ভাৰতত সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে বিশ্বৰ নেতাসকলে

June 09th, 07:32 pm

ভাৰতত সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ কাইলৈ অভিলেখ গঢ়িবলগীয়া প্ৰধানমন্ত্ৰী মোদীক বিশ্বৰ নেতাসকলে আগতীয়াকৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তনশীল শাসন ব্যৱস্থা, গ্ল’বেল চাউথৰ বাবে তেওঁৰ পোষকতা আৰু তেওঁৰ সৰ্বাংগীন তথা অৰ্থনৈতিকভাৱে গতিশীল ভাৰতৰ দৃষ্টিভংগীক সমগ্ৰ বিশ্বৰ বিশ্বৰ নেতাসকলে স্বীকৃতি দিয়ে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ পৰা ফোন কল লাভ কৰে

March 24th, 09:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম অনুৰা কুমাৰ দিছানায়কৰ পৰা এটা ফোনকল লাভ কৰে। বিশ্ব শক্তি সুৰক্ষাত প্ৰভাৱ পেলোৱা ব্যাঘাতৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ বিৱৰ্তনশীল পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই সমগ্ৰ বিশ্বৰ স্বাৰ্থত জাহাজৰ বাবে পথ মুকলি আৰু সুৰক্ষিত ৰখাৰ গুৰুত্বৰ কথা পুনৰবাৰ উল্লেখ কৰে।

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে

October 17th, 04:26 pm

গণতান্ত্ৰিক সমাজবাদী গণৰাজ্য শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহামহিম ডঃ হৰিণী অমৰসূৰ্য্যই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

April 03rd, 06:00 am

বিগত দশকত বিমষ্টেকে বংগোপসাগৰ অঞ্চলত আঞ্চলিক উন্নয়ন, সংযোগ আৰু অৰ্থনৈতিক প্ৰগতিৰ প্ৰসাৰৰ বাবে এখন উল্লেখযোগ্য মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। ভৌগোলিক অৱস্থানৰ বাবে ভাৰতৰ উত্তৰ-পূব অঞ্চল বিমষ্টেকৰ কেন্দ্ৰবিন্দুত অৱস্থিত। বিমষ্টেক দেশসমূহৰ নেতাসকলক সাক্ষাৎ কৰি আমাৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে অৰ্থপূৰ্ণভাৱে জড়িত হ’বলৈ মই আগ্ৰহী।

০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ

April 02nd, 02:00 pm

বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।