২২ সংখ্যক ‘আছিয়ান-ভাৰত শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

October 25th, 09:48 am

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ২৬ অক্টোবৰত অনুষ্ঠিত ২২ সংখ্যক ‘আছিয়ান - ভাৰত শীৰ্ষ সন্মিলন’ত ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিব। আমাৰ ‘এক্ট ইষ্ট পলিচী’ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আছিয়ান-ভাৰত সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আছিয়ান নেতৃবৃন্দৰে যৌথভাৱে পৰ্যালোচনা কৰিব।