প্ৰধানমন্ত্ৰীয়ে টকিঅ'ত অনুষ্ঠিত ২৫ সংখ্যক গ্ৰীষ্মকালীন বধিৰ অলিম্পিক, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতীয় বধিৰ অলিম্পিয়ানসকলক অভিনন্দন জনায়

November 27th, 05:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত অনুষ্ঠিত ২৫ সংখ্যক গ্ৰীষ্মকালীন বধিৰ অলিম্পিক, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতৰ বধিৰ অলিম্পিয়ানসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

২০২৫ চনৰ বিশ্ব বক্সিং কাপ ফাইনেলত অসাধাৰণ, অভিলেখ ভংগ কৰা প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

November 24th, 12:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ বিশ্ব বক্সিং কাপ ফাইনেলত ভাৰতৰ খেলুৱৈসকলক তেওঁলোকৰ অসাধাৰণ, অভিলেখ ভংগকাৰী প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়।

২০২৫ চনৰ এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপৰ ভাৰতীয় আৰ্চাৰী দলটোক এতিয়ালৈকে প্ৰদৰ্শন কৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনাইছে

November 17th, 05:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় আৰ্চাৰী দলটোক এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ ২০২৫ত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এছিয়ান ইয়ুথ গেমছ, ২০২৫-ত ঐতিহাসিক প্ৰদৰ্শনৰ বাবে যুৱ খেলুৱৈসকলক অভিনন্দন জনায়

November 02nd, 01:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান ইয়ুথ গেমছ, ২০২৫-ত ৪৮ টা পদক লাভেৰে এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শনৰ বাবে যুৱ খেলুৱৈসকলক অভিনন্দন জনাইছে।

দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত অংশগ্ৰহণ কৰা সকলো খেলুৱৈ আৰু প্ৰতিনিধিক উষ্ম আদৰণি প্ৰধানমন্ত্ৰীৰ

September 27th, 06:03 pm

নতুন দিল্লীত ভাৰতে গৌৰৱেৰে আয়োজন কৰা তথা আজিৰে পৰা আৰম্ভ হোৱা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ৰ সকলো খেলুৱৈ আৰু প্ৰতিনিধিক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ম আদৰণি জনাযইছে ।

২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৪৮ কেজি শাখাত স্বৰ্ণ পদক বিজয়ী মিনাক্ষীক অভিনন্দন জনাইলে প্ৰধানমন্ত্ৰীয়ে

September 14th, 07:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় বক্সাৰ মিনাক্ষীয়ে ৪৮ কেজি শাখাত অনবদ্য বিজয় সাৱস্ত্য কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৫৭ কেজি ওজন শাখাত সোণ জয় কৰা বক্সাৰ জয়ছমিন লেম্বোৰিয়াক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

September 14th, 07:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় বক্সাৰ জয়ছমিন লেম্বোৰিয়াক বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২৫ত ৫৭ কেজি ওজন শাখাত উল্লেখযোগ্য বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

August 31st, 11:30 am

এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।

প্ৰধানমন্ত্ৰীয়ে মল্লযুঁজাৰুসকলক উলানবাটৰ অ’পেন, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়

June 02nd, 08:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মল্লযুঁজাৰুসকলক উলানবাটৰ অ’পেন, ২০২৫-ৰ ৩য় ৰেংকিং ছিৰিজত অসাধাৰণ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাইছে। আমাৰ নাৰী শক্তিয়ে ৰেংকিং ছিৰিজত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে, ইয়াৰ পৰিপ্ৰেক্ষিতত এই কৃতিত্ব অধিক স্মৰণীয় হৈ পৰিছে। এই ক্ৰীড়া প্ৰদৰ্শনে আগন্তুক অগণন খেলুৱৈক অনুপ্ৰাণিত কৰিব, শ্ৰী মোদীয়ে কয়।

২০২৫ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ভাৰতীয় দলক তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

June 02nd, 03:01 pm

শেহতীয়াকৈ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ২০২৫ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।সমগ্ৰ প্ৰতিযোগিতাখনত প্ৰতিগৰাকী খেলুৱৈৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তা স্পষ্টভাৱে প্ৰতিফলিত হৈছিল, শ্ৰী মোদীয়ে কয়।

বিশেষ অলিম্পিক বিশ্ব শীতকালীন ক্ৰীড়াত ৩৩ টা পদক জয়ী ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

March 18th, 02:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ টুৰিনত অনুষ্ঠিত বিশেষ অলিম্পিক বিশ্ব শীতকালীন ক্ৰীড়া ২০২৫ত ভাৰতীয় খেলুৱৈসকলৰ অসাধাৰণ প্ৰদৰ্শনক প্ৰশংসা কৰে। ভাৰতীয় দলটোৱে ৩৩ টা পদক লাভ কৰি বিশ্ব পৰ্যায়ত দেশক গৌৰৱান্বিত কৰিছে।

উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

January 28th, 09:36 pm

আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে

January 28th, 09:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।

ভাৰতীয় পেৰা অলিম্পিক দলে এতিয়ালৈকে সৰ্বাধিক পদক লাভেৰে অভিলেখ গঢ়াত প্ৰধানমন্ত্ৰীয়ে অসীম গৌৰৱ আৰু সন্তোষ প্ৰকাশ কৰিছে

September 04th, 04:33 pm

ভাৰতীয় পেৰা অলিম্পিক দলে আমাৰ দেশৰ বাবে পেৰা অলিম্পিকত এতিয়ালৈকে সৰ্বাধিক পদক লাভেৰে অভিলেখ গঢ়াত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসীম গৌৰৱ আৰু সন্তোষ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ নিষ্ঠা আৰু দৃঢ়তাক প্ৰশংসাৰে প্ৰতিগৰাকী খেলুৱৈকে তেওঁলোকৰ এই উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়।

পেৰিছ পেৰালিম্পিক গেমছৰ ভাৰতীয় দলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ

August 19th, 06:30 pm

পেৰিছ পেৰালিম্পিক গেমছৰ ভাৰতীয় দলটোৰ সৈতে এক সৌহাদ্যপূৰ্ণ মত বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে শীতল দেৱী, অৱনী লেখাৰা, সুনীল আন্টিল, মৰিয়প্পন থাংগাভেলু, অৰুণা তনৱাৰৰ দৰে খেলুৱৈৰ সৈতে ব্যক্তিগতভাৱে কথা পাতে। পেৰালিম্পিক গেমছৰ বাবে তেওঁ সকলো খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে।

পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় দলটোক প্ৰশংসা কৰে

August 11th, 11:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত অলিম্পিক ২০২৪ৰ সামৰণি পৰাৰ লগে লগে ভাৰতীয় দলটোৱে কৰা প্ৰচেষ্টাৰ শলাগ লয়।