‘বন্দে মাতৰম’ৰ ভাৱনা ভাৰতৰ অমৰ চেতনাৰে বিজড়িত হৈ আছে: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী

October 26th, 11:30 am

চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ অক্টোবৰত ১৫০ সংখ্যক জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছঠপূজা উৎসৱ, পৰিৱেশ সুৰক্ষা, ভাৰতীয় জাতৰ কুকুৰ, ভাৰতীয় কফি, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু সংস্কৃত ভাষাৰ গুৰুত্ব আদি আমোদজনক বিষয় সন্দৰ্ভতো আলোকপাত কৰে। ‘বন্দে মাতৰম’ গীতৰ ১৫০ সংখ্যক বৰ্ষৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে।

পৰৱৰ্তী সময়ত আপুনি কুকুৰ পোহাৰ কথা ভাবিলে, ঘৰলৈ ভাৰতীয় জাত অনাটো বিবেচনা কৰিব, মন কী বাতত প্ৰধানমন্ত্ৰীয়ে কয়

August 30th, 04:34 pm

শেহতীয়া মন কী বাতত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাৰ কুকুৰ ছফি আৰু বিদা সন্দৰ্ভত কয় যাক ছীফ অৱ আৰ্মি ষ্টাফ ‘কামাণ্ডেশ্যন কাৰ্ড’ ৰে পুৰস্কৃত কৰা হৈছে। তেওঁ কয় যে সশস্ত্ৰ আৰু নিৰাপত্তা বাহিনীৰ এনে বহু সাহসী কুকুৰ আছে যিয়ে অসংখ্য বোমা বিস্ফোৰণ আৰু সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ আগ্নেয়াস্ত্ৰ আৰু আইইডি উদ্ধাৰত সহায়ক হোৱা আন বহু উদাহৰণ প্ৰদান কৰে আৰু তদুপৰি বীড পুলিছৰ কথা উল্লেখ কৰে যিয়ে শেহতীয়াভাৱে তেওঁলোকৰ কাইনিন কলিগ ৰকিক অৰ্পণ কৰিছে, ই ৩০০ ৰোধিক কেছ সমাধান কৰাত আৰক্ষীক সহায় কৰে, সেয়ে সকলো যথাযোগ্য সন্মানেৰে অন্তিম বিদায় জনোৱা হয়।

খেল আৰম্ভ কৰো আহক: মন কী বাতত পুতলা নিৰ্মাণ খণ্ডত আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

August 30th, 11:00 am

বন্ধুসকল, এতিয়া ওনাম উৎসৱো ধুম-ধামেৰে পালন কৰা হৈছে৷ এই পৰ্ব চিনগম মাহত পালন কৰা হয়৷ এই সময়ছোৱাত মানুহে নতুন সামগ্ৰী ক্ৰয় কৰে, নিজৰ ঘৰ সজায়, পুক্কলম বনায়, ওনাম-সদিয়াৰ আনন্দ লয়, ভিন্ন-ভিন্ন ধৰণৰ খেল-ধেমালিৰ আয়োজন কৰে৷ ওনাম বিদেশতো পালন কৰা হয়৷ আমেৰিকা, ইউৰোপ আদি সকলোতে ওনামৰ আনন্দ পালন কৰা হয়৷ ওনাম এক আন্তৰ্জাতিক উৎসৱলৈ পৰিৱৰ্তিত হৈছে৷