ছিকিম@৫০ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 29th, 10:00 am
ছিকিমৰ ৰাজ্যপাল শ্ৰীযুত ওম প্ৰকাশ মাথুৰ জী, ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, মোৰ বন্ধু প্ৰেম সিং তামাং জী, সংসদত মোৰ সহকৰ্মী দৰ্জী চেৰিং লেপচা জী, ড° ইন্দ্ৰ হাং চুব্বা জী, ইয়াত উপস্থিত থকা ৰাইজৰ লগতে অন্যান্য জনপ্ৰতিনিধিসকল, সজ্জন তথা ভদ্ৰমহিলাসকল,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ছিকিম@৫০’ উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে
May 29th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গেংটকত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘ছিকিম@৫০’ কাৰ্য্যসূচী সম্বোধন কৰে। এই কাৰ্য্যসূচীৰ বিষয়বস্তু হৈছে ‘প্ৰগতিৰে উদ্দেশ্যৰ মিলন আৰু প্ৰকৃতিৰ বিকাশক চালিতকৰণ’। ইয়াত ভাষণ প্ৰদানেৰে তেখেতে ছিকিমৰ প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী উপলক্ষে ছিকিমৰ ৰাইজক সম্ভাষণ জনায়। তেখেতে ইয়াকে লৈ ৰাইজৰ উৎসাহ-উদ্দীপনাক ওচৰৰপৰা প্ৰত্যক্ষ কৰিব বিচাৰিছিল যদিও প্ৰতিকূল বতৰৰ বাবে এই কাৰ্য্যসূচীত ভাগ ল’ব নোৱাৰিলে বুলিও কয়। তেখেতে অদূৰ ভৱিষ্যতে ছিকিম ভ্ৰমণেৰে ৰাজ্যখনৰ কৃতিত্বৰাজি প্ৰত্যক্ষৰে ইয়াৰ উদযাপনত অংশগ্ৰহণ কৰিব বুলি অংগীকাৰ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনৰ বিগত ৫০ বছৰৰ কৃতিত্বৰাজি উদযাপনৰ উপলক্ষ বুলি বক্তব্য প্ৰদানেৰে ছিকিমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমক এই বৃহৎ অনুষ্ঠানক স্মৰণীয় কৰি তোলাৰ বাবে প্ৰশংসা কৰে। তেখেতে পুনৰবাৰ ছিকিমৰ জনসাধাৰণক ৰাজ্য প্ৰতিষ্ঠাৰ সোণালী জয়ন্তীৰ শুভেচ্ছা জনায়।প্ৰধানমন্ত্ৰীয়ে অহা ২০ অক্টোবৰত বাৰাণসী ভ্ৰমণ কৰিব
October 19th, 05:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ অক্টোবৰত বাৰাণসী ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ২ বজাত তেওঁ আৰ জে শংকৰ চকু চিকিৎসালয় উদ্বোধন কৰিব। ইয়াৰ পিছত, বিয়লি প্ৰায় ৪:১৫ বজাত তেওঁ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।