ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

July 07th, 03:15 pm

আজি আপোনালোকৰ মাজত উপস্থিত থকাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সৌভাগ্য। ১.৪ বিলিয়ন ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে আৰু গণতন্ত্ৰৰ মাতৃৰ এগৰাকী গৌৰৱান্বিত নাগৰিক হিচাপে মই আপোনালোকক ভাৰতৰ সকলো জনসাধাৰণৰ হৈ উষ্ম শুভেচ্ছা জনাইছো।

ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

July 07th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্কাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়ে। তেওঁ হৈছে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক বাৰ্তালাপ

February 08th, 11:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাতো' ছেৰী আনৱাৰ ইব্ৰাহিমৰ পৰা পেৰদানা পুত্ৰ কমপ্লেক্সত উষ্ম আদৰণিৰ লগতে আনুষ্ঠানিকভাৱে গাৰ্ড অব্ অনাৰ লাভ কৰে। ইয়াৰ পিছতে দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ চৰকাৰী বাসগৃহ চেৰী পেৰদানাত ৰুদ্ধদ্বাৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়।

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

February 08th, 08:35 am

পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ উপলক্ষে ভাৰত-মালয়েছিয়াৰ যুটীয়া বিবৃতি

February 08th, 08:30 am

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাটো’ ছেৰী আনৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ মালয়েছিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত গভীৰ বন্ধুত্ব আৰু স্থায়ী জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ই ভাৰত-মালয়েছিয়াৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পাঠ

February 08th, 08:20 am

মোৰ বন্ধু প্ৰধানমন্ত্ৰী, আপোনাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক আৰু মোৰ প্ৰতিনিধিসকলক যিদৰে আদৰণি জনোৱা হ’ল, আৰু আপুনি মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে মালয়েছিয়াৰ জীৱনধাৰাক যিদৰে ইমান উজ্জ্বলভাৱে উপস্থাপন কৰিলে, আৰু আপুনি যিদৰে কামবোৰ ইমান ভালদৰে সংগঠিত কৰিলে, সেইবোৰ চিৰদিনৰ বাবে মনত ৰখা হ’ব, আৰু তাৰ বাবে মই মোৰ অন্তৰৰ পৰা মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বন্ধুত্ব কি, বন্ধুত্বৰ উচ্চতা আৰু গভীৰতা কি সেয়া মই সম্পূৰ্ণৰূপে অনুভৱ কৰিছোঁ আৰু তাৰ বাবে মই আপোনাৰ ওচৰত অতিশয় কৃতজ্ঞ।

২২ সংখ্যক ‘আছিয়ান-ভাৰত শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

October 25th, 09:48 am

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ২৬ অক্টোবৰত অনুষ্ঠিত ২২ সংখ্যক ‘আছিয়ান - ভাৰত শীৰ্ষ সন্মিলন’ত ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিব। আমাৰ ‘এক্ট ইষ্ট পলিচী’ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আছিয়ান-ভাৰত সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আছিয়ান নেতৃবৃন্দৰে যৌথভাৱে পৰ্যালোচনা কৰিব।

প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে আৰু আছিয়ানৰ অধ্যক্ষতাৰ বাবে তেওঁক অভিনন্দন জনায়

October 23rd, 10:55 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ সৈতে উষ্ম আৰু সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপ কৰে।

ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰোমুৱাল্ডেজ মাৰ্কছ জুনিয়ৰৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

August 05th, 03:45 pm

আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আজি আমাৰ দ্বি-পাক্ষিক সম্পৰ্কৰ বাবে এক ঐতিহাসিক দিন। আমি ভাৰত-ফিলিপাইনছৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছোঁ। ইয়াৰ ফলশ্ৰুতিত আমাৰ সম্পৰ্কই এক নতুন গতি লাভ কৰিব আৰু এই সম্পৰ্ক অধিক গভীৰ হ’ব। প্ৰতিৰক্ষা আৰু নিৰাপত্তা খণ্ডত আমাৰ সম্পৰ্ক সুদৃঢ় হ’ব। যোৱা কেইবছৰমানৰ পৰা আমাৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰতে অগ্ৰগতি হৈছে। ইয়াৰ ভিতৰত বাণিজ্য, প্ৰতিৰক্ষা, সামুদ্ৰিক, স্বাস্থ্য, নিৰাপত্তা, খাদ্য সুৰক্ষা, উন্নয়ন অংশীদাৰিত্ব আৰু জনতাৰ মাজৰ সম্পৰ্ক আদি অন্তৰ্ভুক্ত হৈছে। আজি আমি আগন্তুক পাঁচ বছৰৰ বাবে এক কাৰ্য্য পৰিকল্পনা যুগুত কৰা কাৰ্য্য পৰম সন্তোষৰ বিষয়।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

