ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
November 09th, 01:00 pm
৯ নৱেম্বৰৰ এই দিনটো হৈছে দীঘলীয়া তপস্যাৰ ফল। আজি আমাৰ সকলোৰে বাবে এক গৌৰৱৰ দিন। উত্তৰাখণ্ডৰ ধৰ্মীয় লোকসকলে বছৰ বছৰ ধৰি দেখা সপোন অটলজীৰ চৰকাৰৰ অধীনত ২৫ বছৰ পূৰ্বে পূৰণ হৈছিল আৰু এতিয়া যোৱা ২৫ বছৰৰ যাত্ৰাৰ পাছত, এই সুন্দৰ ৰাজ্যখন নিৰ্মাণৰ বাবে সংগ্ৰাম কৰা প্ৰতিজন ব্যক্তিয়েই আজি উত্তৰাখণ্ড যি উচ্চতাত আছে সেয়া দেখি সুখী হোৱাটো স্বাভাৱিক। যিসকলে পৰ্বতমালাক ভাল পায়, যিসকলে উত্তৰাখণ্ডৰ সংস্কৃতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, দেৱভূমিৰ লোকসকলক ভাল পায়, তেওঁলোকৰ মন আজি সুখী।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে
November 09th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৮১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে দেৱভূমি উত্তৰাখণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোকে তেওঁৰ আন্তৰিক অভিবাদন, সন্মান আৰু সেৱা প্ৰদান কৰে।১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 16th, 02:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ধাৰত দুপৰীয়া প্ৰায় ১২ বজাত ‘স্বস্থ নাৰী সশক্ত পৰিয়াল’ আৰু ‘৮ম ৰাষ্ট্ৰীয় পোষণ মাহ’ অভিযান আৰম্ভ কৰিব। তেওঁ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰাৰ লগতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিব।নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
September 12th, 04:54 pm
বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে
September 12th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ
August 29th, 07:11 pm
ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত আইএফএছ বিষয়াসকলৰ
August 19th, 08:34 pm
ভাৰতীয় বৈদেশিক সেৱাৰ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত বিষয়াসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত সাক্ষাৎ কৰে। ২০২৪ বৰ্ষৰ বেটছত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৩জন আইএফএছ প্ৰশিক্ষাৰ্থী বিষয়া আছে।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহামহিম ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 24th, 11:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহামহিম ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰে। মহামহিম ৰজা তৃতীয় চাৰ্লছৰ গ্ৰীষ্মকালীন বাসগৃহ চেণ্ড্ৰিংহাম এষ্টেটত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে।ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
July 08th, 08:30 pm
ৰিঅ’ আৰু ব্ৰাজিলিয়াত উষ্ম আদৰণি জনোৱাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি লুলাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। আমাজনৰ সৌন্দৰ্য আৰু আপোনালোকৰ সৌৰ্হাদ্যই আমাক সঁচাকৈয়ে স্পৰ্শ কৰিছে।প্ৰধানমন্ত্ৰীয়ে ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ পৰিবেশ, চিঅ’পি-৩০ আৰু বিশ্ব স্বাস্থ্য অধিবেশন সম্বোধন কৰে
July 07th, 11:38 pm
প্ৰধানমন্ত্ৰীয়ে আজি পৰিবেশ, চিঅ’পি-৩০ (COP-30) আৰু বিশ্ব স্বাস্থ্য বিষয়ক অধিবেশন সম্বোধন কৰে। এই অধিবেশনত ব্ৰিকছৰ সদস্য, অংশীদাৰ দেশ আৰু আমন্ত্ৰিত ৰাষ্ট্ৰসমূহে অংশগ্ৰহণ কৰে। তেখেতে ব্ৰাজিলক বিশ্বৰ ভৱিষ্যতৰ বাবে এনে অধিক গুৰুত্বপূৰ্ণ বিষয়সমূহত অধিবেশন আয়োজনৰ বাবে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে জলবায়ু পৰিৱৰ্তন কেৱল শক্তি সমস্যাৰে মোকাবিলাকৰণেই নহয়, বৰঞ্চ ই জীৱন আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্যতা ৰক্ষাকো সূচিত কৰে। তেখেতে কয় যে ভাৰতে জলবায়ু ন্যায়ক নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰিছে আৰু সেয়ে পালন কৰিব। পৰিবেশ কাৰ্য্যৰ প্ৰতি ভাৰতৰ গভীৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখেৰে তেখেতে জনসমৰ্থক আৰু গ্ৰহ সমৰ্থক বিকাশ আৰু উন্নয়নক প্ৰসাৰিতকৰণৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে বিশদভাৱে কয়, যেনেঃ আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মিত্ৰজোঁট, গ্ল’বেল বাঅ’ফুৱেলছ এলায়েন্স, আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স, মিছন লাইফ, এক পেড় মা কে নাম [মাতৃৰ বাবে এটি গছপুলি] আদি।ব্ৰিকছ সন্মিলনত পৰিৱেশ, COP-30, আৰু গ্ল’বেল হেল্থ বিষয়ক প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:13 pm
