India is not just progressing, India is moving to the Next: PM Modi

March 12th, 10:47 pm

In his address at the NXT Summit, PM Modi emphasized that just as the 1930 Dandi march unified the country in the pursuit of freedom, the current Viksit Bharat mission is the collective goal of 140 crore Indians. He highlighted the positive statements made by global leaders such as Mark Carney and Emmanuel Macron about India. Remarking on the ongoing discussions surrounding LPG, the PM called upon citizens to prioritize facts over misinformation.

PM Modi addresses the NXT Summit

March 12th, 08:30 pm

In his address at the NXT Summit, PM Modi emphasized that just as the 1930 Dandi march unified the country in the pursuit of freedom, the current Viksit Bharat mission is the collective goal of 140 crore Indians. He highlighted the positive statements made by global leaders such as Mark Carney and Emmanuel Macron about India. Remarking on the ongoing discussions surrounding LPG, the PM called upon citizens to prioritize facts over misinformation.

কৰ্ণাটকৰ বেংগালুৰুত একাধিক মেট্ৰ’ প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

August 10th, 01:30 pm

কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলট ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী সিদ্দাৰমাইয়া ডাঙৰীয়া, কেন্দ্ৰত মোৰ সতীৰ্থ মনোহৰ লাল খট্টৰ ডাঙৰীয়া, এইচ.ডি. কুমাৰাস্বামী ডাঙৰীয়া, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ভি. সোমান্না ডাঙৰীয়া, সুশ্ৰী শোভা কাৰণ্ডলাজে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰ ডাঙৰীয়া, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী বি সুৰেশ ডাঙৰীয়া, বিৰোধী দলপতি আৰ অশোক ডাঙৰীয়া, সাংসদ তেজস্বী সূৰ্য্য ডাঙৰীয়া, ডাঃ মঞ্জুনাথ ডাঙৰীয়া, বিধায়ক বিজেন্দ্ৰ য়েদিয়ুৰাপ্পা ডাঙৰীয়া আৰু কৰ্ণাটকৰ মোৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ বেংগালুৰুত প্ৰায় ২২,৮০০ কোটি টকা মূল্যৰ মেট্ৰ’ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে

August 10th, 01:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত প্ৰায় ৭,১৬০ কোটি টকা মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ ইয়েল্ল’ লাইন উদ্বোধনৰ লগতে ১৫,৬১০ কোটি টকাৰো অধিক মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ পৰ্য্যায়-৩ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেখেতে বেংগালুৰুৰ কেএছআৰ ৰেলৱে ষ্টেচনত তিনিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে কৰ্ণাটকৰ ভূমিত ভৰি দিয়াৰ লগে-লগে তেখেতৰ নিজৰ-নিজৰ ভাৱ এটা অনুভৱ হৈছে। কৰ্ণাটকৰ সংস্কৃতিৰ সমৃদ্ধি, জনসাধাৰণৰ মৰম, হৃদয়ক গভীৰভাৱে স্পৰ্শ কৰা কানাড়া ভাষাৰ মধুৰতাত আলোকপাতেৰে শ্ৰী মোদীয়ে বেংগালুৰুৰ প্ৰধান দেৱতা অন্নম্মা থাইৰ শ্ৰী-চৰণত শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ ভাষণৰ আৰম্ভণি কৰে। শতিকা পূৰ্বে নদপ্ৰভূ কেম্পেগৌড়াই বেংগালুৰু চহৰৰ ভেটি স্থাপন কৰাৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেম্পেগৌড়াই পৰম্পৰাৰে বদ্ধমূল এখনি চহৰৰ কল্পনাৰ লগতে চহৰখনে যাতে প্ৰগতিৰ নতুন শিখৰতো আৰোহণ কৰে, তাত গুৰুত্ব আৰোপ কৰিছিল। “বেংগালুৰুৱে সদায় সেই মনোভাৱক জীয়াই আৰু ইয়াক সংৰক্ষণ কৰি ৰাখিছে তথা আজিও বেংগালুৰুৱে সেই সপোনকেই বাস্তৱায়িত কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

Urban areas are our growth centres, we will have to make urban bodies growth centres of economy: PM Modi in Gandhinagar

May 27th, 11:30 am

PM Modi addressed the celebrations of 20 years of Gujarat Urban Growth Story. Highlighting India’s deep-rooted cultural values, emphasizing the philosophy of Vasudhaiva Kutumbakam, the PM stated that India has upheld this tradition for centuries. He expressed happiness over Gujarat Government’s commitment to urban development and stated that India remains dedicated to the welfare of its citizens.

গুজৰাটৰ নগৰ বিকাশৰ কাহিনীৰ ২০ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 27th, 11:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত গুজৰাট নগৰীয়া বিকাশৰ ২০ বছৰ উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে তেওঁ ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নগৰ উন্নয়ন বৰ্ষ ২০২৫ৰ শুভাৰম্ভ কৰে। সমাবেশত সম্বোধন কৰি তেওঁ কয় যে যোৱা দুদিন ধৰি বদোদৰা, দাহোদ, ভুজ, আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণৰ সময়ত তেওঁ অপাৰেচন সিন্দূৰৰ সফলতাৰ অনুনাদ আৰু উৰি থকা ত্ৰিৰংগাৰ জৰিয়তে দেশপ্ৰেমৰ উচ্ছ্বাস অনুভৱ কৰি আহিছে। এয়া দৃষ্টিনন্দন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই অনুভূতি কেৱল গুজৰাটতে নহয়, বৰঞ্চ ভাৰতৰ প্ৰতিটো কোণত আৰু প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে সন্ত্ৰাসবাদৰ কণ্টক আঁতৰাবলৈ মনস্থ কৰাৰ লগতে ইয়াক সম্পূৰ্ণ দৃঢ় বিশ্বাসৰে সম্পন্ন কৰিছিল।

১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 21st, 11:30 am

অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

April 21st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।