২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ

October 26th, 02:20 pm

আছিয়ানৰ সফল অধ্যক্ষতাৰ বাবে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক মই আন্তৰিক অভিনন্দন জনাইছো। ভাৰতৰ দেশ সমন্বয়ক হিচাপে দক্ষতাৰে কাম কৰাৰ বাবে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মাৰ্কছক ধন্যবাদ জনাইছো। লগতে মই টিমৰ-লেষ্টেক আছিয়ানৰ নতুন সদস্য হিচাপে আদৰণি জনাইছো।

কুৱালালামপুৰত অনুষ্ঠিত ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

October 26th, 02:06 pm

২০২৫ চনৰ ২৬ অক্টোবৰত অনুষ্ঠিত হোৱা ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী আৰু আছিয়ান নেতাসকলে যৌথভাৱে আছিয়ান-ভাৰত সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে আৰু সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। ভাৰত-আছিয়ান সন্মিলনত এয়া আছিল প্ৰধানমন্ত্ৰীৰ দ্বাদশ অংশগ্ৰহণ ।

২২ সংখ্যক ‘আছিয়ান-ভাৰত শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

October 25th, 09:48 am

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ২৬ অক্টোবৰত অনুষ্ঠিত ২২ সংখ্যক ‘আছিয়ান - ভাৰত শীৰ্ষ সন্মিলন’ত ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিব। আমাৰ ‘এক্ট ইষ্ট পলিচী’ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আছিয়ান-ভাৰত সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আছিয়ান নেতৃবৃন্দৰে যৌথভাৱে পৰ্যালোচনা কৰিব।

ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

August 29th, 11:20 am

অৱশ্যে, এনেকুৱা বহু লোক আছে যাৰ সৈতে মোৰ ব্যক্তিগত পৰিচয় আছে। আনকি মই গুজৰাটত থকা কালত আৰু মই গুজৰাটৰ পৰা দিল্লীলৈ অহাৰ সময়তো। আপোনালোকৰ মাজৰ বহুতৰে সৈতে মোৰ ঘনিষ্ঠ পৰিচয় আছে। মই আনন্দিত যে আজি আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাইছো।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে

August 29th, 11:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বিগেৰু ইছিবাই ২৯ আগষ্টত টকিঅ’ত কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী আৰু কেইডানৰেনে [জাপান বিজনেছ ফেডাৰেচন]-ৰ উদ্যোগত আয়োজিত ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে। ইয়াত ভাৰত-জাপান বিজনেছ লিডাৰ্ছ ফৰামৰ চিইঅ’সকলকে প্ৰমুখ্য কৰি ভাৰত আৰু জাপানৰ উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলে ভাগ লয়।

ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 23rd, 11:00 am

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে

May 23rd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক ​​প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।

ভাৰত-থাইলেণ্ড ৰণনীতিগত বন্ধুত্ব প্ৰতিষ্ঠা সন্দৰ্ভত সংযুক্ত ঘোষণা

April 04th, 07:29 pm

ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০৩-০৪ এপ্ৰিলত থাইলেণ্ডৰ আনুষ্ঠানিক ভ্ৰমণ কৰে আৰু থাইলেণ্ড সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী পেটোংটাৰ্ণ শ্বিনাৱাত্ৰাৰ আমন্ত্ৰণত বেংককত অনুষ্ঠিত হোৱা ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। বেংককৰ চৰকাৰী ভৱনত প্ৰধানমন্ত্ৰী শ্বিনাৱাত্ৰাই প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

April 03rd, 03:01 pm

২৮ মাৰ্চত অহা ভূমিকম্পত হোৱা প্ৰাণহানিৰ বাবে মই ভাৰতবাসীৰ হৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ। আৰু, আমি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

November 19th, 06:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণৰ সুযোগতে ইণ্ডোনেছিয়াৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি এইচ ই প্ৰবোও চুবিয়েণ্টোক সাক্ষাৎ কৰে। এয়া দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।

এনডিটিভি ৱৰ্ল্ড ছামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

October 21st, 10:25 am

এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে

October 21st, 10:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কয় যে এই সন্মিলনত একাধিক বিষয়ত আলোচনা হ’ব। তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।

