বিটিং ৰিট্ৰিট ২০২৬ৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে
January 29th, 04:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিটিং ৰিট্ৰিট ২০২৬ৰ আভাস দাঙি ধৰে । শ্ৰী মোদীয়ে কয় যে বিভিন্ন বেণ্ডৰ পৰিবেশন স্মৰণীয় আছিল।ছবিত: নতুন দিল্লীৰ ‘কৰ্তব্য পথ’ত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন
January 26th, 08:12 am
‘কৰ্তব্য পথ’ত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ ঐক্য, সামৰ্থ্য আৰু ঐতিহ্যৰ প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই দিৱসৰ আৰম্ভণি কৰে আৰু বীৰসকলৰ প্ৰতি ৰাষ্ট্ৰৰ কৃতজ্ঞতা পুনৰ দৃঢ় কৰেসেনা দিৱসত ভাৰতীয় সেনাৰ বীৰত্বক অভিবাদন প্ৰধানমন্ত্ৰীৰ
January 15th, 11:26 am
সেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় সেনাৰ অদম্য সাহস আৰু দৃঢ় প্ৰতিশ্ৰুতিৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰে।সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষ্যে সশস্ত্ৰ বাহিনীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
December 07th, 10:58 am
প্ৰধানমন্ত্ৰীয়ে আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে সশস্ত্ৰ বাহিনীৰ বীৰ পুৰুষ-মহিলাসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।আই এন এছ বিক্ৰান্তত সশস্ত্ৰ বাহিনীৰ সৈতে দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পূৰ্ণপাঠ
October 20th, 10:30 am
আজি এটা আচৰিত দিন, এই মুহূৰ্তটো স্মৰণীয়, এই দৃশ্য আচৰিত। আজি মোৰ এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতাৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। আজি মোৰ এফালে অসীম দিগন্ত, অন্তহীন আকাশ আৰু আনফালে অসীম শক্তিক মূৰ্ত কৰি তোলা এই বিশাল আই এন এছ বিক্ৰান্ত। সাগৰৰ পানীৰ ওপৰত সূৰ্য্যৰ ৰশ্মিৰ এই জিলিকনি এক প্ৰকাৰে সাহসী সৈনিকে জ্বলোৱা দীপাৱলীৰ প্ৰতিফলন। এইবোৰ আমাৰ ঐশ্বৰিক প্ৰদীপৰ মালা। আপোনালোক সকলো নৌসেনাৰ বীৰ জোৱানৰ মাজত এই পবিত্ৰ দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ পাই মই সৌভাগ্যৱান।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উদযাপন কৰিলে আই এন এছ বিক্ৰান্তত
October 20th, 10:00 am
আজি আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানক সম্বোধন কৰে। আজি এটা উল্লেখযোগ্য দিন, এটা উল্লেখযোগ্য মুহূৰ্ত আৰু এটা উল্লেখযোগ্য পৰিঘটনা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতৃৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। তেওঁ কয় যে এটা পক্ষই অসীম দিগন্ত আৰু সীমাহীন আকাশক উপস্থাপন কৰিলেও আনটো পক্ষই অসীম শক্তিক মূৰ্ত কৰি আই এন এছ বিক্ৰান্তৰ বিশাল শক্তিক প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে সাগৰৰ ওপৰত পৰা সূৰ্যৰ পোহৰৰ জিলিকনিয়ে দীপাৱলীৰ সময়ত বীৰ সৈনিকে জ্বলোৱা দীপৰ দৰে হৈ পোহৰৰ এক ঐশ্বৰিক মালাৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ সাহসী জোৱানসকলৰ মাজত এই দীপাৱলী উদযাপন কৰিবলৈ পোৱাৰ সৌভাগ্যৰ কথাও তেওঁ প্রকাশ কৰে৷প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত আয়োজিত সংযুক্ত কমাণ্ডাৰ সন্মিলনত অংশগ্ৰহণেৰে সশস্ত্ৰ বাহিনীৰ কাৰ্য্যকৰী প্ৰস্তুতি বৃদ্ধিৰ বাবে সহযোগিতা, আত্ম-নিৰ্ভৰতা আৰু উদ্ভাৱনত গুৰুত্ব আৰোপ কৰে
September 15th, 03:34 pm