মই অতি আনন্দিত যে ব্ৰাজিলৰ অধ্যক্ষতাত ব্ৰিকছে পৰিৱেশ আৰু স্বাস্থ্য সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক গুৰুত্বসহকাৰে অগ্ৰাধিকাৰ দিছে। এই বিষয়সমূহ কেৱল আন্তঃসংলগ্নই নহয়, মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ মাজতে কিউবাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 07th, 05:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ মাজতে কিউবাৰ ৰাষ্ট্ৰপতি মাননীয় মিগুৱেল ডিয়াজ-কানেল বাৰ্মুডেজক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনত জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ৰাষ্ট্ৰপতি ডায়েজ-কানেলক সাক্ষাৎ কৰিছিল, য’ত কিউবা আছিল বিশেষ আমন্ত্ৰিত ৰাষ্ট্ৰ।List of Outcomes: State Visit of Prime Minister to Ghana
July 03rd, 04:01 am
PM Modi met with the Ghana President Mahama and the two leaders decided to elevate bilateral ties to a Comprehensive Partnership. 4 Memoranda of Understanding (MoUs) were signed including MoU on Cultural Exchange Programme, MoU between BIS & GSA, MoU between ITAM, Ghana and ITRA, India and MoU on Joint Commission Meeting.অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসউদযাপনকাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 21st, 07:06 am
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশৰ লগতে সমগ্ৰ বিশ্বৰ জনতালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ১১ সংখ্যক বাৰৰ বাবে সমগ্ৰ বিশ্বই ২১ জুনত একেলগে যোগাসন কৰিছে। যোগৰ অৰ্থ হৈছে কেৱল সংযোগ আৰু যোগে কেনেকৈ সমগ্ৰ বিশ্বখনক সংযোগ কৰিছে, সেয়া আশ্চৰ্য্যকৰ। যোৱা দশকত যোগৰ পৰিক্ৰমালৈ উভতি চালে বহু কথা মনত পৰে। যিদিনা ভাৰতে ৰাষ্ট্ৰসংঘত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়া হওঁক বুলি প্ৰস্তাৱ জনাইছিল আৰু তাৰ পিছতে কম সময়ৰ ভিতৰতে বিশ্বৰ ১৭৫খন দেশে আমাৰ প্ৰস্তাৱলৈ সমৰ্থন জনাইছিল, সেয়া এক বিৰল ঘটনা আছিল। এনে সংহতি আৰু সমৰ্থন আজিৰ বিশ্বত এক সাধাৰণ পৰিঘটনা নহয়। এয়া কেৱল এটা প্ৰস্তাৱলৈ সমৰ্থন জনোৱা কাৰ্য্য নাছিল, বৰঞ্চ মানৱতাৰ মংগলৰ বাবে বিশ্বৰ এক সামূহিক প্ৰচেষ্টা আছিল। আজি ১১ বছৰৰ পাছত আমি দেখিবলৈ পাওঁ যে যোগাসন বিশ্বৰ লক্ষ-লক্ষলোকৰ জীৱনশৈলীৰ এক অংশ হৈ পৰিছে। আমাৰ দিব্যাংগজনে ব্ৰেইল মাধ্যমত যোগশাস্ত্ৰ পঢ়িছে, বিজ্ঞানীসকলে মহাকাশত যোগাসন কৰিছে, গাঁৱৰ ডেকা বন্ধুসকলে যোগ অলিম্পিয়াডত অংশগ্ৰহণ কৰা দেখি গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াত চাওঁকচোন, নৌসেনাৰ সকলো জাহাজতে যোগাসনৰ কাৰ্য্যসূচী অব্যাহত আছে। ছিডনী অপেৰা হাউছেই হওঁকবা এভাৰেষ্ট শৃংগই হওঁকবা সাগৰৰ বিস্তৃতিয়েই হওঁক, সকলোৱেএটাইবাৰ্তা প্ৰেৰণ কৰিছে – যোগাসন সকলোৰেআৰু সকলোৰে বাবে। যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধত।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
June 21st, 06:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD)কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়েআন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদানেৰে যোগ অধিবেশনত অংশগ্ৰহণ কৰে।চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ ব্রিফিঙত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিবৃতিৰ অসমীয়া অনুবাদ
June 16th, 01:45 pm
আৰম্ভণিতেই মাননীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কালি চাইপ্ৰাছত ভৰি দিয়াৰ পৰাই ৰাষ্ট্ৰপতি আৰু এই দেশৰ জনসাধাৰণে প্ৰদৰ্শন কৰা মৰমে মোৰ হৃদয় স্পৰ্শ কৰিছে।‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 11:30 am
নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।List of Outcomes: State Visit of President of Angola to India
May 03rd, 06:41 pm
PM Modi and Angola President Lourenço witnessed the exchange of MoUs between the Government of the Republic of India and the Government of the Republic of Angola on cooperation in the fields of Traditional medicines, Agriculture, and Culture. An agreement on solar has been signed and India has also approved Angola's request of LOC for defence.