১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 16th, 02:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ধাৰত দুপৰীয়া প্ৰায় ১২ বজাত ‘স্বস্থ নাৰী সশক্ত পৰিয়াল’ আৰু ‘৮ম ৰাষ্ট্ৰীয় পোষণ মাহ’ অভিযান আৰম্ভ কৰিব। তেওঁ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰাৰ লগতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিব।We are making UP a state of industrial possibilities: PM Modi in Kanpur Nagar, Uttar Pradesh
May 30th, 03:29 pm
PM Modi laid the foundation stone, inaugurated various projects worth around Rs 47,600 crore at Kanpur. He expressed pride in UP's major contributions to achieving defence self-sufficiency. He highlighted the launch of Mission Manufacturing in this year’s budget, designed to bolster Make in India by promoting local industries and production.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰায় ৪৭,৬০০ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
May 30th, 03:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰায় ৪৭,৬০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি একাংশ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি তেওঁ কয় যে, প্ৰথমে ২০২৫ চনৰ ২৪ এপ্ৰিলত নিৰ্ধাৰিত কানপুৰ ভ্ৰমণ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে বাতিল কৰিবলগীয়া হৈছিল। এই বৰ্বৰ কাণ্ডৰ বলি হোৱা কানপুৰৰ সন্তান শ্ৰী শুভম দ্বিবেদীলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সমগ্ৰ দেশৰ ভগ্নী-কন্যাসকলৰ যন্ত্ৰণা, দুখ-কষ্ট, ক্ষোভ আৰু সামূহিক যন্ত্ৰণা তেওঁ গভীৰভাৱে হৃদয়ংগম কৰিছে। তেওঁ কয় যে এই সামূহিক ক্ৰোধ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সূচনা হোৱাৰ লগে লগে বিশ্বজুৰি দেখিবলৈ পোৱা গৈছিল। তেওঁ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সফলতাত গুৰুত্ব আৰোপ কৰে, যিটো অভিযানত পাকিস্তানত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা ঘাটিসমূহ ধ্বংস কৰা হয় আৰু পৰৱৰ্তি সময়ত পাকিস্তানী সেনাই সংঘাতৰ অন্ত পেলাবলৈ অনুৰোধ কৰিবলৈ বাধ্য হয়। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামৰ ভূমিৰ পৰা দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসক শ্ৰদ্ধাঞ্জলি জনোৱাত গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বীৰত্বক প্ৰণাম জনায়। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত দয়া ভিক্ষা কৰা শত্ৰুহঁত কোনো ভ্ৰমৰ মাজত থাকিব নালাগে, কাৰণ ‘অপাৰেশ্যন সিন্দূৰ’ এতিয়াও শেষ হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ তিনিটা স্পষ্ট নীতিৰ ৰূপৰেখা দাঙি ধৰে। প্ৰথমতে, প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰতে নিৰ্ণায়ক প্ৰতিক্ৰিয়া আগবঢ়াব। এই প্ৰতিক্ৰিয়াৰ সময়, পদ্ধতি আৰু চৰ্ত কেৱল ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব। দ্বিতীয়তে, ভাৰতক আৰু পাৰমাণৱিক ভাবুকিৰে ভয় খুৱাব নোৱাৰিব, এনে সতৰ্কবাণীৰ ভিত্তিত সিদ্ধান্তও ল’ব নোৱাৰিব। তৃতীয়তে, ভাৰতে সন্ত্ৰাসবাদৰ ‘মাষ্টাৰমাইণ্ড’ আৰু সিহঁতক আশ্ৰয় দিয়া চৰকাৰ দুয়োটাকে একে দৃষ্টিৰেহে চাব। পাকিস্তানৰ ৰাষ্ট্ৰ আৰু ‘অনা-ৰাষ্ট্ৰীয় অভিনেতা’হঁতৰ মাজত থকা পাৰ্থক্য আৰু মানি লোৱা নহ’ব। প্ৰধানমন্ত্ৰীয়ে নিৰ্দ্বিধাই দৃঢ়তাৰে কয় যে শত্ৰু য’তেই নাথাকক কিয়, ইয়াক নিৰ্মূল কৰাই হ’ব।২৯ আৰু ৩০ মে’ত ছিকিম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
May 28th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ আৰু ৩০ মে’ত ছিকিম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব।প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 11th, 11:00 am
মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল, বানাস দুগ্ধ বিভাগৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰী আৰু ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ অহা মোৰ সকলো পৰিয়ালৰ সদস্য,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
April 11th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সমাৱেশত ভাষণ দি কাশীৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এই আশীৰ্বাদৰ বাবে তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁক আগবঢ়োৱা মৰম আৰু সমৰ্থন স্বীকাৰ কৰে। এই প্ৰেমৰ প্ৰতি তেওঁ ঋণী বুলি উল্লেখ কৰি কয় যে কাশী তেওঁৰ আৰু তেওঁ কাশীৰ। কাইলৈ হনুমান জন্মোৎসৱৰ শুভ উপলক্ষ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কাশীৰ সংকট মোচন মহাৰাজক সাক্ষাৎ কৰাৰ সুযোগ পোৱাতো তেওঁৰ সৌভাগ্য বুলি প্ৰকাশ কৰে। তেওঁ হনুমান জন্মোৎসৱৰ পূৰ্বে কেনেদৰে কাশীৰ জনসাধাৰণে উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হৈছে সেই বিষয়েও আলোকপাত কৰে।