নীতি আয়োগৰ পুনৰ গঠনৰ বাবে শুভকামনা প্ৰধানমন্ত্ৰীৰ

April 25th, 10:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিটি আয়োগৰ পুনৰ গঠনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে নীতি আয়োগে ভাৰতৰ নীতি নিৰ্ধাৰণৰ গাঁথনিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে সহযোগিতামূলক যুক্তৰাষ্ট্ৰক উৎসাহিত, গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন আৰু নাগৰিকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে। এই প্ৰতিষ্ঠানটোৱে বিভিন্ন খণ্ডত উদ্ভাৱন আৰু দীৰ্ঘম্যাদী কৌশলগত চিন্তাৰ এক গতিশীল মঞ্চ হিচাপে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ শ্ৰী অশোক কুমাৰ লাহিড়িৰ

April 25th, 10:43 pm

শ্ৰী অশোক কুমাৰ লাহিড়িয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে তেওঁক নিটি আয়োগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অৰ্থনীতি আৰু ৰাজহুৱা নীতিৰ ক্ষেত্ৰত শ্ৰী লাহিড়িৰ সমৃদ্ধ অভিজ্ঞতাই ভাৰতৰ সংস্কাৰ যাত্ৰাক যথেষ্ট শক্তিশালী কৰিব আৰু দেশখনক 'বিকশিত ভাৰত' হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।