৰায় ১১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাৰতৰ সাহায্যত নিৰ্মাণ কৰা তিনিটা উন্নয়নমূলক প্ৰকল্প যুটীয়াভাৱে উদ্বোধন কৰিব। প্ৰকল্প তিনিটা হৈছে আখাউৰা-আগৰতলা ক্ৰছ-বৰ্ডাৰ ৰে'ল সংযোগ; খুলনা- মংগলা বন্দৰগাহ ৰেল লাইন; আৰু মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ দ্বিতীয় ইউনিট।

পুৰুষৰ ক্ৰিকেট বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ আকৰ্ষণীয় জয়ৰ শলাগ প্ৰধানমন্ত্ৰীৰ

October 19th, 10:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ ক্ৰিকেট বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ জয়ক প্ৰশংসা কৰিছে।