শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 25th, 10:20 am

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অতি শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, শ্ৰী ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ অধ্যক্ষ, শ্ৰদ্ধাৰ মহন্ত নৃত্য গোপাল দাস জী, পূজনীয় সাধু সমাজ, ইয়াত উপস্থিত থকা সকলো ভক্ত, এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱা দেশ আৰু বিশ্বৰ কোটি-কোটি ৰামভক্ত, ভদ্ৰলোক আৰু মহিলাসকল!

অযোধ্যাত শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

November 25th, 10:13 am

দেশৰ সামাজিক-সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিৱেশত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত পবিত্ৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ শিখৰত আনুষ্ঠানিকভাৱে গেৰুৱা পতাকা উত্তোলন কৰে। ধ্বজাৰোহণ উৎসৱ মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা আৰু সাংস্কৃতিক উদযাপন তথা ৰাষ্ট্ৰীয় একতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰাৰ প্ৰতীক। এই উপলক্ষে এটা সমাবেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি অযোধ্যা চহৰখনে ভাৰতৰ সাংস্কৃতিক চেতনাৰ আন এক শিখৰত উপনীত হৈছে। ‘আজি সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্ব ভগৱান শ্ৰীৰামৰ আত্মাৰে ভৰি পৰিছে’, শ্ৰী মোদীয়ে মন্তব্য কৰি কয় যে ৰামৰ প্ৰতিজন ভক্তৰ হৃদয়ত অনন্য সন্তুষ্টি, অসীম কৃতজ্ঞতা আৰু অপৰিসীম ঐশ্বৰিক আনন্দ আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বহু শতিকা পুৰণি আঘাতবোৰ আৰোগ্য হৈছে, বহু শতিকাৰ বেদনাৰ অন্ত পৰিছে আৰু বহু শতিকাৰ সংকল্পই আজি পূৰ্ণতা লাভ কৰিছে। তেওঁ ঘোষণা কৰে যে এইটোৱে এক যজ্ঞৰ পৰিণতি চিহ্নিত কৰে যাৰ জুই ৫০০ বছৰ ধৰি জ্বলিয়েই আছিল, এক যজ্ঞ যি কেতিয়াও বিশ্বাসত বিচলিত হোৱা নাছিল, এক মুহূৰ্তৰ বাবেও বিশ্বাস ভংগ কৰা নাছিল। তেওঁ উল্লেখ কৰে যে আজি ভগৱান শ্ৰীৰামৰ গৰ্ভগৃহৰ অসীম শক্তি আৰু শ্ৰীৰামৰ পৰিয়ালৰ ঐশ্বৰিক গৌৰৱ এই ধৰ্মধ্বজাৰ ৰূপত ঐশ্বৰিক আৰু ভব্য মন্দিৰত সন্নিবিষ্ট কৰা হৈছে।