অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিশেষ আলোচনা কালত প্ৰধানমন্ত্ৰী লোকসভাত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 29th, 05:32 pm
এই অধিৱেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ বন্ধুসকলৰ সৈতে কথা পাতি থাকোঁতে সকলো সন্মানীয় সাংসদক আহ্বান জনাই এটা কথা উল্লেখ কৰিছিলোঁ। মই কৈছিলোঁ যে এই অধিবেশন ভাৰতৰ বিজয় উদযাপনৰ অধিবেশন। সংসদৰ এই অধিবেশন ভাৰতৰ গৌৰৱ গাঁথাৰ অধিৱেশন।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ ওপৰত বিশেষ আলোচনাৰ সময়ত লোকসভাত ভাষণ দিয়ে
July 29th, 05:00 pm
পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক ‘অপাৰেচন সিন্দুৰ’ৰ ওপৰত এক বিশেষ আলোচনাৰ সময়ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ভাষণ দিয়ে। সদনত ভাষণ দি, প্ৰধানমন্ত্ৰীয়ে অধিৱেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ লোকৰ সৈতে হোৱা বাৰ্তালাপৰ কথা স্মৰণ কৰে, আৰু কয় যে তেওঁ সংসদৰ সকলো সন্মানীয় সদস্যক এই অধিৱেশনখনক ভাৰতৰ বিজয়ৰ উদযাপন আৰু ভাৰতৰ গৌৰৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰিবলৈ আবেদন জনায়।