প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন উদ্বোধন কৰে। দ্বি-বাৰ্ষিক সন্মিলনখন হৈছে সশস্ত্ৰ বাহিনীৰ শীৰ্ষ-পৰ্য্যায়ৰ চিন্তা-চৰ্চাৰ এখনি মঞ্চ। ইয়াত দেশৰ শীৰ্ষ অসামৰিক আৰু সামৰিক নেতৃত্ব একত্ৰিত হৈ মত-বিনিময় আৰু ভাৰতৰ সামৰিক প্ৰস্তুতিৰ আগন্তুক অগ্ৰগতি-সাধনৰ ৰূপৰেখা অংকন কৰে। সশস্ত্ৰ বাহিনীৰ অব্যাহত আধুনিকীকৰণ আৰু ৰূপান্তৰৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘সংস্কাৰৰ বৰ্ষ – ভৱিষ্যতৰ বাবে ৰূপান্তৰ’।Prime Minister hails the efforts of forces to eliminate the menace of Maoism
May 21st, 05:31 pm
The Prime Minister Narendra Modi hailed the efforts of forces, reaffirming Government’s commitment to eliminate the menace of Maoism and ensuring a life of peace and progress for our people.আদমপুৰ বিমান ঘাটিত সাহসী বায়ু যোদ্ধা আৰু সৈনিকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
May 13th, 03:45 pm
কেইদিনমান পূৰ্বে এই শ্ল’গানৰ শক্তি বিশ্বই প্ৰত্যক্ষ কৰিছে। ভাৰত মাতা কী জয় কেৱল এক শ্ল’গানেই নহয়, বৰঞ্চ এয়া ভাৰত মাতাৰ সন্মান আৰু মৰ্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ নিজৰ প্ৰাণো বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা দেশৰ প্ৰতিগৰাকী জোৱানৰ সংকল্পও। এয়া হৈছে দেশখনৰ বাবে জীয়াই থাকিব বিচৰা, কিবা এটা সাধন কৰিব বিচৰা প্ৰতিগৰাকী নাগৰিকৰ কণ্ঠ। সকলো ক্ষেত্ৰতে ভাৰত মাতা কী জয়ৰ অনুৰণন ঘটে। ভাৰতৰ সৈন্যসকলে ভাৰত মাতা কী জয় বুলি কোৱা মাত্ৰেকে শত্ৰুৰ অন্তৰ কঁপি উঠে। আমাৰ ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰোঁতে, আমাৰ মিছাইলে লক্ষ্যত উপনীত হওঁতে শত্ৰুৱে ভাৰত মাতা কী জয় ধ্বনি শুনিবলৈ পায়! ৰাতিৰ আন্ধাৰতো যেতিয়া আমাৰ সূৰ্য্য উদয় হয়, তেতিয়া শত্ৰুৱে শুনে - ভাৰত মাতা কী জয়! আমাৰ বাহিনীসমূহে পাৰমাণৱিক ভাবুকিক বিফল কৰোঁতে আকাশৰ পৰা পাতাললৈ মাথোঁ এটা ধ্বনিয়েই গুঞ্জৰিত হয় – সেয়া হৈছে ভাৰত মাতা কী জয়!আদমপুৰ বায়ু সেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 13th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদমপুৰস্থিত বায়ুসেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে পৰিদৰ্শন কৰি মত বিনিময় কৰে। সেনা জোৱানসকলক সম্বোধন কৰি তেওঁ ‘ভাৰত মাতা কি জয়’ শ্লোগানৰ শক্তিৰ ওপৰত আলোকপাত কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে বিশ্বই মাত্ৰ ইয়াৰ শক্তিৰ সাক্ষী হৈছে। এয়া কেৱল এটা শ্লোগান নহয় বৰঞ্চ ভাৰত মাতৃৰ মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰা প্ৰতিজন জোৱানৰ গম্ভীৰ শপত বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই শ্লোগান হৈছে দেশৰ বাবে জীয়াই থাকিব বিচৰা আৰু অৰ্থপূৰ্ণ অৱদান আগবঢ়াব বিচৰা প্ৰতিজন নাগৰিকৰ কণ্ঠ। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰ আৰু গুৰুত্বপূৰ্ণ অভিযান দুয়োটাতে প্ৰতিধ্বনিত হয়। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰত আৰু গুৰুত্বপূৰ্ণ অভিযানৰ সময়ত দুয়োটাতে প্ৰতিধ্বনিত হয়। ভাৰতীয় জোৱানে ভাৰত মাতা কি জয় শ্লোগান চিঞৰিলে শত্ৰুৰ মেৰুদণ্ডত কঁপনি উঠে বুলিও তেওঁ কয়। ভাৰতৰ সামৰিক শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে যেতিয়া ভাৰতীয় ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰে আৰু যেতিয়া ক্ষেপণাস্ত্ৰই নিখুঁত আক্ৰমণ কৰে তেতিয়া শত্ৰুৱে মাত্ৰ এটা বাক্যহে শুনে-‘ভাৰত মাতা কি জয়’। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে আন্ধাৰ ৰাতিতো আকাশ পোহৰাই তোলাৰ ক্ষমতা ভাৰতত আছে, যাৰ ফলত শত্ৰুৱে দেশৰ অদম্য মনোভাৱ উপলব্ধি কৰে। তেওঁ কয় যে যেতিয়া ভাৰতীয় সেনাই পাৰমাণৱিক ব্লেকমেইলৰ ভাবুকি নষ্ট কৰে, তেতিয়া আকাশ আৰু পৃথিৱীত মাত্ৰ এটা বাৰ্তাহে প্ৰতিধ্বনিত হয়-‘ভাৰত মাতা কি জয়’।সাহসী বায়ুযোদ্ধা আৰু জোৱানসকলক সাক্ষাৎ কৰিবলৈ এ এফ এছ আদমপুৰ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
May 13th, 01:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাৰ সাহসী বায়ুযোদ্ধা আৰু জোৱানসকলক সাক্ষাৎ কৰিবলৈ এ এফ এছ আদমপুৰ ভ্ৰমণ কৰে। শ্ৰী মোদীয়ে কয়, সাহস, সংকল্প আৰু নিৰ্ভীকতাৰ প্ৰকৃত দৃষ্টান্ত দেখুওৱাসকলৰ সৈতে থকাটো আছিল এটা অতি বিশেষ অভিজ্ঞতা।প্ৰধানমন্ত্ৰীয়ে এক উচ্চ-স্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰে
May 10th, 02:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত এক উচ্চ-স্তৰীয় বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, এনএছএ অজিত ডোভাল, চিডিএছ জেনেৰেল অনিল চৌহান, সশস্ত্ৰ বাহিনীৰ মুৰব্বী আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।প্ৰতিৰক্ষা মন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, চীফ অফ ডিফেন্স ষ্টাফ আৰু সেনা বাহিনীৰ মুৰব্বী আৰু উচ্চপদস্থ বিষয়াসকলৰে বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
May 09th, 10:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভাল, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান আৰু সেনা বাহিনীৰ মুৰব্বীসকলৰ লগতে উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এখন বৈঠকত অধ্যক্ষতা কৰে।ভাৰতে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস
January 26th, 12:30 pm
কৰ্তব্য পথত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত ভাৰতৰ ঐক্য, শক্তি আৰু ঐতিহ্য প্ৰদৰ্শন কৰা হয়। ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব'ৱ' ছুবিয়ানটোও উপস্থিত আছিল। সশস্ত্ৰ বাহিনীৰ মাৰ্চিং দলসমূহে অনুশাসন আৰু বীৰত্ব প্ৰদৰ্শন কৰাৰ বিপৰীতে সজীৱ সাংস্কৃতিক প্ৰদৰ্শনে ভাৰতৰ চহকী বৈচিত্ৰ্যক উজ্জ্বল কৰি তোলে। ভাৰতীয় বায়ুসেনাৰ শ্বাসৰুদ্ধকৰ ফ্লাইপাষ্টে দৰ্শকক মোহিত কৰি তুলিলে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা লোকসকলক শুভেচ্ছাও জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে সেনা দিৱসত ভাৰতীয় সেনাৰ অদম্য সাহসক প্ৰণাম জনায়
January 15th, 09:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সেনা দিৱসত ভাৰতীয় সেনাৰ অদম্য সাহসক প্ৰণাম জনায়। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে ভাৰতীয় সেনা দৃঢ়তা, পেছাদাৰিত্ব আৰু নিষ্ঠাৰ প্ৰতীক। শ্ৰী মোদীয়ে কয়, আমাৰ চৰকাৰ সশস্ত্ৰ বাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। যোৱা কেইবছৰমানৰ পৰা আমি বহু সংস্কাৰ সাধন কৰিছো আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।এটা পদ এটা পেঞ্চন (অ'আৰঅ'পি) আঁচনি হৈছে আমাৰ প্ৰবীণ আৰু প্ৰাক্তন সেৱা কৰ্মীসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি: প্ৰধানমন্ত্ৰী
November 07th, 09:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা পদ এটা পেঞ্চন (অ'আৰঅ'পি) আঁচনিৰ দহ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কয় যেদেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা আমাৰ প্ৰবীণ আৰু প্ৰাক্তন সেৱা কৰ্মীসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি এয়া এক শ্ৰদ্ধাঞ্জলি। তেওঁ লগতে কয় যে দীৰ্ঘদিনীয়া এই দাবীৰ মোকাবিলা কৰাৰ দিশত আৰু আমাৰ নায়কসকলৰ প্ৰতি আমাৰ দেশৰ কৃতজ্ঞতা পুনৰ নিশ্চিত কৰাৰ দিশত অ'আৰঅ'পি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। শ্ৰী মোদীয়ে আশ্বাস দিয়ে যে চৰকাৰে আমাৰ সশস্ত্ৰ বাহিনীক শক্তিশালী কৰিবলৈ আৰু আমাক সেৱা আগবঢ়োৱা সকলৰ কল্যাণৰ বাবে সদায় সকলো ধৰণৰ প্ৰচেষ্টা কৰিব।প্ৰধানমন্ত্ৰীয়ে ১২ মাৰ্চত গুজৰাট আৰু ৰাজস্থান ভ্ৰমণ কৰিব
March 10th, 05:24 pm
প্ৰধানমন্ত্ৰীয়ে ১২ মাৰ্চ, ২০২৪ত গুজৰাট আৰু ৰাজস্থান ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ৯:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদত ১,০৬,০০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰুএকাংশৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত, পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে সাবৰমতী আশ্ৰমলৈ গৈ কোচৰব আশ্ৰম উদ্বোধনৰ লগতে গান্ধী আশ্ৰম স্মাৰকৰ মাষ্টাৰ প্লেন মুকলি কৰিব। ইয়াৰ পিছত,দিনৰ প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ পোখৰানত ‘ভাৰত শক্তি’ - তিনি-সেৱাৰ ফায়াৰিং আৰুকৌশলঅনুশীলনৰ কাৰ্য্যসূচীত অংশগ্ৰহণেৰে থলুৱা প্ৰতিৰক্ষা ক্ষমতাৰ সমন্বিত প্ৰদৰ্শন প্ৰত্যক্ষ কৰিব।Glimpses from 75th Republic Day celebrations at Kartavya Path, New Delhi
January 26th, 01:08 pm
India marked the 75th Republic Day with great fervour and enthusiasm. The country's perse culture, prowess of the Armed Forces were displayed at Kartavya Path in New Delhi. President Droupadi Murmu, Prime Minister Narendra Modi, President Emmanuel Macron of France, who was this year's chief guest, graced the occasion.India has gained new strategic strength; Borders more secure than ever: PM Modi
August 15th, 02:46 pm
Armed Forces are being modernised, making them young & battle ready to deal with future challenges our top priority, said PM Modi highlighting that India has gained a new strategic strength in recent years and today our borders are more secure than ever.IFS Officer Trainees of 2022 Batch call on PM
July 25th, 07:56 pm
The Officer Trainees of the 2022 Batch of Indian Foreign Service (IFS) called on PM Modi. PM Modi spoke about the focus of the government towards attaining saturation of welfare schemes and how it has resulted in reaching out to every needy person without any discrimination. He exhorted the Officer Trainees to study the implementation and success of the Aspirational District Programme as this understanding can be of help in assisting the countries of the Global South in their developmental trajectory.