১৯ সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলন, ভিয়েনছেন, পিডিআৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য

October 11th, 08:15 am

ভাৰতে সদায় আছিয়ান ঐক্য আৰু কেন্দ্ৰিকতাৰ সমৰ্থন কৰিছে। ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী আৰু কোৱাড সহযোগৰ কেন্দ্ৰতো আছিয়ান আছে। ভাৰতৰ “Indo-Pacific Oceans’ Initiative” আৰু “আছিয়ান Outlook on Indo-Pacific”ৰ মাজত গভীৰ সমতা আছে। এখন ফ্ৰী, অ’পেন, সমাৱেশী, সমৃদ্ধ আৰু নীতি-ভিত্তিক ইণ্ডো-পেচিফিক, সমগ্ৰ ক্ষেত্ৰৰ শান্তি আৰু প্ৰগতিৰ বাবে মহত্বপূৰ্ণ।

১৯সংখ্যক পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

October 11th, 08:10 am

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী আৰু কোৱাড সহযোগিতাত ভাৰত-প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক স্থাপত্যত আছিয়ানৰ কেন্দ্ৰীয় ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ইষ্ট এছিয়া সন্মিলনত ভাৰতৰ অংশগ্ৰহণ ইয়াৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। অঞ্চলটোৰ শান্তি আৰু উন্নয়নৰ বাবে মুক্ত, মুকলি, সৰ্বাংগীন, সমৃদ্ধিশালী আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি তেওঁ ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ কথা কয়। তেওঁ দৃঢ়তাৰে কয় যে অঞ্চলটোৱে সম্প্ৰসাৰণবাদ ভিত্তিক পন্থাতকৈ উন্নয়নভিত্তিক পন্থা গ্ৰহণ কৰিব লাগে।

২১ সংখ্যক আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাঙি ধৰা ভাৰতৰ ৰাষ্ট্ৰীয় বক্তব্যৰ অসমীয়া অনুবাদ

October 10th, 08:37 pm

আপোনালোক সকলোকে মূল্যৱান চিন্তা আৰু পৰামৰ্শৰ বাবে বহুত বহুত ধন্যবাদ। ভাৰত আৰু আছিয়ানৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। মই বিশ্বাস কৰোঁ যে আমি সকলোৱে মিলি মানৱ কল্যাণ, আঞ্চলিক শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে চেষ্টা কৰি যাম।

লাও পিডিআৰত ২১সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সামৰণি ভাষণৰ অসমীয়া অনুবাদ

October 10th, 08:13 pm

আজি আমাৰ ইতিবাচক আলোচনাৰ বাবে আৰু আপোনালোকৰ সকলো মূল্যৱান অন্তৰ্দৃষ্টি আৰু পৰামৰ্শৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো।

ডিজিটেল ৰূপান্তৰক আগুৱাই নিয়াৰ ওপৰত আছিয়ান-ভাৰত যুটীয়া বিবৃতি

October 10th, 05:42 pm

আমি, এছ’চিয়েচন অৱ ছাউথইষ্ট এছিয়ান নেচনছ (আছিয়ান) আৰু ভাৰতৰ সদস্য ৰাষ্ট্ৰসমূহে ২০২৪ চনৰ ১০ অক্টোবৰত লাও পিডিআৰৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত ২১সংখ্যক আছিয়ান-ভাৰত সন্মিলন উপলক্ষে;

লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ

October 10th, 02:35 pm

এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।

লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ

October 10th, 02:30 pm

এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।

ফেক্ট শ্বীট: ২০২৪ কোৱাড নেতাসকলৰ শীৰ্ষ সন্মিলন

September 22nd, 12:06 pm

২০২৪ চনৰ ২১ ছেপ্টেম্বৰত চতুৰ্থ কোৱাড লিডাৰ্ছ ছামিটৰ বাবে ডেলাৱেৰৰ উইলমিংটনত ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ, জাপানৰ প্ৰধানমন্ত্ৰী কিছিদা ফুমিঅ’ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আতিথ্য প্ৰদান কৰে।