India-France Year of Innovation is our shared commitment to innovate and lead: PM Modi at the India-France Innovation Forum
February 18th, 12:07 pm
In his address at the India-France Innovation Forum in Mumbai, PM Modi said that he and President Macron have decided to celebrate 2026 as the India-France Year of Innovation. Highlighting the government’s achievements in innovation over the past decade, he urged industry leaders to join the Atal Innovation Mission. He called on everyone to join hands with India to build a future where technology serves humanity and progress is inclusive.Gen Z & Gen Alpha will lead India to the goal of a Viksit Bharat: PM Modi
December 26th, 01:30 pm
While addressing the national programme marking ‘Veer Baal Diwas’ in New Delhi, PM Modi stated that the Sahibzades broke the boundaries of age and stage and stood like a rock against the cruel Mughal empire. The PM highlighted that the courage and ideals of Mata Gujri, Shri Guru Gobind Singh Ji, and the four Sahibzades continue to give strength to every Indian. He added that India will demonstrate complete liberation from the colonial mindset by 2035.নতুন দিল্লীত বীৰ বাল দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
December 26th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক আদৰণি জনাই উপস্থিত শিশুসকলক সম্বোধন কৰি মন্তব্য কৰে যে আজি দেশত বীৰ বাল দিৱস উদযাপন কৰা হৈছে। তেওঁ বন্দে মাতৰমৰ সুন্দৰ উপস্থাপনৰ ওপৰত আলোকপাত কৰি অভিনয় কৰা সকলৰ নিষ্ঠা আৰু প্ৰচেষ্টা স্পষ্টভাৱে দেখা পোৱা বুলি উল্লেখ কৰে।'স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অসমীয়া অনুবাদ
December 11th, 05:00 pm
মই সদায় লালকিল্লাৰ পৰা উল্লেখ কৰি অহা এটা কথা চাগৈ আপোনালোক সকলোৱে মনত ৰাখিছে। মই কৈ অহা কথাষাৰ হৈছে 'সব কা প্ৰয়াস' (সকলোৰে প্ৰচেষ্টা) হৈছে মূল চাবিকাঠি- আজিৰ ভাৰতে কেৱল সকলোৰে সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে দ্ৰুত গতিত আগবাঢ়িব পাৰিব। এই নীতিৰ এক উদাহৰণ হৈছে আজি। মই ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’ৰ এই বৰ্ণাঢ্য সামৰণিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। যেতিয়াই মই আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ মাজত থকাৰ সুযোগ পাওঁ মই নতুন অন্তৰ্দৃষ্টি শিকিবলৈ, বুজিবলৈ আৰু প্ৰাপ্ত কৰাৰ সুযোগ পাওঁ। আপোনালোক সকলোৰে পৰা মোৰ অপাৰ প্ৰত্যাশা আছে। একবিংশ শতিকাৰ ভাৰতখনক চোৱাৰ ক্ষেত্ৰত আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ এক অনন্য দৃষ্টিভংগী আছে, আৰু সেয়েহে আপোনালোকৰ সমাধানবোৰো অনন্য হয়। যেতিয়া আপোনালোকে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হয়, আপোনালোকে নতুন আৰু সৃজনশীল সমাধানৰে সঁহাৰি দিয়ে। মই আগতে কেবাটাও হেকাথনত অংশগ্ৰহণ কৰিছিলোঁ, আৰু আপোনালোকে মোক কেতিয়াও হতাশ কৰা নাই। আপোনালোকে সদায় আপোনালোকৰ ওপৰত থকা মোৰ বিশ্বাসক শক্তিশালী কৰি আহিছে। আগতে অংশগ্ৰহণ কৰা দলবোৰে সমাধান প্ৰদান কৰিছে, যিবোৰ এতিয়া বিভিন্ন মন্ত্ৰালয়ত কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা হৈছে। এতিয়া, এই হেকাথনত মই জানিবলৈ আগ্ৰহী যে দেশৰ বিভিন্ন প্ৰান্তৰ দলবোৰে কি কি প্ৰসংগত কাম কৰি আছে। মই আপোনালোকৰ উদ্ভাৱনৰ বিষয়ে শিকিবলৈ বাৰুকৈয়ে আগ্ৰহী। গতিকে, আৰম্ভ কৰোঁ আহক! কোনে প্ৰথমে আমাৰ সৈতে কথা পাতিব বিচাৰিব?আমাৰ যুৱ শক্তিৰ প্ৰতিভা আৰু কৌশল উল্লেখযোগ্য: প্ৰধানমন্ত্ৰী
