অৰুণাচল প্ৰদেশৰ অঞ্জৱ জিলাত ১২০০ মেগাৱাট কালাই-২ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ১৪১০৫.৮৩ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

April 08th, 04:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অৰুণাচল প্ৰদেশৰ অঞ্জৱ জিলাৰ লোহিত নদীত কালাই-২ জলবিদ্যুৎ প্ৰকল্প (এইচইপি) নিৰ্মাণৰ বাবে ১৪,১০৫.৮৩ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আনুমানিক সময়সীমা হৈছে ৭৮ মাহ।

Cabinet approves construction of 1720 MW Kamala Hydro Electric Project in Arunachal Pradesh

April 08th, 04:26 pm

The Cabinet Committee on Economic Affairs, chaired by PM Modi has approved investment of Rs.26,069.50 crore for construction of Kamala Hydro Electric Project (HEP) in Kamle, Kra Daadi & Kurung Kumey Districts of Arunachal Pradesh. The project will significantly improve infrastructure in the state and provide essential facilities, benefiting local communities.

মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

March 29th, 11:30 am

চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

February 20th, 09:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰথম ভোটৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া-লৈ মন কী বাত-ত ভাৰতৰ যুৱক-যুৱতীসকলৰ ভূমিকাক উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

January 25th, 11:30 am

‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস’ত চলিত বৰ্ষৰ প্ৰথমটো ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদীয়ে ভোটদানৰ গুৰুত্ব সন্দৰ্ভত অভিমত ব্যক্ত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত সকলোৰে শলাগ লয়। তেওঁ ষ্টাৰ্টআপ, পানী সংৰক্ষণ, গুণগত মান, সংস্কৃতি আৰু উৎসৱ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে মূল বিষয়বস্তুসমূহো স্পৰ্শ কৰে। অহা মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ইণ্ডিয়া এআই ইমপেক্ট ছামিট-ৰ প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে, য’ত সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব।

Kaziranga is the soul of Assam and a priceless jewel of India’s biodiversity: PM Modi in Kaliabor

January 18th, 11:30 am

While performing the Bhoomi Poojan of the Kaziranga Elevated Corridor Project in Assam, PM Modi emphasized that Kaziranga is not just a National Park but the soul of Assam. He remarked that the corridor will improve connectivity between Upper Assam and Arunachal Pradesh, and along with new rail services, will open fresh opportunities for the people. He highlighted BJP’s recent victories in elections across the country, underscoring that voters are choosing good governance.

অসমৰ কলিয়াবৰত ৬,৯৫০ কোটি টকাৰো অধিক মূল্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমি পূজন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

January 18th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কলিয়াবৰত ৬,৯৫০ কোটি টকাৰো অধিক মূল্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট (ৰাষ্ট্ৰীয় ঘাইপথ -৭১৫ৰ কলিয়াবৰ-নুমলীগড় অংশৰ ৪-লেন)ৰ ভূমি পূজন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ইমান বৃহৎ সংখ্যক লোকে তেওঁক আশীৰ্বাদ দিবলৈ অহাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

December 11th, 06:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীন ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে।

Prime Minister interacts with traders and entrepreneurs in Itanagar

September 22nd, 03:43 pm

PM Modi had an interaction with the traders and entrepreneurs in Itanagar, Arunachal Pradesh. Stating that they expressed their appreciation for the GST reforms and the launch of the GST Bachat Utsav, the PM highlighted how these initiatives will benefit key sectors. He emphasised quality standards and encouraged buying Made in India products.

ইটানগৰত স্থানীয় ব্যৱসায়ী আৰু খুচুৰা বিক্ৰেতাক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

September 22nd, 03:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটানগৰত স্থানীয় ব্যৱসায়ী আৰু খুচুৰা বিক্ৰেতাসকলক সাক্ষাৎ কৰে। বিক্ৰেতাসকলে তেওঁক সজীৱ সামগ্ৰী প্ৰদৰ্শন কৰে। তেওঁলোকে জিএছটি সংস্কাৰক লৈ আনন্দ প্ৰকাশ কৰে। লগতে তেওঁলোকক ‘গৰ্ব ছে কহো য়ে স্বদেশী হে’ৰ পোষ্টাৰ দিয়া হয়, যিসমূহ তেওঁলোকে নিজৰ বিপণীত উৎসাহেৰে প্ৰদৰ্শন কৰিব বুলি প্ৰকাশ কৰে, শ্ৰী মোদীয়ে কয়।

অৰুণাচল প্ৰদেশৰ ইটানগৰত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 22nd, 11:36 am

অৰুণাচল প্ৰদেশৰ মাননীয় ৰাজ্যপাল শ্ৰী কে. টি. পাৰ্নাইক ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় আৰু সক্ৰিয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ কিৰেণ ৰিজিজু, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, মোৰ সতীৰ্থ সাংসদ নবাম ৰেবিয়া ডাঙৰীয়া আৰু তাপিৰ গাও ডাঙৰীয়া, সকলো বিধায়ক, আন-আন জনপ্ৰতিনিধিসকল তথা অৰুণাচল প্ৰদেশৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল,

