নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

September 12th, 04:54 pm

বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে

September 12th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।

জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

August 12th, 04:34 pm

৬৪খন দেশৰ তিনি শতাধিক উজ্জ্বল নক্ষত্ৰৰ সৈতে সংযোগ স্থাপন কৰাটো আনন্দৰ কথা। জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে মই আপোনালোকক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ভাৰতত পৰম্পৰাই উদ্ভাৱনক, আধ্যাত্মিকতাই বিজ্ঞান আৰু কৌতুহলে সৃষ্টিশীলতাৰ সৈতে সমাযোজন ঘটায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ পৰ্যবেক্ষণ কৰি ডাঙৰ ডাঙৰ প্ৰশ্ন কৰি আহিছে। উদাহৰণস্বৰূপে, পঞ্চম শতিকাত আৰ্যভট্টই শূন্য আৱিষ্কাৰ কৰিছিল। তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!

জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 12th, 04:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৬৪খন দেশৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীৰ সৈতে সংযোগ স্থাপন কৰি আনন্দ প্ৰকাশ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে ভাৰতলৈ তেওঁলোকক উষ্ম আদৰণি জনায়। “ভাৰতত পৰম্পৰাই উদ্ভাৱনক লগ পায়, আধ্যাত্মিকতাই বিজ্ঞানক লগ পায় আৰু কৌতুহলে সৃষ্টিশীলতাক লগ পায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ নিৰীক্ষণ কৰি আহিছে আৰু ডাঙৰ ডাঙৰ প্ৰশ্ন সুধি আহিছে”, শ্ৰী মোদীয়ে কয়। পঞ্চম শতিকাত শূন্য আৱিষ্কাৰ কৰা আৰ্যভট্টৰ উদাহৰণ দি তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। “আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!” প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিলে।