২০-২১ ডিচেম্বৰত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

December 19th, 02:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০-২১ ডিচেম্বৰত অসম ভ্ৰমণ কৰিব। ২০ ডিচেম্বৰৰ আবেলি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰী গুৱাহাটীত উপস্থিত হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শনেৰে ইয়াৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। তেওঁ লগতে ইয়াত সমবেতসকলক সম্বোধন কৰিব।