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন তথা আধাৰশিলা স্থাপন

September 22nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ সৰ্বশক্তিমান দঃঞি প’লোক শ্ৰদ্ধা জনাই সকলোৰে বাবে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।

২২ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 21st, 09:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। তেওঁ ইটানগৰত ৫১০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।

ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

September 13th, 08:57 pm

মই ভূপেন দা বুলি ক’ম! আপোনালোকে অমৰ হওঁক, অমৰ হওঁক বুলি ক’ব! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! মঞ্চত উপৱিষ্ট অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ যুৱ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভূপেন হাজৰিকা দেৱৰ ভ্ৰাতৃ সমৰ হাজৰিকা ডাঙৰীয়া, ভূপেন হাজৰিকা দেৱৰ ভগ্নী কবিতা বৰুৱা ডাঙৰীয়াণী, ভূপেন দাৰ পুত্ৰ তেজ হাজৰিকা ডাঙৰীয়া, মই তেজক ক'ম, কেম চো! মোৰ সন্মুখত উপস্থিত থকা আন-আন বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অসমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে

September 13th, 05:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি এটা উল্লেখযোগ্য দিন আৰু এই মুহূৰ্তটো সঁচাকৈয়ে অমূল্য। তেখেতে কয় যে ইয়াত প্ৰত্যক্ষ কৰা পৰিবেশন, উৎসাহ তথা পৰ্য্যবেক্ষণ কৰা সমন্বয়ৰ মনোভাৱে সঁচাকৈয়ে আৱেগিক কৰি তুলিছে। তেখেতে ভূপেন দাৰ গীতৰ ছন্দত আলোকপাত কৰে যি ছন্দ সমগ্ৰ অনুষ্ঠানটিতে অনুৰণিত হৈছে। ভূপেন হাজৰিকাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ মনত প্ৰতিধ্বনিত হোৱা হাজৰিকাৰ গীতৰ কেইটামান শব্দ উল্লেখ কৰে। তেখেতে কয় যে ভূপেনদাৰ সংগীতৰ ঢৌবোৰ সকলোতে, অন্তহীনভাৱে বৈ যোৱাটো অন্তৰেৰে কামনা কৰিছে। ইয়াত অংশগ্ৰহণ কৰা সকলো শিল্পীকে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আজিৰ পৰিবেশন কাৰ্য্যই ব্যতিক্ৰমী প্ৰস্তুতিক প্ৰতিফলিত কৰিলে বুলি উল্লেখেৰে তেখেতে কয় যে অসমৰ মনোভাৱ এনেকুৱা যে ইয়াৰ প্ৰতিটো অনুষ্ঠানেই নতুন অভিলেখ গঢ়ি তোলে। তেখেতে সকলো শিল্পীকে অভিনন্দন জনায় আৰু প্ৰশংসা কৰে।

অৰুণাচল প্ৰদেশৰ শ্বি ইয়োমি জিলাত ৭০০ মেগাৱাট ক্ষমতাৰ টাটো-২ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে বিনিয়োগ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

August 12th, 03:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অৰুণাচল প্ৰদেশৰ শ্বি ইয়োমি জিলাত টাটো-২ জলবিদ্যুৎ প্ৰকল্প (এইচইপি) নিৰ্মাণৰ বাবে ১ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আনুমানিক সময়সীমা হৈছে ৭২ মাহ।

ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 23rd, 11:00 am

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে

May 23rd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক ​​প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।

ৰাজস্থানৰ বিকানেৰত এলানি উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অনুবাদ

May 22nd, 12:00 pm

ৰাজস্থানৰ ৰাজ্যপাল হৰিভাউ বাগড়ে জী, এইখন ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ভজন লাল জী, প্ৰাক্তন মুখ্যমন্ত্ৰী ভগ্নী বসুন্ধৰা ৰাজে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ জী, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল জী, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দীয়া কুমাৰী জী, প্ৰেম চান্দ জী, ৰাজস্থান চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী মদন ৰাথোৰ জী, অন্যান্য সাংসদ-বিধায়ক, আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বিকানেৰত ২৬,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে

May 22nd, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বিকানেৰত ২৬,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসাধাৰণৰ উল্লেখযোগ্য অংশগ্ৰহণক স্বীকাৰ কৰি অনুষ্ঠানৰ বৃহৎ সমাৱেশক আদৰণি জনায়। কেইবাগৰাকীও ৰাজ্যপাল, মুখ্যমন্ত্ৰী, উপ-ৰাজ্যপাল আৰু অন্যান্য জন প্ৰতিনিধিৰ উপস্থিতিত আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ লগত জড়িত সমগ্ৰ দেশৰ সকলো সন্মানীয় গণ্যমান্য ব্যক্তি আৰু নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে।