গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ দীৰ্ঘতম অবিৰতভাৱে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীলৈ বিশ্বৰ নেতাসকলৰ অভিনন্দন বাৰ্তা
June 10th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দীৰ্ঘতম নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে বিশ্বৰ বহু ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলৰ পৰা অভিনন্দন বাৰ্তা লাভ কৰে।মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
March 19th, 04:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ সৈতে শুভেচ্ছা বিনিময় কৰিবলৈ আৰু পশ্চিম এছিয়াৰ আঞ্চলিক উদ্বেগসমূহ সমাধান কৰাৰ উদ্দেশ্যে বাৰ্তালাপত মিলিত হয়।মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক বাৰ্তালাপ
February 08th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাতো' ছেৰী আনৱাৰ ইব্ৰাহিমৰ পৰা পেৰদানা পুত্ৰ কমপ্লেক্সত উষ্ম আদৰণিৰ লগতে আনুষ্ঠানিকভাৱে গাৰ্ড অব্ অনাৰ লাভ কৰে। ইয়াৰ পিছতে দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ চৰকাৰী বাসগৃহ চেৰী পেৰদানাত ৰুদ্ধদ্বাৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়।ফলাফলৰ তালিকা : প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ
February 08th, 11:05 am
ভাৰত গণৰাজ্য চৰকাৰ আৰু মালয়েছিয়া চৰকাৰৰ মাজত দৃশ্য-শ্ৰব্য সহ-উৎপাদন চুক্তিমালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
February 08th, 08:35 am
পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ উপলক্ষে ভাৰত-মালয়েছিয়াৰ যুটীয়া বিবৃতি
February 08th, 08:30 am
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাটো’ ছেৰী আনৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ মালয়েছিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত গভীৰ বন্ধুত্ব আৰু স্থায়ী জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ই ভাৰত-মালয়েছিয়াৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পাঠ
February 08th, 08:20 am
মোৰ বন্ধু প্ৰধানমন্ত্ৰী, আপোনাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক আৰু মোৰ প্ৰতিনিধিসকলক যিদৰে আদৰণি জনোৱা হ’ল, আৰু আপুনি মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে মালয়েছিয়াৰ জীৱনধাৰাক যিদৰে ইমান উজ্জ্বলভাৱে উপস্থাপন কৰিলে, আৰু আপুনি যিদৰে কামবোৰ ইমান ভালদৰে সংগঠিত কৰিলে, সেইবোৰ চিৰদিনৰ বাবে মনত ৰখা হ’ব, আৰু তাৰ বাবে মই মোৰ অন্তৰৰ পৰা মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বন্ধুত্ব কি, বন্ধুত্বৰ উচ্চতা আৰু গভীৰতা কি সেয়া মই সম্পূৰ্ণৰূপে অনুভৱ কৰিছোঁ আৰু তাৰ বাবে মই আপোনাৰ ওচৰত অতিশয় কৃতজ্ঞ।প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে
February 07th, 03:59 pm
সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
February 07th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।কুৱালালামপুৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়
February 07th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাতো’ ছেৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণমৰ্মে ২০২৬-ৰ ৭-৮ ফেব্ৰুৱাৰীত মালয়েছিয়া ভ্ৰমণ কৰিছে। ২০১৫-ৰ পৰা প্ৰধানমন্ত্ৰীৰ এয়া তৃতীয় মালয়েছিয়া ভ্ৰমণ।প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণৰ পূৰ্বে প্ৰস্থান বিবৃতি
February 07th, 08:45 am
মই আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আৰু মোৰ বন্ধু আনোৱাৰা ইব্ৰাহিমৰ আমন্ত্ৰণমৰ্মে দেশখনলৈ চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছো।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়াৰ কুৱালালামপুৰলৈ আনুষ্ঠানিক ভ্ৰমণ
February 04th, 04:17 pm
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ৭–৮ ফেব্ৰুৱাৰী, ২০২৬লৈ মালয়েছিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু দ্বিপাক্ষিক সহযোগিতাৰ সমগ্ৰ পৰিসৰ পৰ্যালোচনা কৰিব। ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ লগতে উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিনিধিৰ সৈতেও তেওঁ মত বিনিময় কৰিব আৰু ১০ম ভাৰত–মালয়েছিয়া চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰিব।২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ
October 26th, 02:20 pm
আছিয়ানৰ সফল অধ্যক্ষতাৰ বাবে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক মই আন্তৰিক অভিনন্দন জনাইছো। ভাৰতৰ দেশ সমন্বয়ক হিচাপে দক্ষতাৰে কাম কৰাৰ বাবে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মাৰ্কছক ধন্যবাদ জনাইছো। লগতে মই টিমৰ-লেষ্টেক আছিয়ানৰ নতুন সদস্য হিচাপে আদৰণি জনাইছো।কুৱালালামপুৰত অনুষ্ঠিত ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
October 26th, 02:06 pm
২০২৫ চনৰ ২৬ অক্টোবৰত অনুষ্ঠিত হোৱা ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী আৰু আছিয়ান নেতাসকলে যৌথভাৱে আছিয়ান-ভাৰত সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে আৰু সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। ভাৰত-আছিয়ান সন্মিলনত এয়া আছিল প্ৰধানমন্ত্ৰীৰ দ্বাদশ অংশগ্ৰহণ ।প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে আৰু আছিয়ানৰ অধ্যক্ষতাৰ বাবে তেওঁক অভিনন্দন জনায়
October 23rd, 10:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ সৈতে উষ্ম আৰু সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপ কৰে।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনৰ মাজতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 07th, 05:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনৰ মাজতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় আনৱাৰ বিন ইব্ৰাহিমক সাক্ষাৎ কৰে।