প্ৰধানমন্ত্ৰীৰ বাবা বিশ্বনাথ মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা; ৰাষ্ট্ৰৰ জনসাধাৰণৰ সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা

April 29th, 11:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাশীৰ বাবা বিশ্বনাথ মন্দিৰ দৰ্শন আৰু পূজা অৰ্চনা কৰি দেশৰ জনসাধাৰণৰ সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে।

উত্তৰ প্ৰদেশৰ হৰদোইত গংগা এক্সপ্ৰেছৱে’ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

April 29th, 11:35 am

সৰ্বপ্ৰথমে, মই ভগৱান নৰসিংহৰ এই পুণ্যভূমিক প্ৰণাম জনাইছো। ইয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত মা গংগা সুন্দৰভাৱে বৈ গৈছে। সেয়েহে, এই সমগ্ৰ অঞ্চলটো কোনো তীৰ্থতকৈ কম নহয়। আৰু মই বিশ্বাস কৰোঁ যে উত্তৰ প্ৰদেশলৈ এক্সপ্ৰেছৱে’ৰ এই উপহাৰো মা গংগাৰ আশীৰ্বাদ। এতিয়া আপুনি কেইঘণ্টামানৰ ভিতৰতে সংগমলৈ যাব পাৰে আৰু কাশীত বাবাক সাক্ষাৎ কৰি উভতিও আহিব পাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন

April 29th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন কৰে। ভগৱান নৰসিংহৰ পৱিত্ৰ ভূমি হিচাপে আৰু মাত্ৰ কেইকিলোমিটাৰমান দূৰেৰে বৈ যোৱা মা গংগাৰ ঐশ্বৰিক উপস্থিতিক সন্মান জনাই ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সমগ্ৰ অঞ্চলটো নদীখনৰ আধ্যাত্মিকতা আৰু উৰ্বৰতাৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত এক তীৰ্থস্থান হিচাপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশত এই এক্সপ্ৰেছৱে’ৰ অৱস্থিতি স্বয়ং মা গংগাৰ পৰাও এক আশীৰ্বাদ, এই এক্সপ্ৰেছৱে’ই কেনেদৰে ঘণ্টাৰ ভিতৰত পৱিত্ৰ গন্তব্যস্থানলৈ যাত্ৰা কৰাটো সম্ভৱ কৰি তুলিব সেই বিষয়ে আলোকপাত কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 04th, 01:00 pm

উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক জী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল— ভাই ৰবীন্দ্ৰ জয়ছোৱাল জী, দয়াশংকৰ জী, গিৰীশ যাদৱ জী, বাৰাণসীৰ মেয়ৰ ভাই অশোক তিৱাৰী জী, আন-আন জনপ্ৰতিনিধি সকল, ভলীবল সন্থাৰ সকলো বিষয় ববীয়া, দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈ আৰু কাশীৰ মোৰ পৰিয়ালৰ সদস্য সকল— নমস্কাৰ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে

January 04th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে বাৰাণসীৰ সাংসদ হিচাপে সকলো খেলুৱৈক আদৰণি আৰু অভিনন্দন জনাই তেওঁ সন্তোষ পাইছে। তেওঁ কয় যে আজিৰে পৰা বাৰাণসীত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকল অসীম কষ্টৰ অন্তত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উপনীত হৈছে আৰু অনাগত দিনত বাৰাণসীৰ খেলপথাৰত তেওঁলোকৰ প্ৰচেষ্টাৰ পৰীক্ষা হ’ব। তেওঁ উল্লেখ কৰে যে দেশৰ ২৮ খন ৰাজ্যৰ টীমসমূহ ইয়াত সমবেত হৈছে। এইদৰে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

দেৱ দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

November 05th, 10:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱ দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে।বাবা বিশ্বনাথৰ পবিত্ৰ নগৰখন আজি দেৱ দীপাৱলীৰ অতুলনীয় উজ্জ্বলতাৰে আলোকিত হৈছে।

India's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM Modi in Thiruvananthapuram, Kerala

May 02nd, 02:06 pm

Prime Minister Modi dedicated Vizhinjam International Deepwater Multipurpose Seaport to the nation in Thiruvananthapuram, Kerala. The PM emphasised that “the port economy reaches its full potential when infrastructure and ease of doing business are promoted together” and stated that over the past 10 years, this has been the blueprint of the Government of India’s port and waterways policy.

কেৰালাৰ ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰিক বন্দৰ’ দেশৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

May 02nd, 01:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰ পানীৰ বহুমুখী সাগৰীয় বন্দৰ’ দেশবাসীৰ নামত উৎসৰ্গা কৰে। ‘ভগৱান’ আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তী উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তিনি বছৰ পূৰ্বে ছেপ্টেম্বৰ মাহত তেওঁ আদি শংকৰাচাৰ্যৰ শ্ৰদ্ধাৰ জন্মস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ আনন্দ প্ৰকাশ কৰে যে তেওঁৰ সংসদীয় সমষ্টি কাশীৰ বিশ্বনাথ ধাম চৌহদত আদি শংকৰাচাৰ্যৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰতিমূৰ্তি আদি শংকৰাচাৰ্যৰ অপৰিসীম আধ্যাত্মিক জ্ঞান আৰু শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰাখণ্ডৰ পৱিত্ৰ ‘কেদাৰনাথ ধাম’ত আদি শংকৰাচাৰ্যৰ ঐশ্বৰিক প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সন্মানো তেওঁ লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি এই অনুষ্ঠান আন এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে কিয়নো আজি ভক্তসকলৰ বাবে ‘কেদাৰনাথ মন্দিৰ’ৰ দুৱাৰ মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কেৰালাৰ পৰা যাত্ৰা আৰম্ভ কৰা আদি শংকৰাচাৰ্যই দেশৰ বিভিন্ন কোণত মঠ স্থাপন কৰি ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে শংকৰাচাৰ্যৰ প্ৰচেষ্টাই এক একত্ৰিত আৰু আধ্যাত্মিকভাৱে আলোকিত ভাৰতৰ ভেটি স্থাপন কৰিছিল।

বাৰাণসীত ‘দেৱ দীপাৱলী’ উদযাপনৰ বাবে আনন্দ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে

November 15th, 11:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘দেৱ দীপাৱলী’ উপলক্ষে লাখ লাখ বন্তিৰে জিলিকি উঠা কাশীক লৈ আনন্দ প্ৰকাশ কৰে।

উত্তৰ প্ৰদেশৰ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

October 20th, 04:54 pm

মঞ্চত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, প্ৰযুক্তিৰ জৰিয়তে এই অনুষ্ঠানত অংশ লোৱা আন ৰাজ্যৰ সন্মানীয় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰীযুত নাইডু জী, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সাংসদ, আৰু বিধায়ক, তথা বেনাৰসৰ মোৰ প্ৰিয় ভাই-ভনীসকল!

উত্তৰ প্ৰদেশৰ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে বিভিন্ন পদক্ষেপৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

October 20th, 04:15 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই পদক্ষেপসমূহৰ ভিতৰত আছে অঞ্চলটোৰ অতিৰিক্ত উন্নয়নমূলক প্ৰচেষ্টাৰ সমান্তৰালভাৱে মুঠ ৬,১০০ কোটি টকাৰ বিভিন্ন বিমানবন্দৰ প্ৰকল্প।

Kashi is now becoming a big health center & healthcare hub of Purvanchal: PM in Varanasi

October 20th, 02:21 pm

Prime Minister Narendra Modi inaugurated RJ Sankara Eye Hospital in Varanasi, Uttar Pradesh. The hospital offers comprehensive consultations and treatments for various eye conditions. PM Modi also took a walkthrough of the exhibition showcased on the occasion. Addressing the event the Prime Minister remarked that RJ Sankara Eye hospital would wipe out the darkness and lead many people towards light.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত আৰজে শংকৰা নেত্ৰ চিকিৎসালয় উদ্বোধন কৰে

October 20th, 02:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত আৰজে শংকৰা নেত্ৰ চিকিৎসালয় উদ্বোধন কৰে। চিকিৎসালয়খনত চকুৰ ভিন্ন অৱস্থাৰ বাবে বিস্তৃত পৰামৰ্শ আৰু চিকিৎসাৰ ব্যৱস্থা আছে। শ্ৰী মোদীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীখনো দৰ্শন কৰে।

বাৰাণসীত ভোটাৰক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

May 30th, 02:32 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীৰ ভোটাৰৰ সৈতে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে যোগাযোগ কৰে। তেওঁ প্ৰকাশ কৰে যে এই চহৰখনক প্ৰতিনিধিত্ব কৰাটো বাবা বিশ্বনাথৰ অপৰিসীম কৃপা আৰু কাশীবাসীৰ আশীৰ্বাদৰ বাবেহে সম্ভৱ। এই নিৰ্বাচনক নতুন কাশীৰ লগতে নতুন আৰু উন্নত ভাৰত গঢ়ি তোলাৰ সুযোগ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কাশীৰ বাসিন্দাসকলক বিশেষকৈ যুৱক-যুৱতী, মহিলা, কৃষকসকলক ১ জুনত অভিলেখ সংখ্যক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

PM attends Ganga Aarti, holds meeting with CMs and Deputy CMs and inspects key development projects in Kashi

December 14th, 12:12 pm

Prime Minister Narendra Modi attended Ganga Aarti on the banks of River Ganga in Varanasi. Sharing a video on Twitter, he said that the Aarti at Kashi always fills the heart with new energy.

Kashi Vishwanath Dham is a symbol of the Sanatan culture of India: PM Modi

December 13th, 01:23 pm

Prime Minister Narendra Modi inaugurated Shri Kashi Vishwanath Dham in Varanasi. He said that that earlier the temple area was only 3000 square feet which has now enlarged to about 5 lakh square feet. Now 50000-75000 devotees can visit the temple and temple premises. Describing the grace of Kashi, PM Modi said it cannot be expressed merely in words as it is an emotion in itself. Kashi is that place - where awakening is life, he remarked.

PM inaugurates Shri Kashi Vishwanath Dham in Varanasi

December 13th, 01:19 pm

Prime Minister Narendra Modi inaugurated Shri Kashi Vishwanath Dham in Varanasi. He said that that earlier the temple area was only 3000 square feet which has now enlarged to about 5 lakh square feet. Now 50000-75000 devotees can visit the temple and temple premises. Describing the grace of Kashi, PM Modi said it cannot be expressed merely in words as it is an emotion in itself. Kashi is that place - where awakening is life, he remarked.

প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ইয়াক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

November 05th, 10:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ইয়াক দেশবাসীৰ বাবে উৎসৰ্গা কৰে। তেওঁ শ্ৰী আদি শংকৰাচাৰ্য সমাধি উদ্বোধন কৰে আৰু শ্ৰী আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ সম্পূৰ্ণ আৰু চলি থকা আন্তঃগাঁথনিসম্পৰ্কীয় কামবোৰ পৰ্যালোচনা আৰু পৰিদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায়। সমগ্ৰ দেশৰ ১২ টা জ্যোতিৰ্লিঙ্গ আৰু ৪ টা ধাম আৰু আন বহুতো বিশ্বাসৰ স্থানত প্ৰাৰ্থনা আৰু অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই সকলোবোৰ কাৰ্যসূচী আৰু কেদাৰনাথ ধাম কাৰ্যসূচী কেদাৰনাথ ধামৰ মূল কাৰ্যসূচীৰ সৈতে জড়িত আছিল।

উত্তৰপ্ৰদেশৰ বাৰাণসীৰ দেৱ দীপাৱলী মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মুলপাঠৰ অসমীয়া অনুবা

November 30th, 06:12 pm

সমগ্ৰ কাশীবাসী, সমগ্ৰ দেশবাসীক কাৰ্তিক পূৰ্ণিমা দেৱ দীপাৱলীৰ আন্তৰিক শুভকামনা জনালো৷ সকলোকে গুৰু নানক দেৱ জীৰ প্ৰকাশ পৰ্বৰ বহুত বহুত শুভেচ্ছা জনালো৷

প্ৰধানমন্ত্ৰীয়ে ৱাৰাণসীত দেৱ দিপাৱলী মহোৎসৱত অংশ লয় মাতা অন্নপূৰ্ণাৰ চুৰি হোৱা প্ৰতিমূৰ্তি উভতাই পোৱাৰ বাবে কাশীবাসীক অভিনন্দ

November 30th, 06:11 pm

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে কাশীৰ বাবে আজি এক বিশেষ মুহূৰ্ত। কিয়নো, প্ৰায় ১০০ বছৰ পূৰ্বে চুৰি হোৱা মাতা অন্নপূৰ্ণাৰ প্ৰতিমূৰ্তি কাশীবাসীয়ে পুনৰ উভতাই পাইছে। এয়া কাশীৰ বাবে পৰম সৌভাগ্যৰ বিষয়। তেওঁ কয় যে আমাৰ দেৱতা আৰু দেৱীসকলৰ এই প্ৰাচীন প্ৰতিমূৰ্তিসমূহ আমাৰ বিশ্বাস আৰু ঐতিহ্যৰ প্ৰতীক।