November 19th, 06:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণৰ সুযোগতে ইণ্ডোনেছিয়াৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি এইচ ই প্ৰবোও চুবিয়েণ্টোক সাক্ষাৎ কৰে। এয়া দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।

১৯ সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলন, ভিয়েনছেন, পিডিআৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য

October 11th, 08:15 am

ভাৰতে সদায় আছিয়ান ঐক্য আৰু কেন্দ্ৰিকতাৰ সমৰ্থন কৰিছে। ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী আৰু কোৱাড সহযোগৰ কেন্দ্ৰতো আছিয়ান আছে। ভাৰতৰ “Indo-Pacific Oceans’ Initiative” আৰু “আছিয়ান Outlook on Indo-Pacific”ৰ মাজত গভীৰ সমতা আছে। এখন ফ্ৰী, অ’পেন, সমাৱেশী, সমৃদ্ধ আৰু নীতি-ভিত্তিক ইণ্ডো-পেচিফিক, সমগ্ৰ ক্ষেত্ৰৰ শান্তি আৰু প্ৰগতিৰ বাবে মহত্বপূৰ্ণ।

১৯সংখ্যক পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

October 11th, 08:10 am

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী আৰু কোৱাড সহযোগিতাত ভাৰত-প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক স্থাপত্যত আছিয়ানৰ কেন্দ্ৰীয় ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ইষ্ট এছিয়া সন্মিলনত ভাৰতৰ অংশগ্ৰহণ ইয়াৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। অঞ্চলটোৰ শান্তি আৰু উন্নয়নৰ বাবে মুক্ত, মুকলি, সৰ্বাংগীন, সমৃদ্ধিশালী আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি তেওঁ ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ কথা কয়। তেওঁ দৃঢ়তাৰে কয় যে অঞ্চলটোৱে সম্প্ৰসাৰণবাদ ভিত্তিক পন্থাতকৈ উন্নয়নভিত্তিক পন্থা গ্ৰহণ কৰিব লাগে।

২১ সংখ্যক আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাঙি ধৰা ভাৰতৰ ৰাষ্ট্ৰীয় বক্তব্যৰ অসমীয়া অনুবাদ

October 10th, 08:37 pm

আপোনালোক সকলোকে মূল্যৱান চিন্তা আৰু পৰামৰ্শৰ বাবে বহুত বহুত ধন্যবাদ। ভাৰত আৰু আছিয়ানৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। মই বিশ্বাস কৰোঁ যে আমি সকলোৱে মিলি মানৱ কল্যাণ, আঞ্চলিক শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে চেষ্টা কৰি যাম।

লাও পিডিআৰত ২১সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সামৰণি ভাষণৰ অসমীয়া অনুবাদ

October 10th, 08:13 pm

আজি আমাৰ ইতিবাচক আলোচনাৰ বাবে আৰু আপোনালোকৰ সকলো মূল্যৱান অন্তৰ্দৃষ্টি আৰু পৰামৰ্শৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো।

‘আছিয়ান-ভাৰত শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

October 10th, 07:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নিউজিলেণ্ডৰ মহামহিম প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে আজি লাও পিডিআৰৰ ভিয়েনটিয়ানত অনুষ্ঠিত আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনৰ আহৰি পৰত এক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাৰ মাজত এইখন প্ৰথম বৈঠক আছিল।

প্ৰধানমন্ত্ৰীয়ে আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনৰ একাষৰীয়াকৈ জাপানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

October 10th, 07:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাওছত অনুষ্ঠিত হোৱা আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনৰ একাষৰীয়াকৈ জাপানৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ছিগেৰু ইছিবাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

ডিজিটেল ৰূপান্তৰক আগুৱাই নিয়াৰ ওপৰত আছিয়ান-ভাৰত যুটীয়া বিবৃতি

October 10th, 05:42 pm

আমি, এছ’চিয়েচন অৱ ছাউথইষ্ট এছিয়ান নেচনছ (আছিয়ান) আৰু ভাৰতৰ সদস্য ৰাষ্ট্ৰসমূহে ২০২৪ চনৰ ১০ অক্টোবৰত লাও পিডিআৰৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত ২১সংখ্যক আছিয়ান-ভাৰত সন্মিলন উপলক্ষে;

লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ

October 10th, 02:35 pm

এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।

লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ

October 10th, 02:30 pm

এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।

লাও পিপলছ ডেমক্ৰেটিক ৰিপাব্লিকৰ ভিয়েনটিয়ান ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

October 10th, 07:00 am

২১ সংখ্যক আছিয়ান-ভাৰত আৰু ১৯ সংখ্যক পূব এছিয়া সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে লাওচৰ প্ৰধানমন্ত্ৰী শ্ৰী সোনেক্সাই চিফাণ্ডোনৰ আমন্ত্ৰণ মৰ্মে আজি মই ভিয়েনটিয়ানলৈ দুদিনীয়া ভ্ৰমণ আৰম্ভ কৰিছো।