সোমনাথ মন্দিৰ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে

May 11th, 12:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথ মন্দিৰ দৰ্শন কৰি পুনৰ নিৰ্মাণ কৰা মন্দিৰটোৱে ভক্তৰ বাবে দুৱাৰ মুকলি কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত নিজকে ধন্য অনুভৱ কৰা বুলি প্ৰকাশ কৰে। পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ ৭৫ বছৰীয়া জয়ন্তীত সোমনাথৰ পবিত্ৰ মন্দিৰত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা ঐশ্বৰিক অভিজ্ঞতাৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে মন্দিৰৰ পথত ভগৱান সোমনাথৰ ভক্তসকলৰ অপৰিসীম উদ্যম আৰু উৎসাহ দেখি তেওঁ আপ্লুত আৰু আৱেগিক হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদ জীয়ে পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ সময়ত নিশ্চয় যি অনুভৱ কৰিছিল, সেই মুহূৰ্তটোৱেই তেওঁ আজি পুনৰ সজীৱ হৈ পৰিছে। তেওঁ লগতে কয় যে সোমনাথ অম্ৰুত মহোৎসৱৰ ভক্তিমূলক পৰিৱেশে চৌদিশে এক শক্তিৰ সঞ্চাৰ কৰিছে।