December 11th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪ৰ গ্ৰেণ্ড ফিনালেত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দিয়া ভাষণৰ পৰা ‘সবকা প্ৰয়াস’ পুনৰাবৃত্তি কৰাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে আজিৰ ভাৰতবৰ্ষই ‘সবকা প্ৰয়াস’ বা সকলোৰে প্ৰচেষ্টাৰে দ্ৰুত গতিত আগবাঢ়িব পাৰে আৰু আজিৰ এই অনুষ্ঠানটো ইয়াৰে এক আদৰ্শ। “স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফিনালেৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আহিছো”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ যুৱ উদ্ভাৱকসকলৰ মাজত থাকিলে নতুন কিবা এটা শিকিবলৈ আৰু বুজিবলৈ সুযোগ পায়। যুৱ উদ্ভাৱকসকলৰ প্ৰতি তেওঁৰ উচ্চ আশাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ একবিংশ শতিকাৰ ভাৰতক বেলেগ ধৰণে চোৱাৰ দৃষ্টিভংগী আছে। সেয়ে শ্ৰী মোদীয়ে কয় যে আপোনালোকৰ সমাধানো বেলেগ আৰু নতুন প্ৰত্যাহ্বান আহিলে নতুন আৰু অনন্য সমাধানৰ কথা উলিয়ায়। পূৰ্বতে হেকাথনৰ অংশ হোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলাফলত তেওঁ কেতিয়াও হতাশ হোৱা নাই। “আপোনালোকে মোৰ বিশ্বাসক মাত্ৰ সাহস দিছে”, পূৰ্বতে প্ৰদান কৰা সমাধানসমূহ বিভিন্ন মন্ত্ৰালয়ত ব্যৱহাৰ কৰা হৈছে বুলি আলোকপাত কৰি তেওঁ কয়। শ্ৰী মোদীয়ে অংশগ্ৰহণকাৰীসকলৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি আদান-প্ৰদান আৰম্ভ কৰে।তিনিটা PARAM ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ আৰু এটা উচ্চ কাৰ্যক্ষম কম্পিউটিং ব্যৱস্থা দেশলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অনুবাদ
September 26th, 05:15 pm
আজি ভাৰতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতাৰ দিন। আজি ইয়াত বিজ্ঞান, প্ৰযুক্তি, গৱেষণাক অগ্ৰাধিকাৰ দি একবিংশ শতিকাৰ নৱভাৰত কেনেকৈ আগবাঢ়িছে তাক প্ৰদৰ্শন কৰা হৈছে। আমি সম্ভাৱনাৰ এক বিস্তৃত পৰিৱেশত নতুন সুযোগৰ সৃষ্টি কৰিছো। আমাৰ প্ৰতিভাৱান বিজ্ঞানী আৰু অভিযন্তাসকলে তিনিটা PARAM Rudra ছুপাৰ কম্পিউটাৰ প্ৰস্তুত কৰিছে, যিবোৰ এতিয়া দিল্লী, পুনে, আৰু কলকাতাত স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও আমি দুটা হাই-পাৰফৰ্মেন্স কম্পিউটিং চিষ্টেম অৰ্ক আৰু আৰুণিক উদ্বোধন কৰিছো। এই শুভ মুহুৰ্ত তথা গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাৰ বৈজ্ঞানিক সমাজ, অভিযন্তা, আৰু সমূহ দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তিনি পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
September 26th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰায় ১৩০ কোটি টকা মূল্যৰ তিনি পৰম ৰুদ্ৰ ছুপাৰকম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযান (NSM)ৰ অধীনত থলুৱাভাৱে বিকশিত কৰা এই ছুপাৰ কম্পিউটাৰ কেইটা পুনে, দিল্লী আৰু কলকাতাস্থিত অগ্ৰণী বৈজ্ঞানিক গৱেষণা সুবিধাত নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বতৰ আৰু জলবায়ু গৱেষণাৰ বাবে প্ৰস্তুত হাই-পাৰ্ফৰ্মেন্স কম্পিউটিং (HPC) ব্যৱস্থাও উদ্বোধন কৰে।বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰচৌহদ উদ্বোধনকৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
June 19th, 10:31 am
বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, এই ৰাজ্যৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ ডাঙৰীয়া,আমাৰ বৈদেশিক মন্ত্ৰী শ্ৰী এছ. জয়শংকৰ ডাঙৰীয়া, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পৱিত্ৰ ডাঙৰীয়া, ভিন্ন দেশৰ মহামহিম আৰু ৰাষ্ট্ৰদূতসকল,নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলতথাএই অনুষ্ঠানত উপস্থিত থকা বন্ধু-বান্ধৱীসকল!বিহাৰৰ ৰাজগীৰত ‘নালন্দা বিশ্ববিদ্যালয় চৌহদ’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
June 19th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খন ভাৰত আৰু ‘পূব এছিয়া সন্মিলন’ (ইএএছ)ৰ সদস্য দেশসমূহৰ মাজত সহযোগিতা হিচাপে মুকলি কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ১৭ খন দেশৰ মিছনসমূহৰ মুৰব্বীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে এটা গছপুলিও ৰোপণ কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্ট-আপ মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 20th, 10:40 am
