গুৱাহাটীত পৰম্পৰাগত বড়ো সাংস্কৃতিক কাৰ্যসূচী 'বাগুৰুম্বা দহৌ'ৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 17th, 06:30 pm

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য জী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, পবিত্ৰ মাৰ্ঘেৰিটা জী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী জী, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সন্মানীয় নাগৰিক আৰু অসমৰ মোৰ ভাই-ভনীসকল।

অসমৰ গুৱাহাটীত বাগুৰুম্বা দহৌ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 17th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান 'বাগুৰুম্বা দহৌ ২০২৬' অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ সংস্কৃতিৰ সাক্ষী হোৱা আৰু বড়ো জনগোষ্ঠীৰ পৰম্পৰা নিবিড়ভাৱে অনুসৰণ কৰাটো তেওঁৰ বাবে এক সৌভাগ্যৰ বিষয়। কোনো প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দৰে সঘনাই অসম ভ্ৰমণ কৰা নাই বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে অসমৰ কলা-সংস্কৃতিয়ে যাতে বৃহত্তৰ মঞ্চ লাভ কৰে আৰু দেশ তথা বিশ্বজুৰি ব্যাপক উদযাপনৰ জৰিয়তে স্বীকৃতি লাভ কৰে, তাৰ বাবে তেওঁ সদায় কামনা কৰে বুলি কয়। বৃহৎ পৰিসৰত বিহু উদযাপন, ঝুমুইৰ বিনন্দিনী অনুষ্ঠান, নতুন দিল্লীত ডেৰ বছৰৰ পূৰ্বে অনুষ্ঠিত ভব্য বড়ো মহোৎসৱ আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ এই দিশত ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত আছে বুলি কয়। অসমৰ কলা-সংস্কৃতিৰ অনন্য আনন্দ উপভোগ কৰাৰ সুযোগ তেওঁ কেতিয়াও এৰি নিদিয়ে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বড়োসকলৰ পৰিচয়ৰ এক উজ্জ্বল উদযাপন আৰু অসমৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বাগুৰুম্বা উৎসৱৰ আয়োজন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানৰ সৈতে জড়িত সকলোকে, বিশেষকৈ শিল্পীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

অসমৰ গোলাঘাটত পলিপ্ৰপাইলিন প্লাণ্টৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 14th, 03:30 pm

ভাৰত মাতা কী জয়! অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, হৰদীপ সিং পুৰী জী, অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ইয়াত অংশগ্ৰহণ কৰা মোৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গোলাঘাটত বায়'ইথানল প্ৰকল্প উদ্বোধন কৰাৰ লগতে পলিপ্ৰ'পাইলিন গোটৰ আধাৰশিলা স্থাপন কৰে

September 14th, 03:00 pm

স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু জীৱাশ্ম ইন্ধনৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গোলাঘাটৰ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ত অসম বায়’ইথানল প্ৰকল্প উদ্বোধন কৰাৰ লগতে পলিপ্ৰ’পাইলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে শাৰদীয় দুৰ্গা পূজা উপলক্ষে সকলো নাগৰিক আৰু অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। মহান আধ্যাত্মিক ব্যক্তি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বাৰ্ষিকীৰ তাৎপৰ্য স্বীকাৰ কৰি শ্ৰদ্ধাৰ গুৰুজনাৰ প্ৰতি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।