ড্ৰাগছৰ অপব্যৱহাৰ বিৰোধী অভিযানত যুৱ সমাজৰ ব্যাপক অংশগ্ৰহণ অতিশয় উৎসাহজনকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

ড্ৰাগছৰ অপব্যৱহাৰ বিৰোধী অভিযানত যুৱ সমাজৰ ব্যাপক অংশগ্ৰহণ অতিশয় উৎসাহজনকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

July 30th, 11:30 am

‘মন কী বাত’লৈ আপোনালোক সকলোকে বহুত বহুত আদৰণি জনাইছো৷ জুলাই মাহ, অৰ্থাৎ বৰষুণ বতৰ৷ বিগত কিছুদিন ধৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে, চিন্তা আৰু উদ্বেগপূৰ্ণ হৈ আছে৷ যমুনাসহ কেইবাখনো নদীৰ বানত বহু অঞ্চলৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ পাহাৰীয়া এলেকাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ সেই সময়ছোৱাত দেশৰ পশ্চিমাঞ্চলত, কিছু দিন পূৰ্বে গুজৰাটত বিভিন্ন অঞ্চলত বিপৰ্যয় ঘূৰ্ণীবতাহ আহিছিল৷ কিন্তু বন্ধুসকল, এই দুৰ্যোগৰ মাজতো আমি সকলো দেশবাসী পুনৰ দেখুৱাই দিলো যে সামূহিক প্ৰচেষ্টাৰ শক্তি কিমান৷ স্থানীয় লোকসকলে, আমাৰ এনডিআৰএফ জোৱানসকলে, স্থানীয় প্ৰশাসনৰ লোকসকলে দিনে-ৰাতিয়ে লাগি এই দুৰ্যোগৰ মোকাবিলা কৰিলে৷ যিকোনো ধৰণৰ দুৰ্যোগ প্ৰশমনত আমাৰ সামৰ্থ্য আৰু সম্পদৰ ভূমিকা অধিক-কিন্তু ইয়াৰ সমান্তৰালভাৱে আমাৰ সংবেদনশীলতা আৰু এজনে আনজনক হাতে হাত ধৰাটো সিমানেই গুৰুত্বপূৰ্ণ৷ সৰ্বজন হিতায়ৰ এই ভাৱনা ভাৰতৰ পৰিচয়ৰ লগতে শক্তিও৷

US returns artifacts to India during PM Modi's visit

US returns artifacts to India during PM Modi's visit

June 07th, 03:30 am