বহুতে ষ্টাৰ্টআপ আৰম্ভ কৰে আৰু ৰাজনীতিত ই আৰু অধিক আৰু সেইবোৰ বাৰে বাৰে আৰম্ভ কৰিবলগীয়া হয়। আপোনালোক আৰু তেওঁলোকৰ মাজৰ পাৰ্থক্যটো হ’ল আপোনালোকে পৰীক্ষামূলক, যদি এটা সফল নহয়, তেন্তে আপোনালোকে লগে লগে আনটোলৈ আগবাঢ়ি যায়। এতিয়া ইয়াৰ দেৰি হৈ আহিছে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্ট-আপ মহাকুম্ভ উদ্বোধন কৰে
March 20th, 10:36 am
ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ষ্টাৰ্ট-আপ মহাকুম্ভৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে ২০৪৭ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ বাবে কামৰ ৰোডমেপত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত কেইটামান দশকত তথ্য-প্ৰযুক্তি আৰু চফ্টৱেৰ খণ্ডত ভাৰতে নিজৰ নাম উজলাই তোলাৰ ওপৰত আলোকপাত কৰে তথা উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ সংস্কৃতিৰ উদীয়মান ধাৰাসমূহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টাৰ্ট-আপ জগতৰ লোকসকলৰ উপস্থিতিয়ে আজিৰ এই অনুষ্ঠানৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰিছে। দেশৰ ষ্টাৰ্ট-আপৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইসমূহক সফল কৰি তোলা প্ৰতিভাৰ উপাদানটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেখেতে বিনিয়োগকাৰী, ইনকিউবেটৰ, শিক্ষাবিদ, গৱেষক, উদ্যোগৰ সদস্য তথা বৰ্তমান আৰু ভৱিষ্যতৰ উদ্যোগীসকলৰ উপস্থিতি স্বীকাৰেৰে কয়, “এয়া সঁচাকৈয়ে এক অভূতপূৰ্ব শক্তি আৰু অনুভূতি সৃষ্টিকাৰী সঠিক ৰূপৰ এক মহাকুম্ভ।” প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰীড়া আৰু প্ৰদৰ্শনীৰ ষ্টলসমূহ ভ্ৰমণৰ সময়তো অনুভূত একে অনুভৱৰ কথা উল্লেখেৰে ইয়াত নিজ-নিজ উদ্ভাৱনসমূহ অতি গৌৰৱেৰে প্ৰদৰ্শন কৰা হৈছে বুলি কয়। “ষ্টাৰ্ট-আপ মহাকুম্ভলৈ অহা সকলো ভাৰতীয়ই ভৱিষ্যতৰ ইউনিকৰ্ণ আৰু ডেকাকৰ্ণক প্ৰত্যক্ষ কৰিব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।When it comes to disruption, development & diversification everybody can agree that this is India's time: PM Modi
February 09th, 08:30 pm
Prime Minister Narendra Modi addressed the ET Now Global Business Summit 2024 at Hotel Taj Palace in New Delhi. The Prime Minister highlighted the significance of the theme of ‘Disruption, Development and Diversification chosen by the Global Business Summit 2024. “When it comes to disruption, development and persification, everybody can agree that this is India’s time”, the PM remarked noting the growing trust towards India in the world.PM Modi addresses The Times Group Global Business Summit 2024
February 09th, 08:12 pm
Prime Minister Narendra Modi addressed the ET Now Global Business Summit 2024 at Hotel Taj Palace in New Delhi. The Prime Minister highlighted the significance of the theme of ‘Disruption, Development and Diversification chosen by the Global Business Summit 2024. “When it comes to disruption, development and persification, everybody can agree that this is India’s time”, the PM remarked noting the growing trust towards India in the world.ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ সপ্তম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 27th, 10:56 am
ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ এই সপ্তম সংস্কৰণত আপোনালোক সকলোৰে মাজত উপস্থিত থাকিব পৰাটো নিজেই এক আনন্দদায়ক অভিজ্ঞতা। একবিংশ শতিকাৰ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত, এই আয়োজনে লাখ লাখ লোকৰ ভাগ্য সলনি কৰাৰ সম্ভাৱনা আছে। এটা সময় আছিল যেতিয়া আমি ভৱিষ্যতৰ বিষয়ে কথা পাতিছিলো, ইয়াৰ অৰ্থ আছিল পৰৱৰ্তী দশক, বা ২০-৩০ বছৰ পিছত বা পৰৱৰ্তী শতিকা। কিন্তু আজি, প্ৰতিদিনে প্ৰযুক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে, আমি কওঁ 'ভৱিষ্যত ইয়াত আৰু এতিয়া', মাত্ৰ কেইমিনিটমান আগতে, মই ইয়াত প্ৰদৰ্শনীত কিছুমান ষ্টল প্ৰত্যক্ষ কৰিছোঁ। এই প্ৰদৰ্শনীত, মই একে ভৱিষ্যতৰ এক আভাস দেখিছোঁ। টেলিকম, প্ৰযুক্তি বা সংযোগ, সেয়া ৬জি, এআই, চাইবাৰ নিৰাপত্তা, ছেমি কণ্ডাক্টৰ, ড্ৰোন বা মহাকাশ খণ্ড, গভীৰ সাগৰ, সেউজ প্ৰযুক্তি বা অন্যান্য খণ্ডই হওঁক, আগন্তুক সময় সম্পূৰ্ণ বেলেগ হ'ব। আৰু ই আমাৰ সকলোৰে বাবে সুখৰ বিষয় যে আমাৰ যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত, আমাৰ প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দি আছে।প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ (আইএমচি) সপ্তম সংস্কৰণ
October 27th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ইণ্ডিয়া ম'বাইল কংগ্ৰেছ ২০২৩ৰ সপ্তম সংস্কৰণ উদ্বোধন কৰে। ইণ্ডিয়া ম'বাইল কংগ্ৰেছ (আইএমচি) হৈছে এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি মঞ্চ আৰু ই ২৭ ৰ পৰা ২৯ অক্টোবৰ ২০২৩ লৈ 'গ্লোবেল ডিজিটেল ইনোভেশন'ৰ বিষয়বস্তুৰে অনুষ্ঠিত হৈছে। আইএমচি ২০২৩-ৰ লক্ষ্য হৈছে মুখ্য অত্যাধুনিক প্ৰযুক্তিৰ বিকাশক, নিৰ্মাতা আৰু ৰপ্তানিকৰ্তা হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহক ১০০ খন '৫জি ইউজ কেছ লেব' প্ৰদান কৰে।‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ মন্তব্য
August 23rd, 03:30 pm
‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ৰ বিশাল আয়োজন আৰু আতিথ্যৰ বাবে মই মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ৰামাফোচাক আকৌ এবাৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ।৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 15th, 02:14 pm
১৷ মোৰ মৰমৰ পৰিয়ালৰ ১৪০ কোটি সদস্য, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহু লোকে কয় যে জনসংখ্যাৰ দৃষ্টিকোণৰ পৰা লগতে বিশ্বাসৰ দিশতো আমি এক নম্বৰ। ইমান বিশাল দেশ, ১৪০ কোটি দেশবাসী, মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ লোকসকলে আজি স্বাধীনতা উৎসৱ উদযাপন কৰিছে। ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা দেশ আৰু বিশ্বৰ কোটি কোটি জনসাধাৰণলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।India Celebrates 77th Independence Day
August 15th, 09:46 am
On the occasion of India's 77th year of Independence, PM Modi addressed the nation from the Red Fort. He highlighted India's rich historical and cultural significance and projected India's endeavour to march towards the AmritKaal. He also spoke on India's rise in world affairs and how India's economic resurgence has served as a pole of overall global stability and resilient supply chains. PM Modi elaborated on the robust reforms and initiatives that have been undertaken over the past 9 years to promote India's stature in the world.৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:00 am
বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহুতে মত প্ৰকাশ যে জনসংখ্যাৰ ক্ষেত্ৰতো আমি বিশ্বৰ ভিতৰত এক নম্বৰ। ইমান বিশাল দেশ, দেশৰ ১৪০ কোটি মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ সদস্যসকলে আজি স্বাধীনতাৰ উৎসৱ উদযাপন কৰিছে। দেশৰ কোটি কোটি জনসাধাৰণলৈ, ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা কোটি কোটি লোকলৈ দেশৰ আৰু বিশ্বৰ কোটি কোটি লোকলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
May 11th, 11:00 am
কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰী ৰাজনাথ সিংজী, ড০ জীতেন্দ্ৰ সিংজী, বিজ্ঞান আৰু প্ৰযুক্তি সম্প্ৰদায়ৰ সকলো সন্মানীয় সদস্য আৰু কাৰ্যসূচীত উপস্থিত থকা মোৰ যুৱ সহকৰ্মীসকল!